Gajari: the Best of Indian Jokes: Assamese Jokes Blog
Showing posts with label Assamese Jokes Blog. Show all posts
Showing posts with label Assamese Jokes Blog. Show all posts

December 23, 2022

জিনে দিলে তিনিটা বৰ

 বিলৰ কাষৰ মাটিডৰা চহাই থাকোঁতে অগ্ৰাগ্নীয়ে এটা পুৰণি চাকি পালে

(অ’ চাকি চাকি চাকি, ৰেহনা জায়ে, কোই খুৱাহিশ্ব বাকী)।

ভালকৈ দুই ঘঁহন দিলত চাকিৰ ভিতৰৰ পৰা আলাদ্দিনৰ জিনটো ওলাই আহিল (এটা জিন ওলালে জিন, এটাতকৈ বেছি জিন ওলাই প্লুৰেল হ’লে জিন্স)
জিন: য়ামা য়ামা, য়ামা য়ামা- ইয়ে খুবচুৰত চামা...। বহুত দিনৰ মূৰত বাহিৰ ওলাই ভাল লাগছি দে; লকডাউন হৈ চাকিৰ ভিতোৰোতে সুমেই আছলু ইমেনদিন।
অগ্ৰাগ্নী: মোৰ উইছ গ্ৰাণ্ট হ’ব নে?
জিন: য়া য়া। কিয় নহ’ব- তিনিটা উইছ খোজা, আপী...
অগ্ৰাগ্নী: অ’ ৱাও! প্ৰথমটো উইছ- আমাৰ ইউনিভাৰ্ছিটীৰ চব ল’ৰাই বাকী ছোৱালীক বাদ দি মোকেই ভাল পাওক।
জিন: গ্ৰাণ্টেড!
অগ্ৰাগ্নী: থেংকিউ। দ্বিতীয়টো উইছ- চব ছোৱালীয়ে মোক দেখি যেন জ্বলে মানে... মোৰ ৰূপ দেখিয়েই জ্বলি ছাই হৈ যায় মানে...
জিন: গ্ৰাণ্টেড!
অগ্ৰাগ্নী: অস, একমিনিট একমিনিট। চবেই মোকেই ভাল পালে, আৰু ছোৱালীবোৰ মোক লৈ জ্বলিলে মোৰেই দিগদাৰ হ’ব। কিমান ফোন নম্বৰ ছেভ কৰিম। কিমান ছোৱালীৰ পৰা পলাই পলাই ফুৰিম। এটা কাম কৰক না- প্ৰথম দুইটা উইছ কেঞ্চেল কৰি দিয়ক।
জিন: গ্ৰাণ্টেড!
অগ্ৰাগ্নী: অকে! এতিয়া তিনি নম্বৰ উইছটো হাঁ...
জিন: তিনি নম্বৰটো অলৰেডি খুজলিয়েই বাবা...
হাউ, চাওঁ ম’ক যাবা দি...
________________________________________________
অসমীয়া কৌতুক, Assamese blog, latest jokes, indian jokes, new jokes 2023

December 06, 2022

Assamese funny joke- বিয়া পতাৰ লাভ

 কুইজ কম্পিটিছনত সত্যজিত, নয়নজিত, হীৰক নামৰ তিনিগৰাকী চোকা ছাত্ৰ শীৰ্ষত যুঁজি আছিল।

অন্তিমটো প্ৰশ্ন কুইজ মাষ্টাৰ ধ্ৰুৱ বুঢ়াই কৰিলে, "কোৱাচোন, বিয়া পাতিলে লাভ কি হয়?"

তিনিও ভাবি মেলি উত্তৰবোৰ এনেকৈ দিলে:

সত্যজিত: বিয়া পাতিলে আকৌ বিয়া পাতিবলৈ মন নোযোৱা হয়!

নয়নজিত: এবাৰ বিয়া পাতিলে বেলেগ মানুহে ’কেতিয়া বিয়া পাতিবি’ বুলি কামুৰিবলৈ বন্ধ কৰি দিয়ে!

