Gajari: the Best of Indian Jokes: Nature and Future

June 13, 2015

Nature and Future

কলেজৰ দিনৰ ৰিয়াল কেচ:

ইংৰাজী প্ৰফেচৰক এদিন ভাস্কোদাই সুধিলে:
চাৰ নটুৰে শব্দটোৰ অৰ্থ কি? প্ৰফেচৰ চাৰ আচৰিত।35 বছৰীয়া চাকৰি জীৱনত প্ৰথমবাৰ শুনিছে শব্দটো।তথাপি হাত সাৰিবলে ক'লে কালিলৈ ক'ম।ঘৰত আহি গোটেই বিলাক অভিধান চলাথ ।নাই শব্দটো নাই।পিচদিনা ভাস্কোদাই আকৌ প্ৰফেচাৰক সুধিলে চাৰ নটুৰে মানে কি?সেইদিনাও প্ৰফেচাৰ চাৰে কিবা এটা ফাকি দি সাৰি আহিল।কিন্তু জন্মৰ পৰাই মানুহক কামোৰ দিম বুলি অহা ভাস্কোয়ে ইমান সহজে এৰা ভকত নে?যেতিয়াই পাই তেতিয়াই প্ৰফেচাৰক সোধে চাৰ নটুৰে মানে কি?পলায় পলায় ও তত নাপায় প্ৰফেচাৰে এদিন ক'লে :-অই ভাস্কো নটুৰে শব্দটোৰ বানান টো কচোন।
ভাস্কো:-NATURE

প্ৰফেচাৰৰ খঙে চুলিৰ আগ পালেগৈ

"মুৰ্খ ,নেচাৰ শব্দটোক নটুৰে কৈ তয় মোৰ লগত ধেমালী কৰিব আহিছ।চাই থাক প্ৰিন্সিপালক কৈ তোক কলেজৰ পৰা বাহিৰ কৰি দিম।

ভাস্কো:-চাৰ প্লিজ মই ভৰিত ধৰিছো।এনেকুৱা অন্যায় কাম নকৰিব।নহ'লে যে মোৰ ফুটুৰে (FUTURE )টো বৰবাদ হৈ যাব।
প্ৰফেচাৰ জন তেতিয়াই চেটেপ।

~ Bijoy Mahanta

No comments:

Post a Comment

Liked it? Please share with your friends.