Gajari: the Best of Indian Jokes: Assamese joke - "এটি কৰুণ সাধু"

April 28, 2014

Assamese joke - "এটি কৰুণ সাধু"


এজনী বৰ ধুনীয়া গাভৰু গছ আছিল।  তাই শব্দ বৰ ভাল পাইছিল।  সেয়েহে গাভৰু গছজোপায়ে কেইবাহালো চৰাইক আশ্ৰয় দিছিল l কুলি, ভাটো, শালিকা, ফেঁচা।  

কুউ, কুউ , নিউ নিউ ইত্যাদি শব্দৰে চৰাইবোৰে ইটো ডালৰ পৰা সিটো ডাললৈ জপিয়াই ফুৰিছিল ! সিহতঁৰ কোলাহলত তাই বৰ আনন্দ পাইছিল ! এনেকৈয়ে দিনবোৰ গৈ থাকিল। 
এদিন খৰাং আহিল। 

গছৰ পাতবোৰ শুকাবলৈ ধৰিলে। 
চৰাইবোৰ এটা দুটাকৈ গছজোপাৰ গুছি গ'ল। 

গাভৰু গছজোপা দিন ৰাতি দুখী হৈ থাকিল। অৱশেষত তাই সিদ্ধান্ত ল'লে তাই ইচ্ছামৃত্যু কৰিব।  অন্ততঃ তাইৰ মৃত্যুৰ পাছত তাইৰ শৰীৰটোৰে কাঠ ফালি মানুহে বিচনা, চোফা বনাব l আৰু তাত সৰু সৰু ল'ৰা-ছোৱালীয়ে, পুৰুষ মহিলায়ে বহি কথা পাতিব l আৰু তাইৰ আত্মাটো সুখত থাকিব l

গাভৰু গছজোপায়ে আত্মহত্যা কৰিলে। 
দিনবোৰ বাগৰিল। 
গাভৰু গছজোপাৰ ধুনীয়া শৰীৰটো এদিন কাঠৰ মিলত সোমাল। 
কিন্তু তাইৰ মৃত্যুৰ পাছতো তাইৰ আত্মায়ে শান্তি নাপালে। 
কিয় জানেনে ?
তাইৰ শৰীৰটোৰে এজন ডাঙৰ মানুহৰ বাবে এখন ব্যয়বহল চকী বনোৱা হ'ল। 
আৰু যোৱা দহবছৰে সেই বিলাসী চকীখনত এজন অঁকৰা মানুহ বহি আছে। আৰু তেওঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মদমোহন সিং !

No comments:

Post a Comment

Liked it? Please share with your friends.