Gajari: the Best of Indian Jokes: চেংমাই আৰু iPhone

August 17, 2013

চেংমাই আৰু iPhone

এদিন চেংমাই গ’ল নতুন ফোন কিনিবলৈ। iphone নে কি সেইটো বোলে খুব চলিছে। তাকেই কিনিম বুলি আগবাঢ়িল দীপাৰ দোকানলৈ।

চেংমাই: iphone ৰ একেবাৰে লেটেষ্ট মোডেল টো কি? দিয়ক চোন।
দীপা: iphone5। ষ্টক আছে। দি দিম নেকি আপোনাক?
চেংমাই: অ’ কে। দি দিয়ক।
iphone5 লৈ চেং খুশ। ৰাতি iphone5 টো খুচুৰি থাকোতে দেখিলে তাত একামোৰ খোৱা আপেল এটাৰ চিহ্ন আছে। চেংমাইয়ে ভাবিলে, আপেলটোত কোনে মাৰিলে একামোৰ! চেংমাইয়ে ভাবিলে, আৰু ভবিলে, খুব ভবিলে – পিছে উৱাদিহ নাপালে। ৰাতি ভাল টোপনি ও নহ’ল।

পিছ্দিনা চেংমাই আকৌ গ’ল দীপাৰ দোকানলৈ।
চেংমাই: iphone5 ৰ আগৰ মোডেলটো কি?
দীপা: iphone4S
চেংমাই: মোক সেইটো লাগে। একচেঞ্জ কৰিব পাৰিম নেকি বাউ?
দীপা: অ’ পাৰিব, পিছে iphone5 তকৈ iphone4S ৰ দাম কম হ’লেও টকা ঘুৰাই নাপাব|
চেংমাই: অ’ কে। দি দিয়ক।
iphone4S লৈ চেং খুশ। ৰাতি iphone4S টো খুচুৰি খুচুৰি বিচাৰিলে একামোৰ মৰা জন কৰবাত দেখা পায় নেকি। চেংমাইয়ে বিচাৰিলে, আৰু বিচাৰিলে, খুব বিচাৰিলে - নাই, হতাশ হ’ল। সেইদিনা ৰাতিও ভাল টোপনি নহ’ল চেংমাইৰ।
পিছ্দিনা চেংমাই আকৌ গ’ল দীপাৰ দোকানলৈ।
চেংমাই: iphone4S ৰ আগৰ মোডেলটো কি?
দীপা: iphone4
চেংমাই: মোক সেইটো লাগে। একচেঞ্জ কৰিব পাৰিম নেকি বাউ?
দীপা: (অলপ খুশ হৈ) অ’ পাৰিব, পিছে iphone4S তকৈ iphone4 ৰ দাম কম হ’লেও টকা ঘুৰাই নাপাব।
চেংমাই: অ’ কে। দি দিয়ক।
iphone4 লৈ চেং খুশ। ৰাতি iphone4 টোত ও খুচুৰি খুচুৰি বিচাৰিলে আপেলত একামোৰ মৰা জন কৰবাত দেখা পায় নেকি। পিছে সেইদিনা ৰাতিও ভাল টোপনি নহ’ল চেংমাইৰ। পিছ্দিনা চেংমাই আকৌ গ’ল দীপাৰ দোকানলৈ।
চেংমাই: iphone ৰ অটাইতকৈ পুৰণি মোডেলটো কি?
দীপা: (মনে মনে হাঁহি - আহিল মক্কেলটো) এনেয়ে iphone 2G ৰ পৰা আৰম্ভ হৈছিল, পিছে আমাৰ দোকানত 3GS ৰ তলৰ মোডেল নাই।
চেংমাই: মোক সেইটো লাগে। একচেঞ্জ কৰিব পাৰিম নেকি বাউ?
দীপা: (ক’ৰ পাগল অ’ এইটো) অ’ পাৰিব পাৰিব, পিছে iphone4 তকৈ iphone3GS ৰ দাম কম হ’লেও টকা ঘুৰাই নাপাব।
চেংমাই: অ’ কে। দি দিয়ক।
iphone3GS লৈ চেং ঘৰ পালে। গৈয়েই iphone3GS টো খুচুৰিব ল’লে। যিমান পাৰে বিচাৰিলে, বিচাৰি বিচাৰি নাপালে আপেলত একামোৰ মৰা জন কোন আছিল। লগে লগে দৌৰ দিলে দীপাৰ দোকান লৈ।
চেংমাই: মোক iphone ৰ অটাইতকৈ পুৰণি মোডেলটো লাগে?
দীপা: ইয়াত নাপাব নহয়।
চেংমাই: আপুনি মোক যোৱা 3 দিন ধৰি ঠগি অছে। সদায় একোটা পুৰণি মোডেল লৈ যাও আপেলত একামোৰ মৰা জনক চাবলৈ, আৰু এতিয়া আপুনি কৈছে অটাইতকৈ পুৰণি মোডেলটো নাপায়, যিটোত মই দেখা পালোহেতেন সেইজনক যাৰ কাৰণে 3 ৰাতি মোৰ টোপনি নাই। মোক লাগিবই।
দীপা: (অ’ হয় নে !!!)
By Manashmani Barman

No comments:

Post a Comment

Liked it? Please share with your friends.