Gajari: the Best of Indian Jokes: অলম’ষ্ট পি.কে.ৰ অসমীয়া ৰিমেক আউ....

August 04, 2015

অলম’ষ্ট পি.কে.ৰ অসমীয়া ৰিমেক আউ....

“ছেণ্টু দা হাফপেণ্ট এণ্ড চৰ পে গামোছা” নামৰ এলিয়েন প্ৰাণীটোৰ স্পেছশ্বিপখন ক্ৰেছ হ’ল, এণ্ড্ৰমিডা গেলেক্সীত, মাত্ৰ তিনি পোহৰ বছৰৰ আগৰ কথা। হাতীপটি গেলেক্সিৰ সৌৰজগত নামৰ চ’লাৰ চিষ্টেমটোত থকা পৃথিৱী নামৰ গ্ৰহটোৰ ভাদৈ পাঁচ-আলি নামৰ ঠাইখনৰ মধ্যাকৰ্ষণ শক্তি এণ্ড্ৰমিডাতকৈ ১০০ গুন বেছি হোৱাৰ বাবে, ভাদৈয়ে ছেণ্টুক আকৰ্ষণ কৰি নিজৰ ওচৰ পোৱালেহি, মানে সেই নংগা পুংগা দোষ্ট ৰূপত। শুনামতে তেখেত ভাদৈত অৱতৰণ কৰাৰ লগে লগে ইমান শক্তি উৎপন্ন হ’ল যে নেপকো নামৰ কোম্পানী এটাই সেই শক্তিৰে বিদ্যুৎ উৎপাদন কৰা আৰম্ভ কৰিলে।
অৱতৰণ কৰিয়েই ছেণ্টুৱে হিলি থকা গাড়ীৰ পৰা পকেট মাৰি পোৱা পইচাৰে তিনিপোৱা গাহৰি ফ্ৰাই আৰু দেৰবটল সাঁজ গলাধকৰণ কৰিলে আৰু ভৱিষ্যত কাৰ্যপন্থা চিন্তা কৰি শেষত টিভিত চিনেমা চাই টাইম পাছ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু সেই চিনেমালব্ধ জ্ঞান তেওৰ ডিঙিত পিন্ধি থকা লকেট ৰিম’টটোৰে নিজৰ গ্ৰহলৈ প্ৰেৰণ কৰি থাকিল।

চাইনিজ চিনেমা চোৱাৰ পাছত
“ পৃথিৱীত মানুহে বাঁহ গছৰ ওপৰলৈকে জপিয়াব পাৰে, আৰু একে ভুকুতে পোন্ধৰ চপৰা ইটা ভাঙি দিব পাৰে। তেওলোকে বাঁহ কাঠিৰ দৰে খৰিকা দুদালেৰে পেলুৰ নিচিনা দীঘল বস্তু কিছুমান খাই আৰু মতা মাইকী সকলোৱে দীঘল চুলি আৰু মোচ ৰাখে, লিংলিঙিয়া। পৃথিৱীখন আজিকালিও ৰজা ৰাণী, কেৰাটে গুৰু আদি লোকেই চলাই থাকে। মাজে মাজে তেওলোকে এনেকুৱা কম্পিটিচন কৰে য’ত মানুহ মাৰি পেলোৱাও লিগেল।“

হলীউডৰ চিনেমা চোৱাৰ পাছত
:ওৱা কে%#×, পৃথিৱীৰ ৯০% মানুহেই দেখোন হয় চুপাৰ হিৰ', নহয় পাগল বিজ্ঞানী, নহয় ফাটাফাটি যাদুকৰ। দুই এটা নৰ্মেল মানুহ থাকিলেও, সেইকেইটাৰ কাম নাই, সিহঁত খালি এই ওপৰত কোৱাবোৰৰ পৰা হয় পলাই ফুৰে, নহয় সিঁহতৰ কৃপাতে জীয়াই থাকে। আৰু আমেৰিকাৰ ৰজাই যি মন যায় তাকে কৰিব পাৰে।

বলীউডৰ চিনেমা চোৱাৰ পাছত
“ আহা, বৰ ৰোমাণ্টিক দেই পৃথিৱীখন, পৃথিৱীৰ মানুহবোৰে দিনৰ দিনটো গান গাই থাকে, তথাপিও কোটি কোটি টকাৰ ঘটে। প্যাৰ কা দুচমন বাদ দি তেওলোকৰ জীৱনত কোনো সমস্যা নাই। পৃথিৱীৰ বেয়া মানুহ বিলাক আইডেণ্টিফাই কৰিবলে একো সমস্যা নাই, দাড়ি, মোচ আৰু চকুৰ চাৱনিতে গম পাই যোৱা যায়।আৰু লগতে................. সত্যৰ সদায় জয়।

চাউথ ইণ্ডিয়ান চিনেমা চোৱাৰ পাছত
“ আনলাইক আৱাৰ অউন প্লেনেট, পেটুৱা, চুলি পকা এণ্ড টপা পিপল আৰ ইনফেক্ট চেক্সী। ধুনীয়া ধুনীয়া ছোৱালী এওলোকৰ প্ৰেমত পৰে, তেওলোকক পতাবৰ কাৰণে সেই ছোৱালীবোৰে জলপ্ৰপাতত এখন মাত্ৰ বগা শাৰী পিন্ধি গান গাই, নাচে, অনেক কাৰচাজী কৰে। তেওলোকৰ শত্ৰুতা কৰা মানুহ বিলাকক থংগাৱল্লী বুলি কোৱা হয়। সেই ভাল মানুহ বিলাকে উৰিব পাৰে, একে ঘোচাই ৫০ টা মান মানুহ মাৰিব পাৰে, আৰু সেয়ে তেওলোকে শেষত গৈ থংগাৱল্লীক ধ্বংস কৰি দিয়ে।আকৌ সত্যৰ সদায় জয়।

বাংলা ছিনেমা চোৱাৰ পাছত
“ হে হে হে, কিনো কম, কিবা লোকৰ গা, লোকৰ গা লাগিছে দেখোন দেহাটো। পৃথিৱীত ভগৱান প্ৰদত্ত নিয়ম নচলে, ইয়াত ল’ৰাই ল’ৰাৰ লগত আৰু ছোৱালীয়ে ছোৱালীৰ লগতহে প্ৰেম কৰে। পৃথিৱীত মানুহ বিলাকে কি কাম, কিয় কৰে বুজা টান যদিও, তেওলোকক চাই থাকি ভালেই লাগে দিয়কচোন।

অসমীয়া চিনেমা চোৱাৰ পাছত
“ বৰ দুখ ঔ, পৃথিৱীত জীৱনটো বহুত দুখেৰে ভৰা। মই চুইচাইড কৰি মৰি যাও দেই দুখতে, বাই বাই ”


By Abhijit Kalita @Assamese Jokes

No comments:

Post a Comment

Liked it? Please share with your friends.