হীৰক: বিয়া পতাৰ পাছত মৰিবলৈ ভয় নলগা হয়!
😂😄😆😊😉
________________________________________________
কৌতুক, Joke, Assamese, Internet Meme, indian jokes, funny jokes

November 12, 2022

স্মাৰ্ট চোৰ

 প্ৰথম চোৰ: পুলিচে আপোনাক কিয় ধৰিলে?


দ্বিতীয় চোৰ: বেংকটো ডকাইতি কৰাৰ পিছত, মই তাত বহি টকা গণনা কৰিবলৈ আৰম্ভ কৰিলোঁ। পুলিচে আহি মোক ধৰিলে। !


প্ৰথম চোৰ: তাত টকা গণনা কৰাৰ কি প্ৰয়োজন আছিল?


দ্বিতীয় চোৰ: এইটো তাত লিখা আছিল- -  কাউণ্টাৰ এৰি যোৱাৰ আগতে টকা গণি লওক, পিছত বেঙ্ক দায়বদ্ধ নহ'ব...!

_____________________
Smart thief jokes, criminal jokes, indian jokes, assamese blog, facebook jokes

হে প্ৰভু

 মনাই: হে প্ৰভু, অহাটো জনমত মোক জেঠীৰ ৰূপত জন্ম দিবা

ঈশ্বৰ: কি? কিন্তু কিয়?


মনাই: আমাৰ এওঁ জেঠীৰ বাদে একোকে ভয় নকৰে


_______________________

Short jokes, funny jokes, indian jokes, assamese jokes


Laughter is the best medicine to improve your immune system.

November 11, 2022

টুডে ইলেভেন নৱেম্বৰ ১১/১১/২২

 নয়নজিত: আজি দিনটোৰ বিশেষত্ব কি? 


অনিতা: আজি ১১ নৱেম্বৰ


নয়নজিত: তেনেকে নহয়, ইংৰাজীত কোৱা


অনিতা: টুডে ইলেভেন নৱেম্বৰ


নয়নজিত: "টুডে ইলেভেন নৱেম্বৰ" নহয় ঔ, "টুডে ইজ ইলেভেন নৱেম্বৰ" হ’ব। মাজৰ ইজ-টো খাই দিলা নেকি?


অনিতা: ইচ, ইজটো কিয় বাৰু খাম? অলপ আগতে একাঁহী ভাত খাইছো কিবা।  


নয়নজিত: হ’ব হ’ব।  "টুডে ইজ ইলেভেন নৱেম্বৰ"। নৱেম্বৰ মাহটো কেইনম্বৰ মাহ?


অনিতা: কেইনম্বৰ মানে? হয় আৰু ৭-৮ নম্বৰ কিবা এটা।


নয়নজিত: নৱেম্বৰটো ১১ নম্বৰ মাহ আঁকৰী। গতিকে, আজি চোৱা- তাৰিখ ১১, মাহো ১১। এতিয়া কোৱাচোন, ১১ যোগ ১১ কিমান হয়?


অনিতা: ১১ + ১১.... হমম ... ২১?


নয়নজিত: ধেত....  ১১ + ১১= ২২ আক’। তো আজি ১১ তাৰিখ ১১ মাহ ২২ চন হয় নে নাই? মানে ১১/১১/২২ হয় নে নাই?


অনিতা: অঁ হয়। কিন্তু তাতে কি হ’ল? 

নয়নজিত: একো নাই হোৱা। মোক আমনি নকৰিবা এঘণ্টা। ম‍ই গাজাৰীৰ ব্ল’গটোলৈ গৈ দুটামান জ’কছ পঢ়ি আঁহো।

অনিতা: মোকো লিংকটো দিয়া, ময়ো পঢ়োঁ

নয়নজিত: https://gajari.blogspot.com/

October 22, 2022

তুমি নাপান্দিবা কিন্তু... (অসমীয়া কৌতুক)

 ৰিয়ান বোলা যুৱকজনে কথা কওঁতে "ক" টো নুফুটে| ক টোক "প" বুলিহে উচ্চাৰণ কৰে!

