Gajari: the Best of Indian Jokes: দত্ত আৰু সোণৰ ফোন

August 16, 2013

দত্ত আৰু সোণৰ ফোন

খৰিকটীয়াৰ কাহিনীটো মনত আছে নে?
নদীৰ পাৰত কুঠাৰেৰে ঘৈয়াই থাকোঁতে যে কুঠাৰখন চিলিপ হৈ কিনে পৰি গৈছিল পানীৰ মাজত? তাৰ পিছত জলদেৱী প্ৰকট হৈ প্ৰথমতে সোণৰ, ৰূপৰ কুঠাৰ দিওঁতেও যে খৰিকটীয়াই মানা কৰি দি নিজৰ কুঠাৰখন হে খুজিছিল? আৰু তাকে দেখি কিনে খুচ হৈ কিনে জলদেৱীয়ে গোটেই তিনিটা কুঠাৰেই তেওঁক দি দিছিল?

দত্তৰো মনত আছে কাহিনীটো...

হ’ল কথাটো এনেকুৱা...
এদিন গোলাঘাটৰ পৰা বাদাম কিনিবলৈ দত্ত গুহেটীলৈ আহিছিল| বাদাম কিনি লোভতে অলপ বেছিকৈ গলিয়াই দিলে চাগে| লাগিল নহয়| মানে ২ নম্বৰটো... |

বিচাৰি বিচাৰি এখন সুলভ শৌচালয় পালেগৈ|
দৌৰ মাৰি ভিতৰত বহি আমেজ লৈ থাকোঁতেই আহিল নহয় কাৰোবাৰ ফোন... ফোনটো ৰিচিভ কৰিবলৈ লওঁতেই চিলিপ হৈ কিনে ফোন চিধা একেবাৰে মেইন জেগাতে পৰিল|

মাত্ৰ ৪ দিনৰ আগতে ১২, ০০০ টকা দি কিনা ফোন... বৰ হেঁপাহত কিনিছিল দত্ত‍ই ফোনটো, অসমীয়া লিখিবও পাৰি ফোনটোৰ, গেম খেলিবও পাৰি, দুখন দিম ভৰাবও পাই, ৱা’টছ এপো আছে, ধেৰ কনটেক্ট নাম্বাৰো আছে...
তাকে ভাবি ভাবি দুখতে দত্তৰ সেইভাগেই চকুপানী ওলাবলৈ ধৰিলে| চকুপানী কি, কান্দোনেই ওলাই আহিল....

দত্তৰ দুখ সহিব নোৱাৰি টয়লেট-দেৱী প্ৰকট হ’ল নহয়... আহি তেওঁ দত্তক ফোন এটা আগবঢ়াই দিলে...
- "হোঁ ল’, নাকান্দিবি অ’ আপা"
ফোনটোলৈ চাই দত্ত‍ই ক’লে-  "মোক সোণৰ ফোন নালাগে দেৱী, মোক মোৰ আচল ফোনটোকেই উভোতাই দিয়ক না পিলিজ"

দেৱীয়ে ভেকাহি মাৰি ক’লে- "ধুৰ, এইটো তোৰেই ফোন হয়| সোণৰ নহয়| ভালকৈ ধুই ল’লে দেখিবি, সোণালী ৰংটো আঁতৰি গৈছে|"

দত্ত- "হি হি হি, থেংকিউ দেই"

By Changmai

No comments:

Post a Comment

Liked it? Please share with your friends.