Gajari: the Best of Indian Jokes: Abhijit Kalita
Showing posts with label Abhijit Kalita. Show all posts
Showing posts with label Abhijit Kalita. Show all posts

January 15, 2016

আশাকৰো তোমালোক ফিটিং হৈ আছা (Episode 1)

[বি.দ্ৰ.:- কিছুদিনৰ পৰা গাজাৰীত অপ্ৰাপ্তবয়স্ক সদস্যৰ আমদানি বৃদ্ধি হোৱাত, বৃদ্ধসকল অলপ বিমোৰত পৰিল। আৰু সেইকাৰণে গাজাৰীৰ শিশুসকলৰ বাবে এটা শিতান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ’ল। এই শিতানটোৰ উদ্দেশ্য হ’ল শিশু গাজাৰীসকলৰ মাজত ভেলু এডিচন কৰি তেওলোকক ভৱিষ্যতৰ সু-গাজাৰী হিচাপে গঢ়ি তোলা। এই শিতানটোৰ দ্বায়িত্ব অমুকাক দিয়া হোৱা নাই যদিও, চান্সতে সুবিধা লৈ তেও ইয়াৰ উঠি ৰজা বহি ৰজা হবলৈ পাঙিছে। সেইকাৰণেই কথা নাই বতৰা নাই - শিতান আৰম্ভ কৰি দিয়া হৈছে। কাৰো সন্মতি নোলোৱাকৈ এই শিতানটোৰ নাম ৰখা হৈছে -“আশাকৰো তোমালোক ফিটিং হৈ আছা”। আজিৰ পৰা প্ৰত্যেক দিনাই এই শিতানৰ যোগে শিশু গাজাৰীসকলৰ মানসিক তথা আধ্যাত্মিক উৎকৰ্ষৰ বাবে কিছু বিশেষ প্ৰৱন্ধ প্ৰকাশ কৰা হব।]

** আশাকৰো তোমালোক ফিটিং হৈ আছা

মৰমৰ কণ কণ অকণিহঁত

আজি তোমালোকে যিটো গোটৰ সদস্য হৈ আছা এই গোটটোৰ ইতিহাসে আজি কেইবাহাজাৰ বছৰ চুলেহি। এই সময়খিনিত গাজাৰীৰ বহুতো সদস্যই নিজৰ জ্ঞান, বুদ্ধি তথা দূৰদৰ্শীতাৰ বলেৰে গাজাৰীক বিশ্ব দৰবাৰত এক উচ্চ স্থানত অধিস্থিত কৰিছে। আজি তোমালোকে সেই মহৎ লোকসকলৰ বিষয়ে জনা উচিৎ। কাৰণ তেওলোকৰ আদৰ্শ আৰু পথনিৰ্দেশনাৰ অবিহনে আমি এই সংসাৰ সাগৰত গুৰিবঠাবহীন নাঁৱৰ দৰে উটি ফুৰিব লাগিব। 
আমি সকলোৱেই নিজৰ ইতিহাস আৰু সংস্কৃতিৰ কথা জনা উচিৎ। সেই উদ্দেশ্যেই মই গাজাৰীৰ প্ৰতি সংখ্যাতে এই শিতানত এজনকৈ স্বনামধন্য গাজাৰীৰ জীৱন আৰু কৃতিৰ বিষয়ে তোমালোকক জনাবলৈ সিদ্ধান্ত কৰিছো। আশাকৰো তোমালোকে এইসকলৰ গাজাৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ জীৱন সথিক দিশেৰে আগবঢ়াই নিব পাৰিবা। এই শিতানত পোন প্ৰথমেই মই তোমালোকক জনাব বিছাৰিছো, গাজাৰীৰ সকলোতকৈ গুৰুত্বপূৰ্ণ লোক তথা হে’ড এডমিন ‘ ছেংমায়ন’ৰ বিষয়ে।

