Gajari: the Best of Indian Jokes: আশাকৰো তোমালোক ফিটিং হৈ আছা (Episode 1)

January 15, 2016

আশাকৰো তোমালোক ফিটিং হৈ আছা (Episode 1)

[বি.দ্ৰ.:- কিছুদিনৰ পৰা গাজাৰীত অপ্ৰাপ্তবয়স্ক সদস্যৰ আমদানি বৃদ্ধি হোৱাত, বৃদ্ধসকল অলপ বিমোৰত পৰিল। আৰু সেইকাৰণে গাজাৰীৰ শিশুসকলৰ বাবে এটা শিতান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ’ল। এই শিতানটোৰ উদ্দেশ্য হ’ল শিশু গাজাৰীসকলৰ মাজত ভেলু এডিচন কৰি তেওলোকক ভৱিষ্যতৰ সু-গাজাৰী হিচাপে গঢ়ি তোলা। এই শিতানটোৰ দ্বায়িত্ব অমুকাক দিয়া হোৱা নাই যদিও, চান্সতে সুবিধা লৈ তেও ইয়াৰ উঠি ৰজা বহি ৰজা হবলৈ পাঙিছে। সেইকাৰণেই কথা নাই বতৰা নাই - শিতান আৰম্ভ কৰি দিয়া হৈছে। কাৰো সন্মতি নোলোৱাকৈ এই শিতানটোৰ নাম ৰখা হৈছে -“আশাকৰো তোমালোক ফিটিং হৈ আছা”। আজিৰ পৰা প্ৰত্যেক দিনাই এই শিতানৰ যোগে শিশু গাজাৰীসকলৰ মানসিক তথা আধ্যাত্মিক উৎকৰ্ষৰ বাবে কিছু বিশেষ প্ৰৱন্ধ প্ৰকাশ কৰা হব।]

** আশাকৰো তোমালোক ফিটিং হৈ আছা

মৰমৰ কণ কণ অকণিহঁত

আজি তোমালোকে যিটো গোটৰ সদস্য হৈ আছা এই গোটটোৰ ইতিহাসে আজি কেইবাহাজাৰ বছৰ চুলেহি। এই সময়খিনিত গাজাৰীৰ বহুতো সদস্যই নিজৰ জ্ঞান, বুদ্ধি তথা দূৰদৰ্শীতাৰ বলেৰে গাজাৰীক বিশ্ব দৰবাৰত এক উচ্চ স্থানত অধিস্থিত কৰিছে। আজি তোমালোকে সেই মহৎ লোকসকলৰ বিষয়ে জনা উচিৎ। কাৰণ তেওলোকৰ আদৰ্শ আৰু পথনিৰ্দেশনাৰ অবিহনে আমি এই সংসাৰ সাগৰত গুৰিবঠাবহীন নাঁৱৰ দৰে উটি ফুৰিব লাগিব। 
আমি সকলোৱেই নিজৰ ইতিহাস আৰু সংস্কৃতিৰ কথা জনা উচিৎ। সেই উদ্দেশ্যেই মই গাজাৰীৰ প্ৰতি সংখ্যাতে এই শিতানত এজনকৈ স্বনামধন্য গাজাৰীৰ জীৱন আৰু কৃতিৰ বিষয়ে তোমালোকক জনাবলৈ সিদ্ধান্ত কৰিছো। আশাকৰো তোমালোকে এইসকলৰ গাজাৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ জীৱন সথিক দিশেৰে আগবঢ়াই নিব পাৰিবা। এই শিতানত পোন প্ৰথমেই মই তোমালোকক জনাব বিছাৰিছো, গাজাৰীৰ সকলোতকৈ গুৰুত্বপূৰ্ণ লোক তথা হে’ড এডমিন ‘ ছেংমায়ন’ৰ বিষয়ে।

