GAJARI DOT COM ADDA |
পল্লৱী গোস্বামী: -
তেতিয়া চাগে ক্লাছ ৩ মানত পঢ়ি আছিলো। নতুনকৈ চাইকেল চলাব শিকিছো। সমান জেগা বা ৰাস্তাত চলাব জনা হৈছো। এদিন বৰদেউতাৰ ঘৰলৈ গৈছিলোঁ। বৰদেউতাহঁতৰ ঘৰ পাহাৰীয়া অঞ্চলত। ঠাইবোৰ ওখ-চাপৰ। বৰদেউতাৰ পদুলিৰ পৰা চোতালখন ওখ। আৰু সন্মুখৰ মানুহ ঘৰ ৰাস্তাৰ পৰা তলত। আবেলি সময়। আমিবোৰে চাইকেল চলাই আছোঁ। এবাৰ মই ওখ চোতালখনৰ পৰা চাইকেল চলাই পদুলিৰে ৰাস্তালৈ নামি আহিলোঁ ব্ৰেক নধৰাকৈ (ওখৰ পৰা চাপৰলৈ চাইকেল নমাই আনিবলৈ যে অলপকৈ ব্ৰেকডাল ধৰিব লাগে, তেতিয়ালৈ মই শিকাই নাছিলোঁ)। ফুল ফ'ৰ্চত আহি চাইকেলেৰে সৈতে, সন্মুখৰ মানুহঘৰৰ জেওৰাৰত মই ঢাপলাংকৈ খুন্দা মাৰিলোঁ। কোনোমতে উঠি দেখিলো চাইকেলৰ আগফালটো বেঁকা আৰু মোৰ আঁঠুৰ পৰা ধাৰাষাৰে তেজৰ নৈ বব ধৰিছে। সেইখিনি সময়ত ওচৰত কোনো নাছিল। চাইকেলখন কোনোমতে ঠেলি আনি গোহালিত আঁউজাই থৈ কুঁৱাৰ পাৰত তেজ ধুই থাকোঁতে হে মায়ে গম পাই গালিবৰ্ষণ আৰম্ভ কৰি দিছিল। আঁঠুত দাগটো এতিয়াও আছে।
মৰমী দেৱী বৰা: -
ৰঙালী বিহু আহিলেই তাহানি সৰুকালৰ ঘটনা এটা মনত পৰে। মোৰ বয়স ৮-৯ বছৰ মান হ'ব তেতিয়া। পিতাৰ চাকৰিসুত্ৰে আমাৰ পৰিয়ালটো গুৱাহাটীত আছিলো। বাকী খুৰাহতো বেলেগ বেলেগ ঠাইত আছিল নিজৰ কৰ্মস্থলীত। কিন্তু পূজা আৰু বিহুত সকলোবোৰ গাওঁৰ ঘৰখনত লগ হোৱাটো নিয়ম তথা বাধ্যতামূলক আছিল। সকলো এনেকৈ লগ হৈ উৎসৱ পাৰ্বণবোৰ পালন কৰিছিল।
বাৰু এতিয়া আচল কথালে আহো, সেইবাৰ মাঘবিহুত মোৰ তিনি নম্বৰ খুৰা জনৰ বিয়া হৈ গৈছিল। আৰু তাৰপছতে বহাগ বিহুত আমি সকলোবোৰ গাৱঁত লগ হলো। গাওঁৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ এটা বিহু দল আছিল। মই যোৱা বুলি গম পাই সিহতে মোকো সিহতৰ লগত নাচিবলে মাতিলে। মই তো এখোপ চৰা, কয় যে এনেই বুঢ়ি নাচনী তাতে আকৌ নাতিনিয়েকৰ বিয়া। মোৰো সেইয়াই হ'ল, ককাই বৰ ভাল নাপায় বুলি জানিও লাগি গ'লো বিহুৰ আখৰাত। উদ্দেশ্য ঘৰে ঘৰে বিহু নাছিম, পইচা দিব আৰু আমি খানা খাম। ঢোল হ’ল এটা। তাল এজোৰ। এটাই আকৌ তামোলৰ ঢকুৱাৰে বনোৱা ঢোল এটাও যোগাৰ কৰি আনিলত যেনিবা ঢোল দুটা হ’ল।
আখৰা কৰালে ঠিকেই আছিল, খেলিবলৈ বুলি গৈ আখৰা কৰিছিলো, পিছে বিহু নাচিবৰ দিনা হে পুৱাৰ পৰা মোৰ চিন্তা হ'ল। ককাই বেয়া পায় বুলি মায়ে যে মোক চাদৰ মেখেলা এজোৰ নাচিবলে দিব মই আশা নকৰিলো।(কিন্তু সেইয়া মোৰ ভুল আছিল, পৰৱৰ্তী জীৱনত মা ৰ বাবেহে মই বিভিন্ন নাচ শিকিব পাৰিছিলো) । গতিকে কি কৰা যায় ভাবিব ধৰিলো, হঠাৎ মোৰ মগজত আইডিয়া আহি গ'ল- ঘৰৰ সকলো দুপৰীয়া ভাত খাই শোৱে। মই সেইটো ছেগতে মা, আইতা আৰু খুৰীহতৰ কাপোৰ বোৰৰ মাজত প্ৰতিযোগিতা পাতিলো মনতে কাপোৰবোৰ চাই চাই। আৰু অৱশেষত নতুন খুৰীৰ বিয়াৰ কাপোৰ সাজ মই নিজে পতা প্ৰতিযোগিতাত জয়ী হ'ল। বাকিবোৰতকৈ ধুনীয়া কাঢ়া ইস্ত্ৰী কৰি থোৱা, বাঃ বঢ়িয়া। মই নিজেই যেনেকৈ পাৰো তেনেকৈ পিন্ধি বিহু নচিব ওলাই গ'লো। আমাৰ দলটোও সাজু সকলো।
নাচিলো বিহু কেইঘৰমানত,কি যে ফুৰ্তি আমাৰ। ফুৰ্তিতে পাহৰি গ'লো যে "নতুন কইনাৰ বিয়াৰ কাপোৰ হেৰাল" বুলি ঘৰত যে হুলস্থুল হ'ব পাৰে। বুজি পোৱাও নাছিলো, বিয়াৰ কাপোৰ কি। গধুলী ঘৰ পোৱাৰ পাছত হে মায়ে এচাৰি এডালেৰে অলপ বুজালে যদিও খুৰীয়ে বেছিকৈ বুজাব নিদিলে যেনিবা।
Join Us