Gajari: the Best of Indian Jokes: ইয়াত বৰ আন্ধাৰ ...........

August 04, 2015

ইয়াত বৰ আন্ধাৰ ...........

থুলুকৰ ঘৈনীয়েক মালতীৰ ওচৰৰে হৰেনৰ লগত বহুদিনীয়া হিয়া-দিয়া-নিয়া চলি আছিল| থুলুক নোহোৱা চান্সতে হৰেনে মাজে সময়ে মালতীৰ হাতৰ চাহ একাপ খাবলৈ আহে|

এদিন কি হ’ল হৰেনে থুলুকৰ ঘৰত চাহ খাই থাকোতে থুলুকৰ দহ বছৰীয়া পুতেকতো আহি পালে| সি হৰেনক দেখি মনে-মনে সিহঁতৰ ধান থোৱা ভড়াঁলটোত সোমাই থাকিল| কিছু সময় পিছত থুলুকো আহি পোৱাত হৰেনেও চিধাই ভড়াঁলটোলৈ বুলি লৰ দিলে| তাৰ পিছত ভড়াঁলত-

থুলুকৰ পুতেক- ইয়াত বৰ আন্ধাৰ ন?
হৰেন: অ’
থুলুকৰ পুতেক- আমাৰ ধান কটা কাঁচিখন বিক্ৰী কৰিম| কিনিব নেকি?
হৰেন: নালাগে|
থুলুকৰ পুতেক: নিকিনিলে মই দেউতাক মাতি দিম|
উপায় নাপাই হৰেনে কাঁচিখন ৫০০ টকাত কিনিলে|

এসপ্তাহ পিছত আকৌ একেটা ঘটনাৰে পুনৰাবৃত্তি হ’ল| এইবাৰ থুলুকৰ পুতেকে সিহঁতৰ হালোৱাটোৰ পুৰণা চাৰ্টতো ৫০০ টকাত বিকিলে| শেষত থুকুকৰ পুতেকে ঘৰৰ বস্ত বেছা বুলি গম পোৱাত তাক নামঘৰলৈ লৈ গ’ল|
হৰেন: কি হে থুলুক| ইয়াক কেলৈ আনিলে?
থুলুক: ই বেটাই ঘৰৰ চব বস্ত বেছি তহিলং কৰিছে| ই আজিৰ পৰা এনে কাম নকৰো বুলি শপত খাব লাগিব|
থুলুকৰ পুতেক: ইয়াত বৰ আন্ধাৰ ন?
হৰেন: চুপ বেটা! একদম চুপ| মোৰ হাতত আৰু পইচা নাই|

 by Shasanka Medhi

No comments:

Post a Comment

Liked it? Please share with your friends.