Gajari: the Best of Indian Jokes: সুখ শান্তি্ৰ ৰহস্য

December 02, 2012

সুখ শান্তি্ৰ ৰহস্য


কলিতা: তোমালৈ মোৰ হিংসাই হয় বুজিছা নে

চেংমাই: অ’ ... কিয় ?

কলিতা: তোমালোকৰ সংসাৰখন ইমান সুখৰ কেনেকৈ ? অকণো কাজিয়া-পেছাল নাই, আমাৰ দেখোন ইমান খকা-খুন্দা লাগিয়েই থাকে !

 চেংমাই: অ’ ভেৰি ভেৰি চিম্প’ল | কিছুমান নিয়ম বনাই লৈছোঁ আমি আমাৰ মাজত | সেই খিনি মানি চলিলে শান্তিয়েই শান্তি | 
কলিতা: কি নিয়ম? মোকো শিকাই দিয়া হে |

চেংমাই: মানে আমি আমাৰ মাজত বুজা পৰা কৰি লৈছোঁ যে - সংসাৰৰ যিমান সৰু সুৰা সিদ্ধান্ত ল’ব লগীয়া থাকে, তেওঁ ল’ব আৰু ডাঙৰ ডাঙৰ সিদ্ধান্ত বোৰ ম‍ই ল’ম |

কলিতা: বাহ, পিছে কোনবোৰ সৰু কোনবোৰ ডাঙৰ কেনেকৈ গম পোৱা ? 
চেংমাই: এই ধৰা সৰু সৰু সিদ্ধান্ত মানে, দৰমহাৰ টকা কেইটা ক’ত খৰছ কৰা হ’ব, মাহটোত কেইখন শাৰী কিনা হ’ব, বিউটী পাৰ্লাৰত কিমান খৰছ হ’ব, ৰাতি-দিনৰ আহাৰত কি থাকিব, ল’ৰা-ছোৱালী কেইটা কোন স্কুলত পঢ়িব, ম‍ই অফিছলৈ যাওঁতে কি পিন্ধিম- এইবোৰ সৰু-সুৰা সিদ্ধান্ত আমাৰ এওঁ মানে মিছেজে লয় | 
আৰু ধৰা ডাঙৰ ডাঙৰ সিদ্ধান্ত, যেনে এইবাৰ বিজেপি জিকিলে ভাল নে কংগ্ৰ্ৰেছ; অ’বামা জিকাটো ভাল হ’ল নে বেয়া, অখিল গগৈয়ে কৰা কাম বোৰ কিমান যুক্তি পূৰ্ণ, আই.পি.এল.ত কোনটো টীমৰ কেপ্টেইন কোন হ’ব লাগে এইবোৰ ভাবি থকাতো মোৰ কাম | ডাঙৰ ডাঙৰ কথা চিন্তা কৰি থাঁকোতে সৰু সৰু কথাবোৰ মোৰ চিন্তা কৰিবলৈ সময়েই ক’ত? আৰু তেওঁৰ সিদ্ধান্তত মাতেই মাতিবলৈ সময় ক’ত ? গতিকে বুজিছাই নহয়- শান্তিয়েই শান্তি |

কলিতা: অ’ আই চি আই চি ...


by Changmai

No comments:

Post a Comment

Liked it? Please share with your friends.