Gajari: the Best of Indian Jokes: Assamese Book
Showing posts with label Assamese Book. Show all posts
Showing posts with label Assamese Book. Show all posts

November 04, 2022

আদালতত এদিন

আদালতত এদিন লাগিল নহয় জেং-


উকীল: আপুনি কিয় পুলিচ আংকুলৰ পেণ্টৰ জেপত জ্বলি থকা জুইশলাৰ কাঠি ভৰাইছিল?

অপৰাধী: উৱা! কাৰণ তেওঁৱেই মোক কৈছিল, জামিন লাগে যদি মোৰ জেপ সোনকালে গৰম কৰ। সেয়ে কৰি দিলোঁ...
_________________________________

অসমীয়া কৌতুক
অসমীয়া ব্ল’গ
ফুচুৰি, ৰগৰ, হাঁহি উঠা কৌতুক, funny jokes

October 28, 2022

অসমীয়া কৌতুক সংকলন

Assmese book on jokes
নিৰ্বাচিত অসমীয়া কৌতুক সংকলন


অসমীয়া কৌতুক সংকলন
অসমীয়া কৌতুক 
Assamese Jokes
Gajari dot com
Joy deep and Gnyan
নিৰ্বাচিত কৌতুক

 

June 12, 2014

অসমীয়া কৌতুকৰ কিতাপৰ বাবে বৰঙণি আগবঢ়াওক

Assamese jokes Book













- গোহাৰি -

মৰমৰ গাজাৰীয়ান ৰাইজ,

এই গোটৰ মূল লক্ষ্যৰ ফালে যদি আমি পুনৰবাৰ উভতি চাওঁ, তেন্তে দেখিবলৈ পাম যে আনৰ মুখত হাঁহি বিৰিঙোৱাটোৱেই আমাৰ প্ৰধান ঊদ্দেশ্য আছিল| আজি আমি সেই লক্ষ্যক অধিক মজবুত কৰি বিশ্বৰ ৫০-৬০ খন দেশৰ অসমীয়াৰ মাজৰ আমাৰ ব্ল’গৰ যোগেৰে হাঁহিৰ ভাইৰাছ বিয়পাবলৈ সক্ষম হৈছোঁ| লগতে আপোনালোকৰ আৰু আমাৰ মাজত বন্ধু ভাৱাপন্ন, পৰিয়ালৰ দৰেই এক আত্মীয়তা গঢ় লৈ উঠিছে| তাজমহল, গ্ৰে’ট ৱাল অব চাইনাৰ দৰেই এই সম্পৰ্ক যাতে অক্ষুণ্ণ হৈ থাকে, সেইয়াই আমাৰ আন্তৰিক কামনা|

আজি আপোনালোকৰ মাজলৈ এটি সপোনৰ কুঁহিপাত আগবঢ়াব খুজিছোঁ| বহুদিনৰে সপোন আছিল, যেনেকৈ ইন্টাৰনেট জগতলৈ আমি ৫০০ ৰো অধিক অদ্বিতীয় ৰসৰ কৌতুক/ গাজা আগবঢ়াবলৈ সক্ষম হৈছোঁ; তেনেদৰে অসমীয়া সাহিত্যলৈকো এখন নিৰ্বাচিত কৌতুকৰ পুথি আমি আগবঢ়াব লাগে- বোলোঁ, ইন্টাৰনেট ব্যৱহাৰ নকৰা মানুহসকলেও হাঁহক| এতিয়া যিকেইখন পুথি আছে, সেইকেইখনত গাজাবোৰ ঘিচা-পিটা; আলোচনীত যিবোৰ কৌতুক প্ৰকাশ হয়- সেইবোৰ ১০-১৫ বছৰ আগতেই শুনা মামৰে ধৰা কৌতুক|

আমাতকৈ ভালকৈ এই কাম কোনে কৰিব পাৰিব, নহয় জানো গাজাৰীয়ান ভাই-ভনীসকল?
পিছে, এইয়া সপোনৰ আধাৰশিলা হে| আপোনালোকে এটি দুটি কৈ ইটা, এমুঠি চিমেন্ট, বালি নিদিলে এই পঁজাৰ নিৰ্মাণ হোৱাটো অতি কঠিন হ’ব| কেইবা মাহৰে পৰা আৰম্ভ কৰি আমি আগবাঢ়িব খুজিছোঁৱেই- আজি আপোনালোকৰ মাজত বাতৰিটো এৰি দিলোঁ| এই সপোনক বাস্তৱায়িত কৰিবলৈ সহায় কৰক|

অহা গ্ৰন্থমেলাৰ আগতে আমি ৫০-৭০ পৃষ্ঠাৰ এখনি উত্কৃষ্ট মানদণ্ডৰ কিতাপ প্ৰকাশ কৰিব খুজিছোঁ| আপোনালোকৰ কৌতুক, নাম, বৰঙণিৰ কথা কিতাপত নিশ্চয়েই উল্লেখ কৰা হ’ব| সম্পাদনাৰ কামো ইতিমধ্যে আগুৱাইছে; আপোনালোকৰ কোনোৱে সহায় কৰিব খুজিলে যোগাযোগ কৰিব| প্ৰকাশকে জনোৱাৰ মতে বাজেট হেনো প্ৰায় ২০-২৫,০০০ টকা| আমি বিচাৰোঁ- আপোনালোকৰ প্ৰত্যেকেই এই শুভযাত্ৰাৰ সমভাগী হওক| নিজৰ সুবিধা আৰু সামৰ্থ্য অনুসৰি এই কাৰ্যৰ বাবে অলপ বৰঙণি প্ৰদান কৰক| গোটেই হিচাপ নিকাচ ৰাইজক পিছত দিয়া হ’ব| ধীমান অধিকাৰী দেৱ আৰু মোৰ একাউন্ট নাম্বাৰ তলত দিয়া হ’ল:
একাউন্ট নং:
১/ Dhiman Adhikary
A/c no. 31056981282
State Bank of India
Bongaigaon Branch:
IFSC CODE- SBIN OOO 1684
Phone: 09953091916

২/ Santanu Changmai
State Bank of India
Savings ac no. 31628442992
Bakulani Chariali

# অনুগ্ৰহ কৰি আপোনালোকৰ Good Willৰ বৰঙণি হে প্ৰদান কৰে যেন| যি বৰঙণিত মৰম নাই, সেই বৰঙণি আমি গ্ৰহণ কৰিবলৈ অপাৰগ|
# আপোনালোকৰ পৰামৰ্শ তথা ইচ্ছা-অনিচ্ছাৰ কথা ক’মেন্ট আকাৰে লিখক (অযথা পাতলীয়া কথা নিদিয়ে যেন- মোহাৰি দিয়া হ’ব|)
# এইখন আপোনালোকৰেই কিতাপ| ইয়াত ব্যৱসায়ৰ স্বাৰ্থ জড়িত হৈ থকা নাই| কিবা প্ৰশ্ন থাকিলে আপুনি কৰিব পাৰে|

Please contact us at santanu.changmai@gmail.com for more details.