Gajari: the Best of Indian Jokes: মহিষাসুৰক দেখি এডজাষ্ট হৈ গ’ল

September 30, 2016

মহিষাসুৰক দেখি এডজাষ্ট হৈ গ’ল

বিজয়ৰ মৰমলগা অকণমাণিটোৱে দেউতাকৰ কোলাত উঠিলেই কান্দে। সদায়।
বেচেৰাৰ মনটো একদম বেয়া। নিজৰ ল'ৰাটোৱে দেউতাকক দেখিলেই যদি কান্দে চবৰে দুখ লাগিবই দিয়কছোন।
তেনেকৈৱে পূজা গ'ল।
মনৰ দুখতে দেৱীৰ আগত সি এপোৱা ঘীৰ চাকি এটিও জ্বলালে। নৱমীৰ দিনা প্ৰীং নকৰি ব্ৰতো ৰাখিলে।
তথাপি যিমান পাৰি সিমান মণ্ডপত পূজা দেখুৱালে সিহঁতক।
সঁচাকৈ দশমীৰ পিছদিনা বৰেণ্যই দেউতাকক দেখিলেই হাঁহি দিয়া হ'ল।
তাৰ কোলালৈ এবাৰতে অহা হ'ল।
ফুৰ্তিতে বিজুইয়ে এদিন তাৰ লগত খেলি থাকোঁতে তাৰ চিৰিমতীয়ে ক'লে
" সি পুজা চাই চাই এডজাষ্ট্ হৈ গ'ল দেখিলা? তোমাক ভয় নোখোৱা হৈ গ'ল"

This Assamese Joke is written by Utpala Kaur

No comments:

Post a Comment

Liked it? Please share with your friends.