বাইকৰ পৰা হীয়ক নামিল| সি দোকানলৈ সোমাই গ’ল|
দোকানীক কৈ আগদিনাই বুক কৰি থোৱা ছেমছাং গেলেক্সী ফোনটো কিনিলে| মোবাইলটো বাকচৰ পৰা উলিয়াইছিল হে, তেতিয়াই খটক খটক কৈ হাইহিল পিন্ধা ধুনীয়া ছোৱালী এজনী সোমাই আহিল|
তাইক দেখি হীৰকে চাল মাৰি মোবাইলটোতে কথা পাতি দেখুৱাবলৈ ধৰিলে: য়া য়া, দুইলাখ টকা এডভান্স দি দিয়া| একো নাই, মই কাইলৈ তিনিলাখ দি দিম| অঁ, ডীল ফাইনেল...
ছোৱালীজনী আহি তাৰ ওচৰত ৰ’ল : এক্সচকিউজ মী চাৰ
হীয়ক: অঁ, য়া য়া, কোৱা....
ছোৱালী : আপুনি যিটো নতুন মোবাইলত কথা পাতি আছে, সেইটোত বেটেৰী নাই| মই বেটেৰীটো আনিবলৈ গৈছিলো | চাওঁ দিয়ক, লগাই দিওঁ... তেতিয়া বেছি ভালকৈ কথা পাতিব পাৰিব|
হীয়কে জনা নাছিল যে সেইজনী সেইখন দোকানতে কাম কৰা ছোৱালী বুলি....
No comments:
Post a Comment
Liked it? Please share with your friends.