কলেজত পঢ়ি থাকোঁতে এদিন নাহৰকটীয়াৰ পৰা তিনিচুকীয়ালৈ ৰিয়ান ডেটিং মাৰিবলৈ গ’ল


কিন্তু বাটতে লাগিল নহয় কাজিয়া, কিবা সৰু কথাতে, ৰিয়ানৰ প্ৰেমিকাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।

ৰিয়ান বেচেৰাই দুখ মনেৰে বুজাবলৈ ধৰিলে: "নাপান্দিবা জান, তুমি পান্দিলে পিন্তু ময়ো পান্দি দিম।"


_______________________________________________

Latest Assamese jokes, Blog jokes, Jokes 2022, funny jokes. 

October 14, 2022

এবটল বীয়েৰ, এডাল সাপ, এডাল কেঁচু...

ডেকাই কোৱা সঁচা কাহিনী বিশ্বাস কৰিলে কৰিব, নকৰিলে নো মোৰ কি ডাল আহে যায় ;)

গৰমৰ দিন, দেওবাৰ। কি কৰিব ভাবি ভাবি ডেকাই এহাতত বৰশী আৰু এহাতত এটা ঠাণ্ডা বিয়েৰ লৈ বিলৰ পুখুৰীটোলেই মাছ মাৰিবলৈ ওলাই গ’ল | তালৈ গৈ হে মনত পৰিল যে মাছক দিবলৈ টোপ আনিবলৈ পাহৰিলেই নহয় | ইফালে সিফালে অলপ পায়চাৰি কৰাৰ পিছত দেখিলে সাপ এটাই কেঁচু এডাল মুখত লৈ লাঞ্চ কৰিবলৈ লৈছে | সাপডালৰ নেগুৰত গচকি ডেকাই কেঁচুডাল কাঢ়ি আনিলে | 

কাঢ়ি আনিলে হয়, কিন্তু কিছু পৰৰ পিছতে ডেকা অনুশোচনাৰ অগনিত দগ্ধপ্ৰায় হ’বলৈ ধৰিলে- এটা নিৰীহ প্ৰাণীৰ পৰা তাৰ ভোজন কাঢ়ি অনাটো কোনো পধ্যেই প্ৰকৃত মানৱৰ লক্ষণ নোহে | আত্মগ্লানিৰ অগ্নিত দহি ছাই হৈ যোৱাৰ আগতেই ডেকাই গৈ সাপটোৰ মুখত হাতত থকা বীয়েৰ বটল টোৰ পৰা দুটোপমান ঢালি দিলেগৈ- খা, ইয়াকে খাই তোৰ ভোক নিবাৰণ কৰ- বুলি। 

তত্পশ্চাত্‍ নিশ্চিন্তমনেৰে ডেকাই সুহুৰি বজাই বজাই কেঁচুৰ টোপ লগাই বৰশী বাই আছে। খন্তেক পিছত ভৰিত চেঁচা চেঁচা কিবা অনুভৱ হোৱাত ডেকাই তললৈ লৈ দেখে- সেই সাপডালে মুখত আৰু তিনিডাল কেঁচু আনি তাৰ ভৰিৰ ওচৰত থৈছেহি | 

সাপ:- আৰু যিমান কেঁচু লাগে আনি দিম, কিন্তু আৰু দুই চিপ মাৰিবলৈ দে না.... পিলিজ
________________________________
Jokes from Facebook, Assamese jokes collection, New Jokes

Couple jokes- Assamese

Couple jokes

 

আ-কাৰ, ই-কাৰ নোহোৱা কবিতা

 

Best Assamese Jokes
Funny Assamese Jokes

ভাস্কৰ: - 

কৰতল কমল 

মদৰ বতল 

লগত মটৰ 

কতৰ কতৰ 

গমন কৰয় 

ধলং পলং 

(ৰাইজ বেয়া নাপাব এই অভাজনে তেৰাক চেৰাই যাব নোৱাৰো৷ ভুল পথে গলে যেন এই অভাজনক পোন বাট দেখোৱায় )


