Gajari: the Best of Indian Jokes: ভাগ খুড়া ভাগ....

January 08, 2015

ভাগ খুড়া ভাগ....

খুড়া এজনে আজিকালিৰ গায়কবোৰক দেখিব নোৱাৰে| নোৱাৰে শুনিব আজিকালিৰ মেকানিকেলী কমপোজড আধুনিক গীত- ছিন্থেচাইজাৰ, ড্ৰামছ, কীবোৰ্ডৰ মাত| ভাল পায় কেৱল জয়ন্ত আৰু ভূপেন হাজৰিকা|

পুতেকজন আজিৰ গীত মাত ভাল পোৱা ল’ৰা| ইংৰাজী গান, জুবিন, হানী সিঙ আদিৰ মৰি যোৱা (Die hard) পাংখা (fan)|

প্ৰায়েই খুড়া আৰু পুতেকে গীতৰ মানদণ্ড লৈ তৰ্ক কৰে| উপলুঙা কৰে ইজনে সিজনৰ গানক লৈ|

মোক পুতেকে প্ৰায়েই দুখেৰে কয়- কেনেকৈ পিতাকে ঘৰত আধুনিক সংগীত বন্ধ কৰি থৈছে| তাক উপায় এটা দিলোঁ|

পিছদিনা পুতেকে দেউতাকৰ কাৰণে আৰু নিজৰ কাৰণে জোতা কিনিলে, স্পৰ্টিং কিনিলে... দুটা আইপ’ড কিনিলে|
তাৰ পিছদিনা পুৱা দুয়ো জ’গিঙলৈ ওলাই গ’ল|

পুতেকৰ আইপ’ডত বাজিছে লিংকিন পাৰ্ক- "আই বিকাম চ’ নাম্ব| " সোঁসোঁৱাই আগবাঢ়িছে সি...

দেউতাক পিছ পৰিছে| সৰসৰকৈ চকুলো হে ওলাইছে| তেওঁৰ আইপ’ডত বাজিছে- "মোৰ মিনতি, তৰা হয় যদি...!"

দৌৰা, কিমান পাৰা দৌৰা!

~ Changmai

For Best of ASSAMESE JOKES, don't forget to follow our Blog- The Top Blog for Assamese Humor!

No comments:

Post a Comment

Liked it? Please share with your friends.