Gajari: the Best of Indian Jokes: কিমানটা ষ্টাৰৰ ভিতৰত ফ’ৰ ষ্টাৰ?

August 04, 2015

কিমানটা ষ্টাৰৰ ভিতৰত ফ’ৰ ষ্টাৰ?

আমফিয়ে  সৰু থাকোতে ছবি আঁকি খুব ভাল পাইছিল|
এদিন গধুলি তাই এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য আঁকিছিল|
এখন পাহাৰ, তাৰ মাজৰ পৰা এখন নৈ বৈ আহে| নৈখনৰ পাৰত চাৰিটামান ঘৰ থকা এখন গাওঁ| চাৰি-পাঁচজোপা গছ| আকাশত ‘ব্ৰেকেট’ৰ দৰে চাৰিটামান চৰাই|
যি কি নহওঁক ছবি অকাঁ হোৱাৰ পিছত তাই টিউচন বাইদেউক দেখুৱালে|

বাইদেউ: ভাল হৈছে| ফ’ৰ ষ্টাৰ দিব পাৰি|
আমফি: কিমানটা ষ্টাৰৰ ভিতৰত বাইদেউ?

বাইদেউৱে একো নকৈ মুকলি আকাশৰ তলত তাইক হেনো পাঁচমিনিট ফুৰাই আনিলে|

< হি: হি: হি: হি:>

- Shasanka Medhi

No comments:

Post a Comment

Liked it? Please share with your friends.