Gajari: the Best of Indian Jokes: হিমুদাৰ বিয়াৰ কাহিনী

August 22, 2016

হিমুদাৰ বিয়াৰ কাহিনী

বহু জল্পনা কল্পনাৰ পিছত হিমুদাই সিদ্ধান্ত ললে যে অতি হিচাপী আৰু কৰাইচ ছোৱালী আনিলেহে এইটো যুগত চলিব পৰা যাব৷
সকলোকে কৃপণ ছোৱালী বিচাৰিবলৈ লগাই দিয়া হ’ল আৰু এদিন ৰিণ্টুদাই শুভবাৰ্তাটো আনিলে- এজনী অতি কৰাইচ ছোৱালী পোৱা গৈছে এখন গাৱঁত ।

হিমুদাক লগত লৈ ৰিণ্টুদা, অভিদা আৰু চাৰিজন সাংগো-পাংগো ওলালগৈ মানুহ ঘৰত ।

লিভিং ৰুমত সোমায়েই হিমুদাৰ দিল খুচ । পীৰা ৫ খনৰ বাদে একোৱেই নাই৷
অলপ পিচত কইনা আহিল হাতত চাহ লৈ ।
উৰি বাবা, এইয়া কি -- ? ভীমকল এটা তিনিডোখৰ কৰি দিছপ’জেবল গ্লাছত ৰঙা চাহ ।

হিমুদাই মনে মনে ভাবিলে --- এক্কেবাৰে সঠিক জেগালৈকেই আহিছো ।

চাহৰ পৰ্বৰ পিছত এইবাৰ ভাত খোৱাৰ নিমন্ত্ৰণ আহিল ।

আটাইকেইটা হাত চাত ধুই সাজু--- ভাত আহিল৷ কাষতে দালিৰ নামত কেৱল পানী । হিমুদাই পানীৰ লগত তিনিটামান দালি ঢালি অনা বাতিটোৰ ফালে চাই ৰ’ল । কইনাৰ মাকে মাত লগালে --- বোপাই খোৱা দেই । দাইলৰ যিহে দাম৷ এনেকৈয়ে আৰু ।

হিমুদাও কম নহয় -- মইতো কেতিয়াবা এটা জলকীয়া দিয়েই ভাত খাই দিওঁ । বজাৰত পাচলিৰ যিহে জুই চাই দাম৷ (Assamese Jokes from গাজাৰী ডট কম)

জলকীয়াৰ কথা ওলোৱাৰ লগে লগে ছোৱালীৰ মাকে কলে --- "আইজনী পাকঘৰত কালি বাৰীৰ পৰা আনি থোৱা জলকীয়া তিনিটা আছে তাৰে এটা তিনিফাল কৰি লৈ আহ৷"
কথা মতেই কাম ।
কইনা গ’ল জলকীয়া ফালিবলৈ৷ কিন্তু বহু সময় ধৰি ওলাই নহাত মাকে মাত লগালে -- কি হ’ল ঔ আইজনী ?

আইজনীয়ে লাজ লাজকৈ ওলাই আহিল --- মানে জলকীয়াটো ফালোতে জলকীয়াৰ গুটি তিনিটা
তলত পৰিলে৷ দুটা পালো । আনটো বিচাৰি আছিলো ।


হিমুদাই লগে লগে বিয়াৰ তাৰিখ ফিক্স কৰি থৈ গুচি আহিল৷

No comments:

Post a Comment

Liked it? Please share with your friends.