Gajari: the Best of Indian Jokes: মেট্ৰিক পৰীক্ষা

June 03, 2020

মেট্ৰিক পৰীক্ষা

ৰস ৰচনা:-"আমাৰ দিনৰ মেট্ৰিকৰ ৰিজাল্ট।"

ৰাতিপুৱাৰ পৰা ঘৰখনত গোমা পৰিবেশ এটা বিৰাজ কৰিছে। আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। প্ৰাৰ্থী এই অভাজন।

অপেক্ষা মাথো কিছু সময়ৰ। তাৰপিছত ইমানদিনে সকলোৰে চকুত ধুলি মাৰি বাছি থকা মোৰ সমস্ত অহংকাৰ জলজল পটপটকৈ ওলাই পৰিব।

এই পঢ়া-শুনাৰ বাবেই জীৱনত বহুত দুখ-কষ্ট সহ্য কৰিছো। আজি কেইদিনমানৰপৰা কলৈকো মুক্ত মনে ওলাব নোৱাৰা হৈছো। আনকি ঘৰতো শান্তিৰে থাকিব নোৱাৰা হৈছো। সকলোতে কেৱল ৰিজাল্টৰ কথা।

:-"অই, সেইটো ৰঞ্জন নহয়নে। আও,তোক লগেই নোপোৱা হলো যে, এইফালে আহঁ।"--চাইকেলখন লৈ গাওঁৰ তিনিআলিটোৰ ফালে ওলাই গৈছিলোহে,হেমধৰ বৰদেউতাই দেখা পাই মাতিলেই নহয়।

:-"কওকছোন বৰদেউতা।"--সোঁ-ভৰিখনেৰে মাটিত ভৰিখন দি চাইকেলৰ ওপৰৰপৰাই মাত লগালো।

:-"পৰীক্ষা কেনেকুৱা হ'ল?"

:-"পৰীক্ষা ভালেই হৈছে । ফাষ্ট ডিভিজনটো পাব লাগে।"- মই কলো।

:-"পাবি পাবি । এনেও আজিকালি পৰীক্ষা ইমান টান নহয়। আমাৰ দিনৰ মেট্ৰিক পৰীক্ষা কিমান টান আছিল। তিনিবাৰৰ মূৰতহে মই পাছ কৰিলো। তাৰপিছত আৰু চাকৰি পালোৱেই।"-বৰদেউতাৰ মূখৰপৰা আত্মসন্তুষ্টিৰ হাঁহি এটা নিজে নিজেই ওলাই গ'ল।

মই একো নামাতিলো। মনতে ভাবিলো,আমিও ছাগৈ এটা সময়ত পো-নাতিবোৰৰ আগত এনেকৈয়ে কম।

"আমাৰ দিনৰ মেট্ৰিক পৰীক্ষা কিমান টান আছিল। এবাৰতেই মই পাছ কৰিছিলো।" তাৰপিছত ছাগৈ গৰ্বত মোৰ বুকুখন ফুলি যাব। মূখেৰে হাঁহি এটা নিগৰি আহিব।

সৌ সিদিনা মোৰ দেউতাৰ লগৰ নৰেন খুড়া আহিছিল। আলহীয়ে চাহ-তামোল খোৱাৰ পিছত সদায় মতাৰ দৰে সেইদিনাও মোক মতা হ'ল।

:-"বাবু, চাওঁ এইফালে আহাঁছোন। এই খুড়াই মাতিছে।"-মা নতুবা দেউতাই মোক মৰমেৰে মাতে। একেকোবে "তই" পৰা গৈ "তুমি" বুলি সন্মোধন কৰে।

ন-কন্যা অহাৰ দৰে মই লাহে লাহে ৰুমটোলৈ সোমাই আহোঁ। তাৰপিছত কোঠাটোৰ নিদিষ্ট এটা চুকত মই ৰৈ যাওঁ।

:-"এইটোৱেই আমাৰ ল'ৰা। এইবাৰ মেট্ৰিক দিছে। পঢ়া-শুনাত বৰ এটা ভাল নহয়। জানো কি কৰে আৰু ।"-মোক লৈ মা নতুবা দেউতাই হুমুনিয়াহ কাঢ়ে ।

তামোল চোবাই চোবাই অতপৰে মোৰ আপাত দৃষ্টিক নিৰীক্ষণ কৰি থকা আলহীয়ে মত বিনিময় কৰে।

:-"নামটো কি তোমাৰ?"