ছেংমায়নঃ- আজিৰ পৰা প্ৰায় তিনিহেজাৰ বছৰৰ আগতে যেতিয়া মানৱ জাতিৰ আন আন সদস্যসকলে প্ৰায় জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰিছিল, তেতিয়াই, গাজৰীৰ সভ্যতাই চূড়ান্ত শিখৰত অৱস্থান কৰিছিল। সেইকালৰ গাজাৰী শ্ৰীশ্ৰী ছেংমায়ন দেৱে এখন গ্ৰন্থ প্ৰণয়ন কৰিছিল, যিখনৰ নাম আছিল “টইলেট সূত্ৰ”। এই গ্ৰন্থখনত পাইখানা কৰাৰ ভিন ভিন নিয়ম আৰু তাৰ উপকাৰ বা অপকাৰ সম্পৰ্কে বিশদ বিৱৰণ দিয়া হৈছে। ইয়াৰ উপৰিও পাইখানা কৰাৰ নানান আসন বা প’জ আৰু তাৰ সুবিধাসমূহ বৰ্ণনা কৰা হৈছে। বিশ্বৰ কোন কোন প্ৰান্তৰ কোন কোন লোকে কেনেদৰে পাইখানা কৰে, পাইখান কৰাৰ আচল সুখ কেনেকে অনুভৱ কৰিব পাৰি, তাৰ ইতিহাস আৰু প্ৰক্ৰিয়া গ্ৰন্থখনত চিত্ৰসহকাৰে দিয়া হৈছিল। এই গ্ৰন্থখনৰ প্ৰভাৱ আজিও আমাৰ সমাজত বিৰাজমান! তাৰ প্ৰমাণস্বৰূপে তোমালোকে হনী সিঙৰ ‘me and friends latring in field’ নামৰ ৭১ জন লোকক টেগোৱা ফটোখনলৈ মন কৰিব পাৰা।
পায়খানা কৰা মানুহ এক সহজাত প্ৰবৃত্তি, হলেও পাইখানা কৰাৰ ইমান বিষদ বিৱৰণ থকা গ্ৰন্থ বিশ্বত বিৰল। বিখ্যাত জাৰ্মান সংস্কৃত পণ্ডিত লানী চিয়নে এই গ্ৰন্থখনৰ সম্পৰ্কে এইবুলি মন্তব্য কৰিছে - Though taking shit is a natural process, it’s still a taboo to talk about it in public, but the great Gajari Chengmayan has studied it is so detail, that too 3000 years back, and turned the mere act of taking shit to a graceful form of Art.
ভাবি চোৱাচোন মইনাহঁত, যিসময়ত আন মানুহে পশুৰ দৰে জীৱন কটাইছিল, নিজৰ পাইখানাকে খাদ্য বুলি গ্ৰহণ কৰিছিল, সেই সময়তে গাজাৰীত পাইখানা কৰাৰ ওপৰত গ্ৰন্থ প্ৰণয়ন কৰা হৈছিল। গতিকে মইনাহঁত, তোমালোকে গাজাৰীৰ ঐতিহ্যৰ সম্পৰ্কে সচেতন হোৱা প্ৰয়োজন, আজিলৈ এৰিলো।

মৰমৰে
তোমালোকৰ
হৃত্ত্বিক ৰৌছন খুড়া।

[কালিলৈ:- তোমালোকে জানা যে পৃথিৱীৰ প্ৰথম মহাকাব্য ৰামায়ন, যাক বাল্মিকীয়ে প্ৰণয়ন কৰিছিল, কিন্তু তোমালোকে হয়তো নেজানা, ৰামায়নতকৈয়ো আগতে এজন গাজাৰীয়ে এখন মহাকাব্য ৰচনা কৰি নিজৰ নাম চিৰযুগমীয়া কৰি থৈ গৈছে। এই বিষয়ে জানিবলৈ অপেক্ষা কৰা কাইলৈৰ সংখ্যালৈ]

(~ Abhijit Kalita)

আশাকৰোঁ তোমালোক ফিটিং হৈ আছা (Assamese Joke Series)

॥ আশাকৰোঁ তোমালোক ফিটিং হৈ আছা ॥

মৰমৰ মইনাহঁত
তোমালোকে গাজাৰীৰ ৰাজকুমাৰ কাম সন্যাসী চচাৰ নাম শুনিছানে। নাই শুনা যদি ভাল কথা, কিছুমান কথা নুশুনিলেই মংগল। তথাপিও, আজি মই তোমালোক সেইজন মহাপুৰুষৰ জীৱনৰ বিষয়ে কবলৈ ওলাওছো, কিদৰে তেও গাজাৰীৰ প্ৰেম আৰু সম্প্ৰীতিৰ (বিশেষকৈ প্ৰেমৰ) বাণী প্ৰচাৰ কৰিছিল।

গাজাৰীৰ ৰাজবংশত অতীতৰ এক মাহেন্দ্ৰক্ষণত ৰাজকুমাৰ চচাৰ জন্ম হৈছিল, তেও সৰুৰে পৰা অতি লাহ বিলাহৰ মাজত ডাঙৰ হৈছিল, তেও কেতিয়াও ডেডবডী বা বেমাৰী মানুহ দেখা নাছিল।তেও এনিটাইম আঠুৰ মুৰত পৰা হাফপেণ্ট আৰু ফটা গেঞ্জী পিন্ধিছিল কাৰণে তেওক মানুহে খঙতে “চেমি নেকেড ফকীৰ’ বুলি কৈছিল। তেওৰ সৰুৰে পৰা মতিগতি বৰ ভাল নাছিল আৰু সুন্দৰী নাৰী কন্যা-কুমাৰী দেখিলেই ফুটুংকৈ প্ৰেমত পৰি গৈছিল। এইদৰে প্ৰায় ৪৫৭ গৰাকী প্ৰেমিকাৰ লগত হলিগলি কৰাৰ অন্তত তেও তাৰে এগৰাকীৰ লগত বিবাহ পাশত আৱদ্ধ হয়।পিছে কথাতেকয় নহয় – বাচোতে বাচোতে গেলা বৰালি... বাকী জানাই নহয়।

