Gajari: the Best of Indian Jokes: ছোৱালীবোৰো আৰু দেই.....

September 10, 2013

ছোৱালীবোৰো আৰু দেই.....

মই কোৱা নাই দেই, মোলৈ এজন ল'ৰাই এইখিনি মেছেজ কৰি পঠাইছে:
"এডমিন বাবু! বৰ পৰেছান হৈ আছো, পাৰিলে কিবা উপায় দিয়ক হে|
এই যে ছোৱালীবোৰ, বিশেষকৈ মোৰ গাৰ্লফ্ৰেণ্ডজনী; কথাই কথাই তাইৰ অভিযোগ|

* যদি তাইৰ লগত ভাল ব্যৱহাৰ কৰো, তাই কয়- হৈছে হৈছে, তেল মাৰিব নালাগে|
যদি অলপ ৰাফ ব্যৱহাৰ কৰো, তেতিয়া কয়- জানু, আজিকালি তুমি মোক পাট্টাই নিদিয়া, ব্ৰেক-আপ কৰি দিম কিন্তু!

* যদি মই ভাল ভাল চাই কাপোৰ পিন্ধো, তাই কয়- হু? কোনজনী অপেচৰীক ইমপ্ৰেছ কৰিব খুজিছা হা?
যদি বেয়া কাপোৰ পিন্ধো কয়- তুমি কিয় ইমান জধলা? ব্ৰেক-আপ কৰি দিম কিন্তু!

* যদি কিবা সমস্যা হয় আৰু তাইক নকও, তাই কয়- তুমি মোক নিজৰ বুলি নাভাবাই নেকি?
যদি সমস্যাৰ কথা তাইক কও, তাই কয়- তুমি কিয় ইমানকৈ কমপ্লেইন কৰি থাকা হা? ব্ৰেক-আপ কৰি দিম কিন্তু!

* যদি তাইক্ চিনেমা চাবলৈ লগ ধৰো, তাই কয়- আচ্ছা, তুমি কেটৰিণা কাইফাক চাবলৈ যাব বিচাৰিছা, চব বুজি পাইছো|
যদি চিনেমা চাবলৈ লগ নধৰো, কয়- তুমি আজিকালি আন-ৰোমান্টিক হৈ গৈছা, ব্ৰেক-আপ কৰি দিম কিন্তু!

* ফোন কৰিলে কয়- ইমান পেনপেনীয়া কিয় তুমি? আৰু কাম নাই নেকি?
ফোন নকৰিলে কয়- আস, তুমি ইমান বিজি, কাৰ লগত বিজি হা? ব্ৰেক-আপ কৰি দিম কিন্তু!

*** মই তো কোনো উপায় দিব নোৱাৰিলো এই ল'ৰাজনক, আপোনালোকেই পাৰে যদি দিয়ক আৰু প্ৰিয় গাজাৰীয়ান ভাই বেহেন সকল!

No comments:

Post a Comment

Liked it? Please share with your friends.