বহুত দিনৰ আগৰ কথা। চিদ বুলি বিৰাট ধনী মানুহ এজন আছিল।
তেওঁ এদিন মানুহবোৰৰ মনবোৰ কেনেকুৱা, জানিবলৈ পৰীক্ষা এটা কৰি চাব খুজিলে, ব'লে তো ছচিয়েল এক্সপেৰিমেণ্ট।
তেওঁ লেতেৰা, ফটাছিটা পোচাক পিন্ধি ওলাই গ'ল। গৈ গৈ তেওঁ Dimpi Deka ৰ ঘৰ পালেগৈ।
কলিং বেল টিপিলত ডিম্পী ওলাই আহিলত চিদে ক'লে, "মই বৰ দুখীয়া। ভোকত আছোঁ মাজনী। মোক ভালকৈ বৰালীমাছ, কুকুৰাৰ জোলেৰে এসাঁজ খুৱাবানে?"
ডিম্পীয়ে বোলে, "ইচ ইচ কাকা। আপুনি কালি নাহিল কিয়? কালি মোৰ জন্মদিন আছিল নহয়, ব'ম ভাল ভাল খানা ওলাইছিল। আজি একো নাই।" এইবুলি ধাম-কৈ দুৱাৰ বন্ধ কৰি দিলে।
চিদ গৈ গৈ পালেগৈ Dhruba Bhuyan ৰ ঘৰ।
বোলে, "মোক এসাঁজ ভাত খুৱাবানে?"
ধ্ৰুৱই উত্তৰ দিলে, "মই বুঢ়া মানুহ। তাতে আজি মানুহজনীও নাই ঘৰত। বাই।"
চিদ এইবাৰ গৈ পালে Nabasmita Deka Bora ৰ ঘৰ। গৈ ভাত খুজিলেই।
নৱস্মিতাই বোলে, "মই জাষ্ট নেইলপলিশ্ব লগাইছো। এতিয়া একো ৰান্ধিব নোৱাৰিম। বেয়া নাপাব। দুমাহমান পাছত আহিব ককা।"
চিদে বুজি উঠিল। এই পৃথিৱীত দয়ালু মানুহ কমি আহিছে। চেং নামৰ দয়ালু মানুহ এজনৰ নাম বৰকৈ শুনি আছোঁ, তাতে গৈ চাওঁ।
চিদ গৈ চেঙৰ ঘৰ পালাক।
কলিং বেল টিপলাক।
নাবাজেই, লাইটৰ বিল দিব নোৱাৰাত বেলটোৱেই কাম নকৰে।
চেং ওলাই আহিল।
চিদে বোলে, "বোপা, শুনাচোন।",
চেঙে বোলে, "পাছত শুনিম। আপুনি মোৰ ভাত খোৱাৰ সময়ত আহি ওলালহি। আহক, আগতে এমুঠি অন্ন ধৰকহি।"
চিদ আবেগিক হৈ পৰিল। ইমান দয়ালু মানুহো আছেনে?
নিজৰ থালৰ পৰাই চেং বোলাজনে চিদক আধাফাল আলু বয়ল, অলপ নিমখ, আধা জলকীয়া আৰু এমুঠিমান ভাত দিলে।
তাকে পৰমান্নৰ দৰে চিদে গ্ৰহণ কৰিলে।
তেওঁ ভাবিলে, দুখীয়া হ'লে কি হ'ব, এই মানুহটোৰ দিল বড়া আছে।
তাৰ পাছত চিদে মোবাইলটো উলিয়াই ইউটিউৱত ধুম চিনেমাৰ "দিল বড়া, দিল বড়া, আপুন কী তু, আপুন তেৰা" গানটো লগাই দিলে আৰু দুয়ো বন্ধু মিলি খুব ডেন্স কৰিলে।
___________________________________________
#Assamese #Jokes #Koutuk #Funny
অসমীয়া সাহিত্যৰ এক অমূল্য অংশ এই অসমীয়া কৌতুক
ReplyDeleteআমি পঢ়া উচিত.