চেংমা: -

যমৰ কচম
বতৰ সৰল

মদৰ লগত
নহব মটৰ

মঙহ মঙহ
চমক চমক

মচক মচক
কড়ক কড়ক

চলপ চলপ
তৰল মৰম

নৰম মঙহ
লগত তৰল

চহৰ নগৰ
অজৰ অমৰ

এয়া মাথোন ধেমালিৰ বাবে কৰা প্ৰয়াস, কোনেও দোষ নধৰে যেন

______________________________________________________

Facebook, Assamese poem, Poetry Funny, Jokes

গুৱাহাটী- শ্বপিং মল

এজন বৃদ্ধ আৰু তেওঁৰ নাতিয়েক প্ৰথম বাৰৰ বাবে গাঁৱৰ পৰা গুৱাহাটী ফুৰিবলৈ গ’ল এটা শ্বপিং মলত সোমাই তেওঁলোক থৰ লাগিল- ইমান ধুনীয়া ধুনীয়া বস্তু চাৰিওফালে, ইমান চাফ-চিকুণ, ইমান ৰঙীণ লাইট 

তেনেতে তেওঁলোকে দেখিলে এজনী বুঢ়ী লাখুটি ডালত ভৰ দি দি বেৰ এখনৰ কাষলৈ গ’ল, তাত ৰঙা বুটাম এটা টিপিলে আৰু দুৱাৰ খন খোল খাই গ’ল | হতবাক হৈ দুয়ো চাই থাকোঁতেই বুঢ়ীজনী ভিতৰলৈ সোমাই গ’ল আৰু বেৰখনে বুঢ়ীক খাই পেলালে |


বৃদ্ধ আৰু নাতিয়েক এক্কেবাৰে অবাক

চকু কপালত তুলি সেইফালে চাই থাকোঁতেই বেৰখন খোল খালে- আৰু তাৰ পৰা "কঁকাল খামুচীয়া, গাল গুলপীয়া" ষোড়শী গাভৰু এজনী ওলাই আহিল |

দুই মিনিট মান থৰ লাগি থকাৰ পিছত বৃদ্ধ‍ই নাতিয়েকক চাই ক’লে- " যা সোণাই, জল্দি জল্দি আইতাৰক গাঁৱৰ পৰা লৈ আহ গৈ যা, দেৰি নকৰিবি"
_______________________
Shopping mall jokes, Old man jokes

লটাৰী- একলাখ টকা

থুলুকে লটাৰীত ১ লাখ টকা জিকি খুচ | লটাৰীৰ দোকানলৈ গৈ টকাখিনি ডিমাণ্ড কৰিলে |


দোকানী:- দাদা, এতিয়া আপোনাক ২০,০০০ টকা হে দিব পাৰিম, বাকী খিনি টকা আহিবলৈ এসপ্তাহমান লাগিব |

থুলুক:- ম‍ই সেই চব নাজানোঁ, মোক টকা এতিয়াই লাগে | দিলে পূৰা একলাখ টকা দে, নহ’লে লটাৰী টিকেটৰ দাম- পঞ্চাশ টকাটো উভোতাই দে |
______________________________
Assamese Blog, Gajari Dot Com

ভেকোলা আৰু এজনী ধুনীয়া ছোৱালী

 

Funny Jokes in Assamese

এবাৰ আমাৰ ভেকোলা চহৰলৈ গৈছিল ! চহৰত সি এজনী খুব ধুনীয়া ছোৱালী দেখিলে....!

ছোৱালীজনীয়ে চুটি গাউন এটা পিন্ধি আছিল ! ভেকোলাই ভাবিলে যে তাৰ ঘৈণীয়েকলৈ তেনেকুৱা কিবা এটা লৈ যাব আৰু তাৰ ঘৈণীয়েক পুতলীকো ধুনীয়া দেখা হব !
লাহে লাহে সি ছোৱালীজনীক সুধিলে.... 
“ ভন্টি, কি নাম তোমাৰ ?” 
“ কিয় লাগে ?”(ঘোপাকৈ চাই... ) 
“ নাই মানে এনেই সুধিছো ...!” 
“ ভন্টি, এইটো কত পায় ?” (গাউনটোলৈ আঙুলিয়াই) 
“ গছত লাগে...” (খঙেৰে ...) 
“ ভন্টি.... বৰ কলিতে ছিঙিলা দেই!"

