কেৰকনৰ বৰ ভয়... ঘৰৰ পৰা বাহিৰ হলেই গিৰিজাই মাষ্টৰে বাট আগুচি ধৰে... !কথা একো নাই.. মানুহৰ উচচাৰণত ভুল ধৰি ভাল পায় গিৰিজাই মাষ্টৰে.... মানে একেবাৰে শুদ্ধ উচ্চাৰণৰ মানুহ! (কেৰকনৰ আকৌ এনেই অলপ অসুবিধা হয়..... যেনে... আৰু টো আও.... প্ৰথম টো পথম ... ইত্যাদি.. )
আজি ৰাতিপুৱা কেৰকন ঘৰৰ বাহিৰলৈ ওলাল..! ওলায়েই দেখিলে যে মাষ্টৰ ৰৈ আছে.. বাহিৰত....!
মাষ্টৰ : কলৈ যাৱ কেৰকন ?
কেৰকন : পতাপৰ দোকানলৈ যাও !
মাষ্টৰ : (মুখ বিকটাই... ) হেৰৌ.. পতাপ নহয়... ঔ.. "প্ৰতাপ" হে..... ৰ কাৰ এডাল .. থাকে নহয়...! কিবা কাম আছিল নেকি ?
কেৰকন : (সাৱধান হৈ ...) নহয় মানে ছাৰ্.. পথমতে পতাপৰ দোকানৰ পৰা চাকি দুগছ লৈ স্কুল যাম !আজি শধান্জলি পাতিছে নহয় !
মাষ্টৰ : (খঙেৰে...গালি পাৰি... ) তহত.. মূৰ্খবোৰে .. অসমীয়াৰ জাত মাৰিলি....! ৰ কাৰ যোগ দিবলৈ কিমান শিকাব লাগে ? পতাপ নহয় প্ৰতাপ্.... পথম নহয় প্ৰথম্.... আৰু মাৰিলি.. ঐ মাৰিলি.... ! শধান্জলি ... নহয় ... ঐ ..গৰু .. শ্ৰদ্ধাঞ্জলি.. হে ......!
এইবাৰ কেৰকনৰ সচাই ভয় লাগিল.... ! পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ... সি ভাবিলে.... যে মাষ্টৰক মাফ খুজি ইয়াৰ পৰা পলাব পাৰিলেই হল আৰু ....!
কেৰকন : (অলপ চিন্তা কৰি...) ত্ৰেত্ৰিয়া হ্ৰলে ছ্ৰাৰ, আজ্ৰিৰে প্ৰৰা ম্ৰই স্ৰব্ৰত্ৰে ৰ্ৰক্ৰাৰ যোগ্ৰ দ্ৰিম্ৰেই দ্ৰিম ...!আপ্ৰুনি চ্ৰিন্ত্ৰা নক্ৰৰ্ৰিব...!
গিৰিজাই মাষ্টৰ খঙতে মূৰ্ছা গল... !
by Madhurjya Gogoi
No comments:
Post a Comment
Liked it? Please share with your friends.