Gajari: the Best of Indian Jokes: Modern বচন

June 13, 2015

Modern বচন

ডাকৰ বচনৰ আগতেও এই বচন খিনি ফেমাছ আছিল হেনো: -

ক) আপোনাক যদি কুকুৰে কামোৰে, তেন্তে তাক উলোটাই কামোৰক| তেতিয়া কুকুৰটোৱেও শিক্ষা পাব|
খ) যদি গাখীৰ ফাটি যায়, তেতিয়া হেনো বস্তা চিলোৱা বেজীৰে সী পেলাব লাগে| গাখীৰখিনি বহুতদিনলৈকে নফটাকৈ থাকিব|
গ) যদি আপোনাৰ ওকণি হৈছে, তেন্তে মূৰৰ চুলিখিনি খুৰাই পেলাওক; আৰু নিভিয়া ফেচ ক্ৰীম ঘঁহক; ওকণি নাহে, আৰু আহিলেও পিছলি পৰিব|
ঘ) যদি দাঁত পোকে খায়, গোটেইকেইটা দাঁত উভালি পেলাওক| খাবলৈ নাপাই পোক যেতিয়া পলাব, তেতিয়া নকল দাঁত কিনি লগাওক|
ঙ) যদি প্ৰচণ্ড মূৰত বিষ অনুভৱ কৰিছে, তেতিয়া হাতুৰী এটা লৈ নিজৰ ভৰিৰ ঠিক বুঢ়া আঙুলিৰ ওপৰতে মাৰ মাৰি দিয়ক| মূৰৰ বিষ ছেকেণ্ডাৰী হৈ পৰিব|

~ Changmai

No comments:

Post a Comment

Liked it? Please share with your friends.