ছেংমায়নঃ- আজিৰ পৰা প্ৰায় তিনিহেজাৰ বছৰৰ আগতে যেতিয়া মানৱ জাতিৰ আন আন সদস্যসকলে প্ৰায় জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰিছিল, তেতিয়াই, গাজৰীৰ সভ্যতাই চূড়ান্ত শিখৰত অৱস্থান কৰিছিল। সেইকালৰ গাজাৰী শ্ৰীশ্ৰী ছেংমায়ন দেৱে এখন গ্ৰন্থ প্ৰণয়ন কৰিছিল, যিখনৰ নাম আছিল “টইলেট সূত্ৰ”। এই গ্ৰন্থখনত পাইখানা কৰাৰ ভিন ভিন নিয়ম আৰু তাৰ উপকাৰ বা অপকাৰ সম্পৰ্কে বিশদ বিৱৰণ দিয়া হৈছে। ইয়াৰ উপৰিও পাইখানা কৰাৰ নানান আসন বা প’জ আৰু তাৰ সুবিধাসমূহ বৰ্ণনা কৰা হৈছে। বিশ্বৰ কোন কোন প্ৰান্তৰ কোন কোন লোকে কেনেদৰে পাইখানা কৰে, পাইখান কৰাৰ আচল সুখ কেনেকে অনুভৱ কৰিব পাৰি, তাৰ ইতিহাস আৰু প্ৰক্ৰিয়া গ্ৰন্থখনত চিত্ৰসহকাৰে দিয়া হৈছিল। এই গ্ৰন্থখনৰ প্ৰভাৱ আজিও আমাৰ সমাজত বিৰাজমান! তাৰ প্ৰমাণস্বৰূপে তোমালোকে হনী সিঙৰ ‘me and friends latring in field’ নামৰ ৭১ জন লোকক টেগোৱা ফটোখনলৈ মন কৰিব পাৰা।
পায়খানা কৰা মানুহ এক সহজাত প্ৰবৃত্তি, হলেও পাইখানা কৰাৰ ইমান বিষদ বিৱৰণ থকা গ্ৰন্থ বিশ্বত বিৰল। বিখ্যাত জাৰ্মান সংস্কৃত পণ্ডিত লানী চিয়নে এই গ্ৰন্থখনৰ সম্পৰ্কে এইবুলি মন্তব্য কৰিছে - Though taking shit is a natural process, it’s still a taboo to talk about it in public, but the great Gajari Chengmayan has studied it is so detail, that too 3000 years back, and turned the mere act of taking shit to a graceful form of Art.
ভাবি চোৱাচোন মইনাহঁত, যিসময়ত আন মানুহে পশুৰ দৰে জীৱন কটাইছিল, নিজৰ পাইখানাকে খাদ্য বুলি গ্ৰহণ কৰিছিল, সেই সময়তে গাজাৰীত পাইখানা কৰাৰ ওপৰত গ্ৰন্থ প্ৰণয়ন কৰা হৈছিল। গতিকে মইনাহঁত, তোমালোকে গাজাৰীৰ ঐতিহ্যৰ সম্পৰ্কে সচেতন হোৱা প্ৰয়োজন, আজিলৈ এৰিলো।

মৰমৰে
তোমালোকৰ
হৃত্ত্বিক ৰৌছন খুড়া।

[কালিলৈ:- তোমালোকে জানা যে পৃথিৱীৰ প্ৰথম মহাকাব্য ৰামায়ন, যাক বাল্মিকীয়ে প্ৰণয়ন কৰিছিল, কিন্তু তোমালোকে হয়তো নেজানা, ৰামায়নতকৈয়ো আগতে এজন গাজাৰীয়ে এখন মহাকাব্য ৰচনা কৰি নিজৰ নাম চিৰযুগমীয়া কৰি থৈ গৈছে। এই বিষয়ে জানিবলৈ অপেক্ষা কৰা কাইলৈৰ সংখ্যালৈ]

(~ Abhijit Kalita)

No comments:

Post a Comment

Liked it? Please share with your friends.