Gajari: the Best of Indian Jokes: নতুন অফিচ

November 07, 2013

নতুন অফিচ

কি যে হব ৷
জাহ্নৱী নতুন অফিচত জইন কৰি সকলো কথা ভালেই পাইছে ৷ অসুবিধা এটাই, ডেটিং মাৰিব ছুটি নিদিয়ে বচে ৷ প্ৰেমৰ নামটো শুনিবই নোৱাৰে বচে ৷ 42 বছৰলৈ বচৰ বিয়া নোহোৱা দাঙবৰলা বচৰ অফিচত সোমালে এনেকুৱা অসুবিধা হবই ৷ কিন্তু জাহ্নৱীৰ মনটো কত মানে ৷ গুছি গল এদিন অফিচ বাং দি ডেটিংত ৷

পিছদিনা অফিচত -
দত্ত বচ - ( বচ আমাৰ দত্তহে আৰুনো কোন আছে 42 বছৰীয়া)
জাহ্নৱী যোৱা কালি অফিচ কিয় নাহিলা ?
জাহ্নৱী - যোৱা কালি আমাৰ চেং খুডা ঢুকাল ৷
আকৌ এদিন অফিচ বাং ৷ পিছ দিনা
দত্ত বচ - এইবাৰ কি হল জাহ্নৱী ৷
জাহ্নৱী - মোৰ মৰমৰ দাদা কলিতা ঢুকাল ( চুবুক চুবুক)
জাহ্নৱী কি দিল মাংগে মোৰ ৷ আকৌ ডেটিং, পিছদিনা -
দত্ত বচ -(খংৰে) জাহ্নৱী এনেকা নচলিবো ৷ কাম বাদ দিয়া তুমি
জাহ্নৱী - (কান্দি কান্দি) নকব ছাৰ মোৰ মৰমৰ পেহী দিপা ঢুকালে যোৱাকালি ৷
গ'ল কথা গল ৷ কেইদিনমান পিছত জাহ্নৱীৰ জন্মদিন আহিল ৷ জাহ্নৱী খুছ ৷ অফিচত কাম কৰি থাকোতে বচে মাতি পঠালে ৷ জাহ্নৱীও কিবা গিফ্ট পাম বুলি হাহিঁ হাহিঁ বচৰ ৰূম পালেগৈ ৷
দত্ত বছ - জাহ্নৱী তুমি পূৰ্নজনমত বিশ্বাস কৰা নে বাউ?
জাহ্নৱী - কৰো ছাৰ ৷ 100% কৰো ৷
দত্ত বচ - ভাল কথা ৷ তোমাৰ চেং খুডা, কলিতা দাদা আৰু দীপা পেহীয়ে পূৰ্নজনম লৈ তোমাক জন্মদিনৰ শুভেচ্ছা দিবলৈ আহিছে ৷ ৱেটিং ৰূমত ৰখি আছে লগ ধৰি আহাগৈ ৷

ঘটং ঘটং ঘটং ঘটং

No comments:

Post a Comment

Liked it? Please share with your friends.