___________________________________

Funny Assamese Jokes, New Jokes

December 19, 2014

জলদস্যু ভাষ্কো আৰু মিচৰ নন্দিনী

Internetot ই-মেইলৰ যোগেদি কেতিয়াবা বহুধৰণৰ স্কেম, স্পাম মেইল পোৱা যায়| কিছুমান মেইলৰ উত্তৰ দি বহু ব্যক্তি সৰ্বস্ৰান্ত হোৱাৰ উদাহৰণো বিৰল নহয়| তেনে এক স্কেম ইমেইলৰ খুহুতীয়া ভাৰ্ছন আগবঢ়াইছে আমাৰ অভিজিত কলিতাই-

++++++++++++++++++++

মৰমৰ ভাষ্কো দাদা,

আপুনি মোক চিনি নেপাব, আচলতে মইয়ো আপোনাক আগতে চিনি পোৱা নাছিলো, কিন্তু আজি হঠাৎ ফেচবুকত আপোনাৰ প্ৰফাইল ফটোখন দেখি মোৰ এনে লাগিল, যেন, যেন, আপুনিয়েই সেই সহৃদয় , মৰমীয়াল, বিশ্বাসী, হাঁহিমুখীয়া মানুহজন; যাৰ অপেক্ষা মই জন্ম জন্মান্তৰৰপৰাই কৰি আহিছিলো। মোৰ সৰল অন্তৰৰ এই নিবেদনক আপুনি হয়তো বাতুলামি বুলিয়েই ভাবিব, তথাপি মই আপোনাক এই কথাখিনি কোৱাৰ পৰা নিজকে বিৰত কৰিব নোৱাৰিলোঁ, ভুল হ’লে ক্ষমা কৰিব।

মই আছলতে মিছৰৰ ৰাজবংশৰ এটা সৰু ঠেঙুলিৰ বংশোদ্ভৱ, আমাৰ পূৰ্বপুৰুষেই মিছৰত পিৰামিড নিৰ্মান কৰিছিল, আপুনি নিশ্চয় জানে, আৰু সেই পিৰামিডবোৰৰ কোঠালীয়ে কোঠালীয়ে আজিও শুণা যায়, সেইসকল কাৰিকৰৰ অতৃপ্ত আত্মাৰ হা-হুমুনিয়াহ, যাৰ প্ৰাণ অনায়াসে কাঢ়ি লৈছিল মোৰ পুৰ্বপুৰুষে, কাম শেষ হোৱাৰ পাছত, স্বাৰ্থ পুৰণ হোৱাৰ পাছত। আৰু সেই আত্মাৰ অভিশাপ বহন কৰিব লগা হৈছে আমি।

মোৰ দেউতাৰ কাইৰোৰ ওছৰে পাজৰে ৫৯ টা সোণৰ খনি আছিল, আৰু মই এই অপৰম্পাৰ সম্পতিৰ একমাত্ৰ উত্তৰাধিকাৰী। কিন্তু ১৯৯৫ চনত উগ্ৰপন্থীয়ে মোৰ দেউতাক অপহৰণ কৰি নিয়ে আৰু আজি পৰ্যন্ত দেউতাৰ কোনো খবৰ নাই। মই সেই সময়ত সৰু আছিলো, গতিকে আমাৰ শুভাকাংক্ষী সকলে মোক ইউৰোপলৈ পলুৱাই পঠিয়াই।

আজি মোৰ ১৮ বছৰ সম্পূৰ্ণ হ’ল, আৰু মই মোৰ দেউতাৰ সম্পত্তিৰ ন্যায়সংগত অধিকাৰ লাভ কৰিলোঁ আৰু মিছৰলৈ ঘুৰি আহিলোঁ। কিন্তু আহি দেখিলোঁ, সেই অতৃপ্ত আত্মাৰ অভিশাপে এতিয়াও মোৰ পাছ এৰা নাই, উগ্ৰপন্থী, ৰাজনৈতিক মাফিয়াৰ পৰা মোক বাৰম্বাৰ ভীতি প্ৰদৰ্শন কৰা হৈছে, মোৰ পূৰ্বপুৰুষৰ সম্পত্তি মোৰ পৰা কাঢ়ি নিয়াৰ চেষ্টা চলিছে অহৰহ, আৰু সেয়ে মই আত্মগোপন কৰিব লগা হৈছে।