:-"নমস্কাৰ, মোৰ নাম ৰঞ্জন বৰা।"

:-"ভালকৈ পঢ়া-শুনা কৰিবা।মোৰ ছোৱালীয়ে যোৱাবছৰ মেট্ৰিক পৰীক্ষাত চাৰিখনত লেটাৰ পাই পাছ কৰিছে। এতিয়া বিজ্ঞান বিভাগত পঢ়ি আছে।"-এইবুলি কৈ আত্মসন্তুষ্টিৰ হাঁহি এটা ওঠৰ ফাকেদি নিগৰি আহে।

মই নখকেইটাকে লিৰিকি-বিদাৰি ইফালে-সিফালে চাই প্ৰমাদ গনো।

এনেকুৱা অনেক জীয়া কাহিনীৰ মাজেদি পাৰ হৈ আহি আজি মই এই ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হবলৈ ওলাইছো। আৰু বেছি পৰ নাই।

ইতিমধ্যে ঘৰখনৰ পৰিবেশটো সলনি হ'ল। দুই-এজন গাওঁৰে মানুহ আহিল। দূৰৈৰ গাওঁৰপৰা মামী আৰু মাহী আহি ওলালহি। লগতে পাকঘৰৰ পৰা মিঠাইৰ গোন্ধ এটা ভাঁহি আহি মোৰ নাকত লাগিলহি। খংঙ উঠি গল। ৰিজাল্টেই পোৱা নাই,এইবোৰ কিহৰ আগতীয়া যোগাৰ। কিহৰ? খঙতে মই নিজৰ ৰুমলৈ সোমাই গলো।

মই ৰুমৰ ভিতৰতে নিজকে আবদ্ধ কৰিলো। এবাৰ পৰীক্ষাৰ প্ৰশ্নকাকত কেইখন উলিয়াই ওপৰে ওপৰে শেষবাৰৰ বাবে হিচাপ এটা কৰি চালো। নাই নহব, মই খাটাং ফেইল। থঠীৰাম বৰদেউতাক এনেইহে কৈছিলো ফাষ্ট ডিভিজন পাম বুলি।আজি মোৰ সকলো আত্মসন্মান পানীৰ লগত মিলি যাব।তেনেতে বাহিৰত কাৰোবাৰ চিঞৰ শুনা পালো। একেজাপে আহি চোতাল পালোহি।

:-"ঐ, আমাৰ বকুলনী হাইস্কুলৰ ৰিজাল্ট ভাল। হেডমাষ্টৰক ওপৰৰপৰা জনাইছে।"-গাওঁৰ বলো বৰদেউতাই আমাৰ ঘৰৰ পদূলিত চিঞৰি কৈ গ'ল।

:-"ডিভিজন কেইটাই পাইছে? লেটাৰ?"-দেউতাই চিঞৰি সোধালৈ বলো বৰদেউতাৰ চাইকেল বহু দূৰ পালেগৈ। ছেহ।

তাৰ অলপ পিছতে সৰুমামা কোবাকোবিকৈ আমাৰ ঘৰ ওলালহি।

:-"ভিনদেও, বাবুয়ে ডিভিজন পাই পাছ কৰিছে। গাওঁৰ তিনিআলিত শুনি আহিছো।"

:-"কি ডিভিজন পালে??"-আমি সবেই মামাৰ মূখলৈ চালো।

:-"সেইটো নাজানো। মই ডিভিজন পাইছে বুলি শুনিয়েই দৌৰা-দৌৰিকৈ আহিছো।"

অন্তত মই পাছ কৰিছো বুলি মনত সাহস এটা পালো। গতিকে ৰিজাল্ট লবলৈ নিজে স্কুললৈ যাবলৈ থিৰাং কৰিলো। চাইকেলখন লৈ স্কুল ওলালোগৈ।

