Gajari: the Best of Indian Jokes: ভদ্ৰ মানুহ

August 21, 2022

ভদ্ৰ মানুহ

চেং বা চেংমাইৰ ঘৰত ভাত খাই দুয়ো কাম এটাৰ বাবে মেট্ৰ ৰেলত উঠি ওলাই গ'লো। 

মেট্ৰ'ত আগৰে পৰাই মানুহ ধেৰ আছিল যিহেতু প্ৰথমতে বহিবলৈ আসন পোৱা নাছিলোঁ যদিও কিছু দূৰ যোৱাৰ পিছত বেলেগে বেলেগে দুয়ো বহিবলৈ চীট পালোঁ। মই গোটেই যাত্ৰাপথত মন কৰিলোঁ যে চেঙে এবাৰো কোনো এগৰাকী মহিলালৈ চকু ডাঙি চোৱা নাই। মহিলাৰ প্ৰতি  চেঙৰ সন্মান, মনোভাৱ দেখি মনটো ভাল লাগি গ'ল। আমি নামিব লগীয়া ষ্টেচনত যেতিয়া চেঙ ঠিয় হ'ল তেতিয়াহে বুজিলোঁ চেঙে কিয় কোনো মহিলালৈ মূৰ তুলি চোৱা নাছিল। 


তেখেতে ইমান দূৰ পথ মহিলাৰ বাবে সংৰক্ষিত আসনত বহি আহিছিল। 


- Sid

____________________

Assamese Funny Jokes, Indian Jokes, অসমীয়া কৌতুক

#Jokes #Assamese

1 comment:

  1. Anonymous8/22/2022

    Very Funny #Assamese #Joke
    This reminded me of the sense of humor of genuine Assamese people in India and USA.

    ReplyDelete

Liked it? Please share with your friends.