Gajari: the Best of Indian Jokes: দেবুদাক ভূতে পালে...

September 10, 2013

দেবুদাক ভূতে পালে...

এদিন নিশা দেবুদা বিয়া এখন খাই ঘৰলৈ উভতি আহি আছিল| পথাৰৰ ৰাস্তা, দুই কি.মি. মানলৈকে গছ এজুপিও নাই| যাওতে দেবুদাই দত্তৰ বাইকতেই গৈছিল, কিন্তু উভতি আহোতে দত্তক বিচাৰি নোপোৱাত (দত্তই হেনো কোনোবা ষোড়শী এজনীক বাইকত ঘৰলৈ থ'বলৈ নিছিল)| যা হওক, এই কাহিনীটো দত্তক লৈ নহয়|

তো.... দেবুদা খোজ কাঢ়ি
আহি আছে
আহি আছে
আহি আছে
আহি আছে
আহি আছে
আহি আছে
তেনেতে প্ৰচণ্ড ধুমুহা আহিল...
কেৰেপ নকৰি
দেবুদা খোজ কাঢ়ি
আহি আছে
আহি আছে
আহি আছে

ধুমুহাৰ কোব বাঢ়িল... দেবুদাই ভাবিলে: ছেহ, বেছ বিপদ দেখোন| কি কৰা যায়? চেংমাইৰ পৰা গাড়ীখন ভাড়া কৰি অনাই ভাল আছিল দেখোন, 1200 টকা হে ভাড়া খুজিছিল তিনিঘন্টাৰ কাৰণে!

সো সো সো.... ধুমুহা বাঢ়ি গৈ আছে| ক'ৰবাত আশ্ৰয় ল'বলৈকো মুকলি পথাৰ|
চকু কাণ মুদি দেবু দা গৈ আছে গৈ আছে গৈ আছে...

তেনেতে হয়তো ভগবানৰ আশীৰ্বাদত এখন গাড়ী আগফালৰ পৰা আহি থকা দেবুদাই দেখা পালে|
যা হওক, গাড়ীতে বহি এই বৰষুণ আৰু ধুমুহাৰ পৰা বাচিব পৰা যাব বুলি দেবুদাই গাড়ীখনৰ ফালে কোবাকুবিকৈ গৈ পিছফালৰ ছিটটোতে বহি ল'লে|

বহি লৈ হে দেখিছে: ড্ৰাইভাৰৰ ছীটত দেখোন কোনোৱেই নাই...
ও মাই গ'ড! গাড়ীখন লাহে লাহে চলি আছে, কোনেও চলাই থকাও নাই....
ও মাই গ'ড!!!

দেবুদাৰ তো বুকু ঢিপলিং ঢিপলিং... কৰি আছে কৰি আছে কৰি আছে!
ঈশ্বৰৰ নাম লৈ দেবুদা জ্বৰ ঘমাদি ঘামি আছে ঘামি আছে ঘামি আছে....

অলপ পিছত ৰাস্তাত টাৰ্নিং এটা আহিল, দেবুদাই ভাবিলে: "চেছ... আজি তো ভূতে পালেই, এতিয়া মোক নি পথাৰত পেলাই মাৰিব"

... তেনেকৈ ভাবি থাকোতেই ক'ৰবাৰ পৰা হাত এখন খিড়িকীয়েদি সোমাই আহি ষ্টেয়েৰিং ডাল পকাই গাড়ীখন চিধা কৰি দিলে| কাণ্ড দেখি দেবুদা বেহুছ!!!

যেতিয়া দেবুদাই সাৰ পালে... টৰ্চ হাতত লৈ কেইবাজনো মানুহে দেবুদাক আগুৰি আছে|
"দেবু দা দেবু দা.... উঠক" কোনোবাই মুখত পানী ছটিয়াইছে|

"ভূত ভূত ভূ...ত!" দেবুদা তো কপি আছে|

তেনেতে দেখে জুমৰ মাজৰ পৰা কলিতা আৰু চেংমাই ওলাই আহিছে: হা ৰে দেবুদা, ভয় কিয় খাইছে?

দেবুদা: ভূতৰ গাড়ী....!!!!  নিজে নিজেই চলি আহিছিল, হে ঈশ্বৰ.....

কলিতা+ চেংমাই: "হেই দেবুদা| আমাৰ গাড়ীখন পাংচাৰ হৈছিল মাজ ৰাস্তাতে| আমি সেই কাৰণে লাহে লাহে ঠেলি ঠেলি গেৰেজলৈ নি আছিলো| হঠাতে দেখো, ধুমুহাৰ মাজতে আপুনি আহি গাড়ীত বহিলহি...| চিনি পাও কাৰণে একো নকৈ আপোনাক গাড়ীতে বহি থাকিবলৈ দি আমি ঠেলি আহি আছিলো আহি আছিলো আহি আছিলো...." হি হি হি...

by Changmai

Know Everything About Assam

No comments:

Post a Comment

Liked it? Please share with your friends.