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। কি দেখিছো এইবোৰ। স্কুলৰ গেটতে সকলোৱে মোক ঘেৰি ধৰিলে। জুনিয়ৰ কেইটামানে আহি আনন্দতে মোক ডাঙি গোটেই খেলপথাৰখনত এপাক ঘুৰাই দিলে। তাৰপিছত অফিচৰ দুজনমানে যেনে-তেনে সিহঁতৰ মাজৰপৰা মোক টানি আনি হেড ছাৰৰ অফিচলৈ লৈ গলহি।

:-"বহুত বহুত শুভেচ্ছা, ৰঞ্জন। আমি ভাবিবই পৰা নাছিলো তুমিযে ইমান ভাল ৰিজাল্ট কৰিবা। তুমি চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ষ্টাৰ মাৰ্ক লাভ কৰিছা।"-এইবুলি কৈ হেডছাৰে গামোছাখন ডিঙিত পিন্ধাই দিলে।

নিজৰ ওপৰতে বিশ্বাস হেৰাই গল। এইয়া কেনেকৈ সম্ভব। কাকো একো কবলৈ সুবিধাই নিদি এইবাৰ মোক দুজনমান ছাৰে টানি বাহিৰলৈ লৈ আহিলে। সকলো ছাত্ৰ-ছাত্ৰীৰ আগত মই দুআষাৰ কব লাগে।

কি কম!! বুকুখন চিৰিংকৈ মাৰিলে। নিজে ভাবি তত পোৱা নাই, মই ইমান ভাল ৰিজাল্ট কেনেকৈ কৰিলো। তথাপি সঁচাই মিছাই কিবা অলপ কবলৈ চেষ্টা কৰিলো।

তেনেতে ভিতৰৰ পৰা হেডছাৰ ওলাই আহিল। ছাৰে কিবা এষাৰ কয় হেনো।

"ছাত্ৰ-ছাত্ৰীসকল, ৰিজাল্টৰ খবৰটোত আমাৰ সৰু ভুল এটা হৈই গল। আচলতে ৰঞ্জন বৰা নামৰ আমাৰ দুজন প্ৰাৰ্থী আছিল। গতিকে ভদ্ৰকান্ত বৰাৰ পুতেক ৰঞ্জন বৰাইহে চাৰিখনত লেটাৰ ৰ্মাকসহ ষ্টাৰ নম্বৰ লাভ কৰিছে। আৰু চন্দ্ৰকান্ত বৰাৰ পুতেক ৰঞ্জন বৰাই এইবাৰ পৰীক্ষাত ফেইল কৰিছে।"

সকলোৰে মাজত হাঁহিৰ ৰোল উঠিল । ফেইল !! এতিয়া আৰু মোক লৈ কোনেও আনন্দ নকৰে। লাজতে তলমূৰ কৰিলো। মনতে ভাবিলো,আগলৈ ছাগে পো-নাতিকহে গৌৰবেৰে কব পাৰিম-"আমাৰ দিনৰ মেট্ৰিক পৰীক্ষা কিমান টান আছিল। প্ৰথমবাৰ মই ফেইল কৰিছিলো।"

তাৰপিছত নিজকে লুকুৱাবলৈ প্ৰাণটাকি দৌৰিছো।



- By Sujit Bhuyan



Assamese Jokes

1 comment:

  1. Here, you can find all types of Assamese lyrics, from poems to new songs. Whether you're looking for something classic or contemporary, we have something for everyone. Our selection of Assamese lyrics is second to none, and we're constantly updating our collection to ensure that there's always something new to discover. So whatever your taste in music, be sure to check back often and see what's new in the world of Assamese lyrics.

    English Lyrics
    Hindi Lyrics
    Bhupen Hazarika Assamese lyrics
    Zubeen Garg Assamese lyrics
    Angaraag Mahanta Assamese lyrics
    Achurjya Borpatra Assamese lyrics
    Neel Akash Lyrics
    Dikshu Song lyrics

    ReplyDelete

Liked it? Please share with your friends.