চচানী অলপ, অলপ নহয় ভালেখিনিয়েই আৰু, ডাকুনী টাইপৰ মানুহ আছিল। মানে চচাক এনিটাইম নগুৰ নাগতি কৰি থাকিছিল- গতিকে চচাই বিয়াৰ তিনিমাহ মানৰ পাছৰে পৰা, ডাকুনীৰ পৰা ‘কাটি’ খোৱাৰ চান্স বিছাৰি আছিল।
এদিন চচাই ৰাজপ্ৰসাদৰ বাৰাণ্ডাত বহি বাটৰ ধুনীয়া ছোৱালীবোৰ জুপি জুপি চাই থাকোতে – এটা ডেডবডী আৰু এজন ৰুগীয়া মানুহ দেখা পালে। লগে লগে চচাৰ মগজুলৈ এটা বাম্পাৰ অৰিজিনেল আইডিয়া আহিল। তেও চচানীক ক’লে- “মই আৰু এই মানুহৰ ৰোগ, শোক, জৰা, মৃত্যু সহ্য কৰিব নোৱাৰিছো, গতিকে ইয়াৰ সমাধান বিছাৰি মই ধ্যান কৰিবলৈ যাও”। আৰু চচানীক হা না একো কবলৈ সুযোগ নিদিয়েকে চচা দৌৰ মাৰি মানুহ ভীৰৰ মাজত হেৰাই গ’ল।
তাৰ পাছৰ ২০ বছৰ চচাই ক’ত আছিল, কি কৰি আছিল সেই বিষয়ে ইতিহাস নিমাত। তথাপিও তেওৰ ধ্যানৰ ফলাফললৈ চাই কিছু অনুমান কৰিব পৰা যায়। চচাৰ মতে – তেও হেনো এই বিশ বছৰ কঠোৰ ধ্যান কৰি কটায়। তেওৰ ধ্যান দেখি ভয় খাই দেৱৰাজ ইন্দ্ৰই হেনো তেওৰ ওচৰলৈ ননষ্টপ ৰম্ভা, মেনকা, উৰ্বশী চাপ্লাই কৰিবলে লয়। অনিচ্ছাস্বত্তেই তেওলোকৰ নাচ-গান চচাই উপভোগ কৰিব লগাত পৰে যদিও, এদিন মৰ আঁউসীৰ ৰাতি, ঔ-টেঙা গছ এজোপাৰ তলত ফেঁচাৰ চিঞৰ শুনি শুনি চচাই পৰমজ্ঞান লাভ কৰে। তেওৰ সেই পৰমজ্ঞানৰ কেইটামান চেম্পল তলত দিয়া হ’ল: -

১। মানুহ মৰিবই, তাৰ অন্যথা নাই (লা মাইলা, মেৰেক’ ত’ পতাইছ নেই থা)
২। বেমাৰ হোৱাও প্ৰকৃতিৰ নিয়ম, বেমাৰ হ’লে ডাক্তৰৰ ওচৰলে যাব লাগে (য়ে চহী হেঁ ৱীৰু)
৩। তালিকৰ দৰে বৃদ্ধসকল, যাৰ আয়ুসত আৰু বেছি দিন নাই, তেওলোকে ধৰ্ম-কৰ্ম, শাস্ত্ৰ পাঠ আদি কৰি সময় নষ্ট কৰিব নেলাগে। বৰঞ্চ জীৱনৰ বাকী থকা দিন কেইটা ‘ফুলটু মস্তি’ কৰি কটাবৰ সাধনা কৰিব লাগে।(বলেত' – “দেখ লে..আখোঁ মেঁ আখেঁ ডাল..চিখলে”, এইচা মাফিক না?)
৪। হিংসা বৰ বেয়া বস্তু। ঘৰত বহি হিংসা কৰি, মুখৰ খজুৱতি মাৰি কাকো একো অপকাৰ কৰিব নোৱাৰি।দৰকাৰ হ’লে ডুবাই ভাইক চুপাৰী দি সেই শত্ৰুবিলাকক চাফা দি দিব লাগে।(থুক্ক’ তাল্লি)
৫। মাছ মাংস খোৱা পাপ। সেইকাৰণে সেই পাপ খণ্ডন কৰিলে আমিষ ভোজনৰ লগত সদায় ভাষ্কোদামুঁৰ দিব্যবস্তুকণ পান কৰিব লাগে।(কিধৰ? কিধৰ হেঁ..জল্দি মংগাও..)
৫। মানুহ মৰিলে ভুত হয়।(মা কচম, ঔৰ কুছ ভী ব’লেগা না, আপুন তেৰা চুপাৰী দে দেগা)

মইনাহঁত,
এইজন মহাপুৰুষে দেখুৱা পথেৰে বাট বুলিলে তোমালোকৰ জীৱনো কাল অমানিশাৰ চন্দ্ৰটোৰ দৰে উজলি উঠিব। গতিকে সময় থাকোতেই, গাজাৰী এৰি তোমালোকে “কনফেচন অৱ LOVE/ হহুৱাই হহুৱাই মাৰি পেলাম তোমাক/ fecbuk4evryfone/ গুপুত বিয়নি মেল” আদি গোটত যোগদান কৰা।

মৰমেৰে তোমালোকৰ
হৃত্ত্বিক ৰৌছন খুড়া

[~ Abhijit Kalita]