Gajari Blog is a collection of the best Indian New Jokes from Facebook, Google and others. Edited, maintained and updated by Santanu Changmai. Spread the laughter! Keep smiling.
July 23, 2019
April 12, 2018
Jorhat Meet, 2018, April 8
GAJARI Dot Com Jorhat Meet, 8th April 2018 |
Munmi Hazarikaৰ অনুভৱ: -
একান্তই ব্যক্তিগত অনুভৱঃ যোৰহাট গাজাৰী মিট।
ফেব্ৰুৱাৰীতেই বিদ্যুৎ ফুকনে ঘোষনা কৰিছিল এক এপ্ৰিলত যোৰহাট মিট হ'ব বুলি। তাৰপাছত সকলোৰে সা সুবিধা মিলাই মিটৰ তাৰিখ স্থিৰ কৰা হ'ল ৮ এপ্ৰিল। হোৱাটচ এপ গ্ৰুপটোত যোৱা দুটা মাহে বহু আলোচনা,উপদেশ, সিদ্ধান্ত। শেষত নিৰ্দিষ্ট ,বহু আকাংক্ষাৰ,অপেক্ষাৰ সেই বিশেষ দিনটো।
আপোনালোকক কি দিব পাৰিলোঁ,কি নোৱাৰিলো নাজানো কিন্তু যত্নৰ ক্ৰুটি কৰা নাছিলো। দুটামান কথাত আমিবোৰে গুৰুত্ব দিছিলোঁ। দুটামান কথাই অন্যৰ লগতে মোৰো হৃদয় চুইছিল।
এয়া আত্মপ্ৰচাৰ বা আত্মগৌৰৱ নহয়। এয়া এক আত্ম সন্তুষ্টি।
১। যোৰহাটৰ অন্যতম সক্ৰিয় সদস্য সুৰেশ বৰাৰ অনন্য ,একক সৃষ্টিশীল মনটোক হাজাৰবাৰ লাল চালাম। গাজাৰীৰ পতাকা খন ৰ প্ৰয়োজনীতাক উপলব্ধি কৰি ,সকলোকে চাৰপ্ৰাইজ দি ,সকলোৰে আগত,সকলোকে লগত লৈ উত্তোলন কৰি এক অভিনৱ চমক দিলে।
২। অতিথি সকলক সম্বৰ্দ্ধনা জনোৱা গামোচা কেইখনত গাজাৰীৰ ল'গ' খোদিত কৰোৱা। এয়া অতিথি সকলৰ কাৰণেও স্মৰণীয় হৈ ৰ'ব।
৩। মিটৰ মাজৰ কাৰ্যসূচী সমুহত অসমীয়া কৃষ্টি সংস্কৃতি প্ৰতিফলিত হোৱাতো ত গুৰুত্ব দিয়া হৈছিল। বৰগীত, সত্ৰীয়া নৃত্য, জ্যোতিসংগীতৰ ভায়োলিন বাদন ক বাচনি কৰা হৈছিল। হেম বৰুৱা দেৱৰ মমতাৰ চিঠি"য়েও সভাৰ মান ৰাখিছিল।
সমবেত সংগীততো গাজাৰীৰ আদৰ্শ প্ৰতিফলিত হৈছিল।
"আমাক এখন সমাজ লাগে সাম্য মৈত্ৰী একতাৰ,"
৪। শৃংখলাবদ্ধতাৰ অন্যতম নিদৰ্শন আছিল এই যোৰহাট মিট। সকলো গাজাৰীয়ানে এই নিয়ম মানি চলিছিল। কিয়নো মঞ্চত অতিথি লৈ কোনেও শৃংখল নাভাঙে। গাজাৰীয়ানৰ অন্তৰংগ আলাপত অতিথি সকলো মঞ্চৰ পৰা নামি আহি গাজাৰীয়ানৰ লগত একাকাৰ হৈ পৰিছিল। সেয়া আছিল আমাৰ নিজৰ ক্ষণ।
