Gajari: the Best of Indian Jokes: মিউজিয়ামৰ লাওখোলা in Assamese jokes

September 30, 2016

মিউজিয়ামৰ লাওখোলা in Assamese jokes

প্ৰিন্চিপালে টেটৰ মাষ্টৰনী এজনীৰ লগত স্কুলৰ ছাত্ৰ ছাত্ৰী বোৰক গৰম বন্ধত গুৱাহাটীত মিউজিয়াম চাব পঠালে৷ মাষ্টৰনীৰ বুৰঞ্জী কেঁচা আছিল যদিও ভাবিলে "ইহঁতক কিবা এটা কলেই হ'ল কিনো গম পাব?"
গতিকে প্ৰথমে মিউজিয়ামত সোমাওতেই নাওখন দেখাত পোৱালীবোৰে সুধিলে- ’ বাইদেউ এইখন কাৰ নাওঁ হয়? ইমান ডাঙৰ৷ "

মাষ্টৰনীয়ে কলে-  "অসমত আগতে লাচিত বৰফুকন বুলি ডাঙৰ বীৰ এজন আছিল এইখন নাওঁ তেওঁৱে চলাইছিল ৷ "

অলপ পাচত মস্ত মস্ত কেৰাহী বাচন বৰ্ত্তন বোৰ দেখি সুধিলে: "বাইদেউ ইয়াত কোনে খাইছিল?"
মাষ্টৰনীয়ে কলে: "লাচিত বৰফুকনে এই পাত্ৰত ৰন্ধাই খাইছিল৷"

মস্ত মস্ত কাপোৰ বোৰ কাৰ বুলি সোধাত বাইদেউৰ একে উত্তৰ- এইবোৰ লাচিত বৰফুকনৰে৷
মুঠতে সকলোবোৰ লাচিত বৰফুকনৰে৷ এনেতে তাত থকা হাতীৰ লাওখোলা দেখি সুধিলে: বাইদেউ এইয়া কি?
মাষ্টৰনীয়ে কলে: এইয়াও লাচিত বৰফুকনৰে৷
ছাত্ৰ ছাত্ৰীবোৰে ভাবিলে ঠিকেই আছে,ইমান ডাঙৰ নাও চলায়, ইমান ডাঙৰ কাপোৰ পিন্ধে, ডাঙৰ পাত্ৰত খায়, ইমান প্ৰকান্ড মানুহৰ লাওখোলা ডাঙৰ হোৱাটো স্বাভাৱিক কথা৷

এনেতে তাত মানুহৰ লাওখোলা এটা দেখাত সুধিলে: "বাইদেউ ডাঙৰটো বুজিলো এই সৰু লাওখোলাটো কাৰ?"

মাষ্টৰনীয়ে অলপ ভাবি টপৰাই কলে: " অ এইটো? এইটো লাচিত বৰফুকনৰ সৰু কালৰ আকৌ৷"


- ধূৰ্জ্জটি

No comments:

Post a Comment

Liked it? Please share with your friends.