Gajari: the Best of Indian Jokes: নতুন টেবলেট

June 13, 2015

নতুন টেবলেট

অভিজিতদাৰ পত্নীয়ে তেওঁৰ বাবে ফৰেইনৰ পৰা নতুন টেবলেট কিছুমান মংগাই আনিছে: -
১. ৱৰ্কচিটামল- এইটো খালেই লেতেৰা কাঁহী-বাটি, বাচন, মজিয়া, কাপোৰ চব চাফা কৰি পেলাবলৈ মন যায়| এইটো অভিদাই দিনে দুবাৰকৈ খায়|
২. এন্নিভাৰ্ছিয়া- এইটো সপ্তাহত এবাৰকৈ খাব লাগে| তেতিয়া সেই সপ্তাহৰ এন্নিভাৰ্ছাৰীবোৰ, যেনে কোনদিনাখন কোনে কাক প্ৰপ’জ কৰিছিল, কোনদিনাখন বিয়া হৈছেইল, বাৰ্থডে’ কেতিয়া এইবোৰ তাৰিখ মনত পৰি থাকে|
৩.ভেৰিটেষ্টী-মাইচিন- এইটো খালে পত্নীয়ে যি বনালেও অটোমেটিকেলি মুখৰ পৰা প্ৰশংসা পত্ৰ ওলায়| "ওম, য়াম্মী, ভেৰি টেষ্টী..."
৪. গিফ্টড্ৰিল- সপ্তাহত দুচামুচকৈ খাব লাগে| তেতিয়া অফিছৰ পৰা ঘৰলৈ উভতি আঁহোতে পত্নীলৈ কিবা এটা গিফ্ট কিনি ননালৈকে মনত তৰণি পোৱা নাযায় হেনো|
৫. ফেচবুক’নেট-এক্স- এইটো এক্সপেৰিমেন্ট হিচাপে ৫০ মি.গ্ৰা. খোৱাৰ পিছত অভিদাৰ ফেচবুকলৈ আহিবলৈ মনেই নোযোৱা হৈছিল| এইটো খালে ফেবু’ৰ একাউন্ট ডিলিট কৰিবলৈ মন যায়|

1 comment:

  1. Anonymous10/06/2022

    #Assamese #Funny #Jokes #Google #Facebook #Comedy Latest Jokes, Fresh jokes 2022, New Jokes, Blog for jokes, Indian Funny Jokes, WhatsApp jokes, best Google search jokes Assamese, Humorous jokes

    ReplyDelete

Liked it? Please share with your friends.