Gajari: the Best of Indian Jokes: বিজুইৰ পেটৰ বিষ

June 13, 2015

বিজুইৰ পেটৰ বিষ

বিজুইৰ পেটৰ বিষ৷
তিতাবৰ তিনিআলিৰ ডাক্তৰৰ ওচৰলৈ গ'ল৷
ডাক্তৰে পৰীক্ষা কেইটামান কৰিবলৈ দিলে৷
ৰিপ'ৰ্ট লৈ বিজুই ডাক্টৰৰ চেম্বাৰ পালেগৈ৷
ডাক্তৰে ৰিপ'ৰ্টবোৰ চাই-চিতি বিজুইক ক'বলৈ ধৰিলে৷
ডাক্তৰ - আপোনাৰ ৰোগৰ বিষয়ে যিটো কথা আপোনাক ক'ম সেয়া শুনি আপোনাৰ বহুত দুখ লাগিব৷
বিজুই - কওকছোঁন কি হৈছে৷
ডাক্তৰ - আপুনি নিজৰ কলিজাত শিল থৈ লওক৷
বিজুই - ইয়াত শিল ক'ত পাম৷ বাৰু হ'ব, এই ৱেইট জোখা মেছিনটোকে লৈ লৈছোঁ বুকুত৷ এতিয়া কওক৷
ডাক্তৰ - আপোনাৰ এটা কিডনি ফেইল হৈছে৷
বিজুই - কি?
(বেকগ্ৰাউন্ডত ভায়োলিনৰ কৰুণ সুৰ এটা বাজি গ'ল)
ডাক্তৰ - হয় ঠিকেই শুনিছে৷ আপোনাৰ ভাগ্য বেয়া৷ এতিয়া এটা কিডনি লগাব লাগিব৷
বিজুই - চাৰ, হেৰি নহয়৷ মানে ফেইল হৈছে যেতিয়া গ্ৰেছ মাৰ্ক দি পাচ কৰাই দিব নোৱাৰে নেকি?

~ Bhaskarjyoti

No comments:

Post a Comment

Liked it? Please share with your friends.