Gajari: the Best of Indian Jokes: হাতী নে জোঁৱাই হুঁ? [অসমীয়া কৌতুক]

November 16, 2014

হাতী নে জোঁৱাই হুঁ? [অসমীয়া কৌতুক]

সৌকাধৰাৰ কথা ক’বলৈ লৈছো |
প্ৰথমবাৰৰ বাবে অকলে সৌকাধৰা শহুৰেকৰ ঘৰলৈ গ’ল |
গধূলি হৈছিল | শহুৰেক ঘৰত নাই | বিশেষ সকামত চহৰলৈ গৈছে |
ঘৰত শাহুয়েক আৰু খুলশালী ল’ৰা তীখৰ | শাহুয়েকে ৰাতিনো আৰু ক’ৰ বজাৰলৈ তীখৰক পঠিয়াব বুলি ভাবি বাৰীৰ পৰা কল-পচলা কাটি আনি যত্নৰে ৰান্ধি বাঢ়ি জোঁৱায়েকক ভাত খাবলৈ মাতিলে |

সৌকাধৰা তামাম খুচ |চহৰতনো ক’ত এইবোৰ খাবলৈ পায় | জীয়েকেও হেনো এইবোৰ ৰান্ধিব নাজানে | এনে খাদ্য খাবলৈ পালে হেনো সৌকাধৰাক মাছ-মাংস-কণী একোয়েই নালাগে |

শাহুয়েকে সকাহ পালে | যা হওঁক, তেওঁৰ চিন্তা গুছিল | পিছদিনা দিনতো তেওঁ কল-পছলা ৰান্ধিলে | সৌকাধৰাই ভালেই পালে | শাহুয়েকৰ ৰন্ধন শৈলীৰ প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰিলে তেওঁ | গধূলিও শহুৰেক আহি নাপালে |

শাহুয়েকে আকৌ পছলা ৰান্ধিলে| লগত কলডিলৰ শুকান ভাজি, মচুৰ দাইলৰ বটাৰে লেটিয়াই কলডিলৰ বৰ আৰু কলডিলৰ কোমল অংশৰ নহৰু দিয়া জ্বলা চাটনী | সৌকাধৰাই আপত্তি নকৰাকৈ ভাত খালে |

পিছদিনা পুৱাও শহুৰেক আহি নোপোৱা দেখি শাহুয়েকে তীখৰক কলপুলি কাটিবলৈ বাৰীলৈ পঠিয়ালে | সৌকাধৰাই মাক-পুতেকৰ গতিবিধি চাই আছিল | তেৱোঁ তীখৰৰ পিছে পিছে গ’ল | তীখৰ কলপুলি কটাত লাগিল |

সৌকাধৰাই যথেষ্ট উষ্মাৰে তীখৰক ক’লে, " সদায়, সদায় প্ৰতি সাঁজতে  কলগছ খুৱাবলৈ বাপেৰে বায়েৰক মানুহৰ লগত নে হাতীৰ লগত বিয়া দিছিল হাঁ?"

~ Sushmita Das

1 comment:

Liked it? Please share with your friends.