সেয়ে মই মোৰ চলিচিটৰ তথা শুভাকাংক্ষী সকলৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছো যে মই মোৰ প্ৰায় ৫০০ মিলিয়ন আমেৰিকান ডলাৰ মান সম্পত্তি দেশৰ পৰা বাহিৰলৈ পঠাই দিম। আৰু সেয়ে, হয়তো ভগৱানৰ ইচ্ছা অনুসাৰে মই আপোনাক লগ পালো।আপুনি মোক সহায় কৰক!! মই সকলো ধন সম্পত্তি আপোনাৰ দৰে এজন বিশ্বাসযোগ্য আৰু মানবীয়তাসম্পন্ন মানুহৰ হাতত তুলি দিব বিছাৰিছো!!! অনুগ্ৰহ কৰি আপুনি মোক আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ, ক্ৰেডিট কাৰ্ড নম্বৰ, এটিএমৰ নম্বৰ আৰু পিন, মেইল কৰি দিব। ১৫ দিনৰ ভিতৰত মোৰ সকলো সম্পত্তি আপোনাৰ একাউণ্টত জমা কৰি দিয়া হব।

যদি কেতিয়াবা মই ইয়াৰ পৰা বাচি ওলাই যাব পাৰো, তেন্তে সেই পইচাৰ পৰা আপোনাৰ যি ইচ্ছা মোক দিব, মোৰ কোনো দাবী নাই তাত। যদি আপোনাক এই জীৱনত লগ কৰিব নোৱাৰোঁ, তেন্তে আপুনি এই অভাগিণীক মাথোঁ কেতিয়াবা মনত পেলাব ! বিদায়. ..শূভৰাত্ৰি

ইতি
মাচাবা কাঁহিবা পাদিবা ফুৰুৎফা
কাইৰো

* ভাষ্কো- ভাস্কৰজ্যোতিক মৰমত গোটে দি লোৱা নাম

September 04, 2014

ভাটৌৰ ট্ৰেইনিঙ:: অসমীয়া কৌতুক:: Assamese Jokes

ধীমানৰ বেষ্ট ফ্ৰেইণ্ড আছিল এটা ভাটৌ পোৱালী,
ভাটৌতোৱে কি ক’ব. ? ধীমানে দিনৰ দিনটো যি কোৱা শুনে তাকে ক’ব না ?
ৰবিবাৰে এদিন শাংকব আৰু লাকী আহিল ভাত খোৱাকৈ ধীমানৰ ঘৰত. !!!!!!
কলিংবেলৰ মাত শুনিয়েই ধীমানৰ ভাটৌৱে মাত দিলে " ঐ ধীমান, দগাবাজ, চালা দৰ্জা খুলি দে, কোনোবা মক্কেল আহিছে "
আলহীৰ আগত ভাটৌৰ অবাইচ মাত শুনি ধীমান লাজতে মুচকচ যোৱা অৱস্থা হল, তথাপি নিজৰ নাক বচাবলৈ ধীমানে শাংকবৰ আগত ভাটৌটোক দুই চৰ, তিনি গোৰ আৰু দুই ছেট পুছ আপ মাৰিবলৈ দিলে !!!!!!!
লাকী এনেই কোমল, ছফ্ট হাৰ্টেড. !!!! ভাটৌটোক তেনেকুৱা পানিছমেন্ট দিয়া দেখি বেচেৰীয়ে ধীমানক কলে - " দাদা, ভাটৌটো আমাক দিয়ক, এমাহ আমাৰ ঘৰত থাকিলে ই ভাল হৈ যাব, কাৰণ দিনে ৰাতিয়ে আমি দুইটাই ভগবানৰ নাম লওঁ, ভগবানৰ ছিৰিয়েল চাওঁ, গীতা পাঠ কৰো, লক্ষী পাঁচালী পঢ়ো, অষ্টোত্তোৰ শপতনামা পঢ়ো !!!!! মুঠতে ই ঠিক হৈ যাব দাদা !!!!
তো ধীমানে ভাটৌটোক এমাহৰ ট্ৰেইনিঙৰ বাবে চাংকবৰ ঘৰত পঠিয়াই দিলে !!!!
এমাহ পিছত ভাটৌ ঘুৰি আহিল ধীমানৰ ঘৰত
গাত ভাটৌৰ ৰামনামী বস্ত্ৰ. !!!!!!
ভৰিত পাদুকা !!!!!!!!! লগত দুডাল সুতা
কপালত বগা চন্দনৰ ফোঁট. !!!!!!
লাকী- “ধীমানদা, আপোনাৰ ভাটৌটো এতিয়া আৰু আগৰ ভাটৌ হৈ থকা নাই, আমি ভাত পানী খাই ওলাই যোৱাৰ পিছত আপুনি ভৰিত বান্ধি থোৱা সুতা দুডাল টানি চালেই গম পাব, সি কি কি কয়!”
ভাত পানী খাই যোৱাৰ পিছত ধীমানই ভাটৌটোৰ সো ঠেঙৰ সুতাডাল টানিলে !!
ভাটৌ- ওম হৰি
ধীমানে টানিলে বাও ঠেঙৰ ডাল !!!!
ভাটৌ- ওম ৰাম
ধীমান/আকৌ সো ঠেঙৰ ডাল
ভাটৌ- শ্ৰীবিষ্ণু, শ্ৰীবিষ্ণু
ধীমান/আকৌ বাওঁ ঠেঙৰ ডাল
ভাটৌ- নাৰায়ণ, নাৰায়ণ
ধীমানই এইবাৰ দুইডাল একেলগে টানি চালে
ভাটৌ- ঐ কু***ৰ পোৱালী, মাউৰত মৰা, গাতত নধৰা,  গাড়ীত জুই লগা, চালা হাৰামী দুইডাল সুতা একেলগে টানিলে মই কি পৰি নাযাম নেকি হাঁ????

