সৰুকালৰ কথা৷
এবাৰ দেউতাই মাছ ধৰিবলৈ গৈছিল! তেখেতে মাছ ধৰি বৰ ভাল পাইছিল; খোৱাতকৈ ধৰি বেছি আনন্দিত হৈছিল৷
সেইদিনা আছিল দেওবাৰ- স্কুল বন্ধ। দেউতাই সহকাৰীজনক লগত লৈ মাছ ধৰিবলৈ গ’ল৷ সহকাৰী শিক্ষকজনো মাছ ধৰাত পাকৈত৷
ইমানেই পাকৈত যে সেইদিনা দুয়ো মাগুৰ মাছ এটাৰ বাহিৰে একো মাছেই নাপালে৷
আমাৰ মায়ে মাগুৰ মাছ নাখাইছিল৷
ছাৰক ক’লে- "আপুনিয়ে মাছটো কিবা এটা কৰক শইকীয়া৷ আপোনালোক অহা দেৰি হোৱা বাবে আমি ভাত খালোৱেই, আপোনালোক দুইজনে মাছটো কিবা এটা কৰি খাওক৷"
শইকীয়া ছাৰে ঢেঁকীঘৰত জুই ধৰি মাছটো কাটি ঘন ঘনকৈ কছি নিমখ হালধি লগাই বাঁহৰ খৰিকা এডালত সেকি মাছটো মচমচীয়া কৰি অলপ চেঁচা হ’বলৈ থৈ দিছিল৷
মাছটো দেখাত তেল দি ভজাৰ দৰে হৈছিল যদিও তেল দিয়া নাছিল৷ মাছটোত সানিবলৈ মিঠাতেল অলপ ভিতৰৰ পৰা আনোগৈ বুলি যাওঁতেই মাছটো নাইকিয়া হ’ল৷
মোৰ এতিয়াও মনত আছে- ছাৰে মাছটো খাবলৈ নাপাই খঙতে মেকুৰীজনীৰ গাত উতলা পানী ঢালিম ৰ’হ- বুলি গালি পৰা কথাষাৰ৷
পিছে মেকুৰীয়ে মাছটো নিয়া নাছিল ভাইটিয়ে ময়ে বিছনা তলত সোমাই মাছটো মুৰুক মুৰুককৈ চো খাই এনে তৃপ্তি পাইছিলো এতিয়াও মনত পৰিলে জিভাৰ পানী পৰে৷
-পুষ্পাঞ্জলি বৰা
No comments:
Post a Comment
Liked it? Please share with your friends.