Gajari: the Best of Indian Jokes: Fresh Assamese Jokes
Showing posts with label Fresh Assamese Jokes. Show all posts
Showing posts with label Fresh Assamese Jokes. Show all posts

February 18, 2023

কেনেকুৱা ৰুটি খাবা?

 নৱস্মিতা:শুনা না, ৰুটি বনাব লৈছোঁ। 


মাধুৰ্য: বনোৱা না। 


নৱস্মিতা:তুমি খাবা নে নোখোৱা?


মাধুৰ্য: খাম আক’...


নৱস্মিতা:কেনেকুৱা ৰুটি খাবা কৈ দিয়া এতিয়াই- চাৰ্কুল, নে ৰেক্টেংগুল নে ট্ৰায়েংগুল?


মাধুৰ্য:হমমম.... পলিগ’ন বনাব নোৱাৰিবা নেকি?


নৱস্মিতা: এ নোৱাৰিম আজি, কম্পাছ আৰু প্ৰট্ৰেক্টৰডাল বিচাৰিয়েই পোৱা নাই। 


মাধুৰ্য: ঠিক আছে।  খালী ষ্ট্ৰেইট লাইন ৰুটি নবনাবা... দীঘলে দীঘলে খাবলে দিগদাৰ না.... 🤐😁😄


[অসমীয়া কৌতুক, Assamese jokes, new jokes, funny jokes 2023, fresh jokes, internet jokes, Facebook jokes]

October 14, 2022

কবিতাটো ক'লৈ গ'ল?

 স্বামী : হেৰা, কালি মই লিখা কবিতাটো ক'লৈ গ'ল ?

পত্নী : মই কেনেকৈ জানো!

স্বামী : মাইনাই ফালি পেলালে নেকি ?
পত্নী : সি পঢ়িব নজনা ল'ৰাটোৱে কিয় আপোনাৰ কবিতা ফালিব?
_______________________________________

September 23, 2022

অসমীয়া কৌতুক: নাকৰ বিষ

ঘটনাটো শুনিলে হাঁহি হাঁহি পগলা হৈ যাব, সেয়ে খুঁটা এটাত ধৰি লওক- 

ডাঃ বিনুজনীঃ হেৰা। শুনিছানে? মোৰ নাকটো বৰ বিষাইছে।
ডাঃ বিনুজঃ অস হ'। ভিতৰত বিষাইছে নে বাহিৰত?
ডাঃ বিনুজনীঃ এক মিনিট, মই কৈ আছোঁ।
তেওঁ ঘৰৰ বাহিৰলৈ ওলাই চোতালত এক মিনিট থিয় হৈ চালে।
উভতি আহি বিনুজক ক'লেঃ ঘৰৰ ভিতৰত থাকোঁতেও বিষাইছে, বাহিৰলৈ যাওঁতেও বিষাইছে। আচৰিত বুইছা নে?

- অসমীয়া কৌতুক ২০২২, গাজাৰী ডট কম