____
By Dhiman Adhikary

April 28, 2014

Assamese joke - "এটি কৰুণ সাধু"


এজনী বৰ ধুনীয়া গাভৰু গছ আছিল।  তাই শব্দ বৰ ভাল পাইছিল।  সেয়েহে গাভৰু গছজোপায়ে কেইবাহালো চৰাইক আশ্ৰয় দিছিল l কুলি, ভাটো, শালিকা, ফেঁচা।  

কুউ, কুউ , নিউ নিউ ইত্যাদি শব্দৰে চৰাইবোৰে ইটো ডালৰ পৰা সিটো ডাললৈ জপিয়াই ফুৰিছিল ! সিহতঁৰ কোলাহলত তাই বৰ আনন্দ পাইছিল ! এনেকৈয়ে দিনবোৰ গৈ থাকিল। 
এদিন খৰাং আহিল। 

গছৰ পাতবোৰ শুকাবলৈ ধৰিলে। 
চৰাইবোৰ এটা দুটাকৈ গছজোপাৰ গুছি গ'ল। 

গাভৰু গছজোপা দিন ৰাতি দুখী হৈ থাকিল। অৱশেষত তাই সিদ্ধান্ত ল'লে তাই ইচ্ছামৃত্যু কৰিব।  অন্ততঃ তাইৰ মৃত্যুৰ পাছত তাইৰ শৰীৰটোৰে কাঠ ফালি মানুহে বিচনা, চোফা বনাব l আৰু তাত সৰু সৰু ল'ৰা-ছোৱালীয়ে, পুৰুষ মহিলায়ে বহি কথা পাতিব l আৰু তাইৰ আত্মাটো সুখত থাকিব l

গাভৰু গছজোপায়ে আত্মহত্যা কৰিলে। 
দিনবোৰ বাগৰিল। 
গাভৰু গছজোপাৰ ধুনীয়া শৰীৰটো এদিন কাঠৰ মিলত সোমাল। 
কিন্তু তাইৰ মৃত্যুৰ পাছতো তাইৰ আত্মায়ে শান্তি নাপালে। 
কিয় জানেনে ?
তাইৰ শৰীৰটোৰে এজন ডাঙৰ মানুহৰ বাবে এখন ব্যয়বহল চকী বনোৱা হ'ল। 
আৰু যোৱা দহবছৰে সেই বিলাসী চকীখনত এজন অঁকৰা মানুহ বহি আছে। আৰু তেওঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মদমোহন সিং !