Gajari: the Best of Indian Jokes

September 10, 2012




MISDIRECTION

পতি-পত্নী দুয়ো ডেলিভাৰী ডেটৰ এদিন আগতে গৈ হস্পিতালত উপস্থিত হ'ল। ডাক্টৰে চব চাই মেলি ক'লে নৰ্মেল হ'ব, চিন্তা কৰিবলৈ একো নাই। পাছে এটা কথা। আমি নতুন পদ্ধতি এটা উলিয়াইছো য'ত প্ৰসব বেদনা স্বামীলৈও ট্ৰেন্সফাৰ কৰিব পাৰি। আপোনালোকেও কৰি চাব নেকি? যিহেতু বিষ-কষ্ট দুয়োজনৰ মাজত ভাগ হৈ যায় গতিকে পত্নীৰ কষ্ট কম হওক বুলি পতিয়ে ক'লে নিশ্চয়।

পাছদিনা নিৰ্দ্দিষ্ট সময়ত পত্নীৰ প্ৰসব বেদনা আৰম্ভ হ'ল। এখন বিচনাত পত্নী আৰু আনখনত এগালমান যন্ত্ৰপাতি লগাই লৈ পতি মহাশয়। ডাক্টৰে আৰম্ভণিতে "বেদনা ট্ৰেন্সফাৰ"ৰ পৰিমাণ ১০% ৰাখি পতিক ক'লে যে যদিও খালী ১০%, কিন্তু মতা মানুহ প্ৰায়ভাগেই জীৱনত ইমানখিনি বেদনা অনুভৱ কৰি পোৱাই নাই।

আমাৰ পতিদেবৰ ১০%-ত একো অনুভৱেই নাই হোৱা, ইফালে পত্নীয়ে টেটুফালি চিঞৰিছে বিষত। পতিয়ে বোলে ডাক্টৰ ২০% কৰি দিয়া, এওঁ বৰ কষ্ট পাইছে। ২০% হৈ গ'ল, পত্নীৰ চিঞৰ আৰু বাঢ়িছে, কিন্তু পতিদেবে একো বিষ গমেই পোৱা নাই। পতিয়ে ডাক্টৰক ক'লে ৫০-৫০ কৰি দিয়া। ইফালে বেবী এই আহোঁ, এই আহোঁ, পত্নীয়ে চিঞৰ কমাইছে, কষ্টৰ ৫০% পতিয়ে লৈছে আফটাৰ অল। 

পতি জোছত আহি গ'ল, বোলে ডাক্টৰ, ১০০% মোলৈ দি দিয়া, মই পাৰিম। ৫০%তো একো Feel কৰাই নাই। ডাক্টৰেও পতিৰ পত্নী প্ৰেম দেখি বিষ ট্ৰেন্সফাৰৰ কাঁটা ১০০%-ত লগাই দিলে। পতিৰ গাত বিষৰ গম গতিয়েই নাই। ইফালে পত্নীয়েও আৰামত বিনা কষ্টত হাঁহি হাঁহি এটা সুন্দৰ স্বাস্থ্যৰ ল'ৰা জন্ম দিলে আৰু এঘণ্টাৰ পাছতে ঘৰ যোৱাৰ অনুমতিও পালে।

পতি-পত্নীয়ে কেচুঁৱা লৈ ঘৰ গৈ পাই দেখিছে সিহঁতৰ ঘৰৰ বাৰাণ্ডাতে প্ৰায়ে আহি থকা কুৰিয়াৰৰ ডেলিভাৰী বয়টো মুখ বিকটাই মৰি পৰি আছে।

by Rajib Ranjan

No comments:

Post a Comment

Liked it? Please share with your friends.