৫।গাজাৰী মিট চলি থকাৰ মাজতে জয়া ভৱনৰ সন্মুখত এটা এক্সিডেণ্ট হৈছিল। আঘাতপ্ৰাপ্ত অচিনাকী যুৱক জনক সহায় কৰিবলৈ কোনো আগবাঢ়ি অহা নাছিল। সুদূৰ ৰাজগড়ৰ পৰা অহা ৰিয়ানে নিজে ভাড়া কৰি অহা গাড়ীখনেৰে আঘাতপ্ৰাপ্ত অচিনাকী যুৱক জনক যোৰহাট মেডিকেল কলেজত থৈ আহিছিলগৈ। এয়াই আমাৰ গাজাৰীয়ান। মানৱতাবোধেৰে মহীয়ান।
৬।সদৌশেষৰ ভাল লগা কথাটো হ'ল খানা। ৰাইজে তৃপ্তিৰে খাইছিল বুলি গম পাইছিলো। আমাৰ যথেষ্ট খাদ্য থাকি গৈছিল। ইমান সুন্দৰ আৰু সুমিষ্ট খাদ্যখিনি নষ্ট হ'ব বুলি বেয়া লাগিছিল। কিন্তু জয়া আৰু সুৰেশৰ প্ৰচেষ্টাত খাদ্যখিনি দ'গাওঁ ৰ অনাথ আশ্ৰমৰ শিশু সকলৰ কাৰণে পঠিয়াই দিয়া হ'ল।
তেওঁলোকেও আমাৰ লগতে তৃপ্তিৰে এসাঁজ খালে।
এয়াই আমাৰ কথা,আমাৰ চিন্তা,আমাৰ কৰ্ম। আমি গাজাৰীয়ান।
কিহৰ তাড়নাত তপন সুৰেশহঁতে বৰষুণত ৰাতি ৰাতি তিতি বুৰি কাম কৰে ,কিহৰ কাৰণে মৌচুম,ৰাজা,অনুৰাগ হঁতে পেটত ভোক লৈও গাজাৰীৰ কামত দৌৰি ফুৰে,অমৰে বাইক দৌৰাই দৌৰাই আহি দেহেকেহে খাটে। আশাই ৰাতি দুই বজালৈকে কাক খুৱাম বুলি পিঠা ভাজে।পিংকিয়ে ৰাজগড়ৰ পৰা কেকৰ টোপোলা কঢ়িয়ায়। জয়াই পদিনা নৰসিংহৰ চাটনি ঘৰতে পিচি আনে। বৰ্ষাৰ ছোৱালীয়ে হাতত বটা লৈ চফ দিয়ে।কলিজাই কিহৰ ফুৰ্তিত মৰ্টন বিলায়। প'গ',মুন,পল্লবী,মৌবা হঁতে কিয় ককাল বিষাই যোৱাকৈ কষ্ট কৰে। আৰু মই নিজেও ডাক্তৰে দিনে দুটাকৈ খাবলৈ দিয়া এণ্টিবায়োটিক সোনকালে ভাল হওক বুলি তিনিটাকৈ খাইছিলো।
মিট হৈ গ'ল। কিন্তু কবিয়ে কোৱাৰ দৰেই "ৰৈ গ'ল অৱশেষ অমিয়া জোকাৰ"।
কিবা এক দুখবোধে মনটোক আছ্ন্ন কৰি আছে।
এয়া যেন পাই হেৰুৱাৰ অচিন বেদনা।
কিন্তূ লগটোতো আমি পায়েই থাকিম নহয়জানো!!
সকলোলৈকে মৰমেৰে ...
আমাৰ ফেচবুক লিংক: https://www.facebook.com/groups/gajaridotcom/
>> অসমীয়া কৌতুক, Assamese Jokes, Gajari Dot Com >>
February 15, 2018
Subscribe to:
Posts (Atom)