Gajari: the Best of Indian Jokes: Indian Funny Jokes
Showing posts with label Indian Funny Jokes. Show all posts
Showing posts with label Indian Funny Jokes. Show all posts

October 14, 2022

ল'কৈ আৰু ডাক্তৰ

ল'কৈৰ প্রচণ্ড পেটৰ বিষ.. ডাক্তৰৰ ওচৰলৈ গ'ল.. ডাক্তৰো ডাক্তৰ আৰু.. কিবা বিলাতী টাইপ.. অসমীয়াতে কথা পাতে যদিও মাজে মাজে দুই এটা ইংৰাজী শব্দ নক'লে নিজকে ডাক্তৰ যেন নালাগেচোন.. ল'কৈক চালে কিবাকিবি যন্ত্র পাতি লগাই.. ঔষধ দিলে দুপালি.. 

মাজতে ইংৰাজী শব্দ ভৰোৱাৰ বিলাসিতাৰে ল'কৈক কলে, "এই দুপালি ল'.. এপালি মিল'ৰ (meal-food) আগত আৰু এপালি মিলৰ পাছত খাবি.." 
ল'কৈয়েও বুজি পোৱা যেন দেখুৱাই আহি ৰত্ন মহাজনৰ ধান বনা মিলটোৰ আগফালে গৈ এপালি আৰু মিলটোৰ পাছফালে গৈ এপালি ঔষধ খালে বাপ্পেকে!

Facebook Jokes


নবীনেহে কোৱা কথা দেই

নবীনৰ মনিলতা নামৰ এজনী ভনীয়েক আছে যে , কেলেই লাজকুৰীয়াকৈ, কম কথা কৈছিল, মেডিকেল পঢ়িছিল যে পাহৰিলে নেকি ?? ধেত কেলেই অসমীয়াতে হিন্দী কয় যে?

সেই মনিলতা গুৱাহাটী মেডিকেলত পঢ়ি থকাৰ সময়ৰ কাহিনী এইটো। নবীনেহে কোৱা কথা দেই ,
ডাক্তৰ বোৰে ৰোগী চাওঁতে বোলে family history taking বুলি এটা কথা আছে, মানে ধৰক কোনো ৰোগীৰ যদি ডায়েবেটিচ আছে তেখেত সুধিব লাগে তেওঁৰ ঘৰৰ আন কোনোৱাৰো তেনে ৰোগ আছে নেকি ইত্যাদি, ইত্যাদি ।
মনিলতায়েও নতুনকৈ ৰোগীচোৱা আৰম্ভ কৰিছে নিতৌ নতুন কথা শিকি আছে । এজন ৰোগীক আন দুজনে দাঙি লৈ আহিল মনিলতাৰ ওচৰলৈ!

মনিলতাই শুধিলে " কি হৈছে এখেতৰ ?"
ৰোগীজনে বিষত সেহাইঁ সেহাইঁ "ক'লে বাইদেউ গছৰ পৰা পৰিলো, ভৰিখন ভাঙিল যেন পাইছো, আহ! কিবা এটা সোনকালে কৰক "
মনিলতাই অলপ গহীনহৈ ক'লে "অ fracture হ'ব পাৰে , বাৰু কওঁকছোন আপোনাৰ ঘৰৰ আন মানুহৰো এনেদৰে গছৰ পৰা পৰি fracture হৈছে নেকি আগতে?"

ৰোগীজনে কি ক'লে সেইটো গ'ম নাপালো।
______________________________________________


মুড চেক

 এই যে চাংমাই বোলা মানুহটো... , বৰ খকুৱা বুজিছে নে!!!

এনিটাইম খাওঁ খাওঁ কৈ থাকে। মানুহজনীয়ে আবদাৰ পূৰাই পূৰাই তত নাপায়। 

চাংমাইৰ আক’ কিবা খাবলৈ মন গ’লে লেনিয়াই মিঠাকৈ কোৱাৰ অভ্যাস এটা আছে। তাৰ দ্বাৰা দুটা কাম সমাধা হয়- মানুহজনীৰ মুডটো চেক কৰাও হয় আৰু বস্তুটো ডিমাণ্ড কৰাৰ নিচিনা নালাগি "অনুৰোধ/প্ৰাৰ্থনা" যেন হে দেখে

এই ধৰক চাংমাইৰ খাবলৈ মন গ’ল গৰম গৰম তেলপিঠা...

চাংমাই:- হেৰা। ব.... হু... হু ... হু.... উ উ উ উ উ...ত দিন.....
মানুহজনী:- কি নো? 

এই "কি নো" টোৰ উষ্ণতাটো জুখিয়েই চাংমায়ে বাকীখিনি কথা কয়। 
চাংমাই:- হে হে হে, মানে বহুত দিন ম‍ই গৰম গৰম তেলপিঠা, মৰমৰীয়াকৈ ভজা যে.... খোৱাই নাই অ’ ... (মূখখন দুখতে ওলোমাই দিয়ে) 
মানুহজনী:- (মিচিকিয়াই) ও আই, মোক ক’লেই হয়; এতিয়াই বনাই আছোঁ দেই :-)

পিছে যিদিনা মানুহজনীৰ মুড অফ থাকে সেইদিনাখন একা?

চাংমাই:- হেৰা!! ব.... হু... হু ... হু.... উ উ উ উ উ...ত দিন.....
মানুহজনী:- (ঘোপাকৈ চাই) কি নো? কি হ’ল? কি বহুউউউ.....ত দিন ?

চাংমাই:- হে হে, মানে বহু-----ত দিন ম‍ই বাচন ধোৱা নাই অ’, ধুবলৈ বৰকে মন গৈ আছে!!!
___________________________
Facebook Jokes, Assamese Comedy, Gajari dot com

October 05, 2022

দুৰ্গা পূজা- অসমীয়া কৌতুক

 হীৰক: মা মা, মই দুৰ্গা পূজা চাবলৈ যাওঁ নে?

মাক: যা, দেৰি নকৰিবি ৰাতি
.
ঘন্টা পিছত...
.
ঘৰৰ বাহিৰত হাল্লা!
মাকে ওলাই গৈ দেখে বাগানৰ পৰা ধেৰ মানুহ আহিছে জুম বান্ধি, হীৰকক গাধ এটাৰ ওপৰত উঠাই আনিছে
মাক: কি হ’ল ঔ?
বাগান ১: এইটো তোৰ ল’ৰা নেকি?
বাগান ২: মহা চয়তান আছে তোৰ ল’ৰাটো মাই...
বাগান ৩: হ’ ৰে... লুকাই কিনে আমাৰ ঘৰৰ ভিতৰত মোৰ ছোৱালী দুটা দুৰ্গা আৰু পূজাক চাই আছিল হি... আন্ধাৰতে দেখি ভূত বুলি ভয় খাই গ’লো
মাক: কিছন! কি হ’ব এতিয়া?
বাগান ৩: কি আৰো হ’ব... তোৰ ল’ৰাটো আজিৰ পৰা আমাৰ জঁৱাই হ’ল...
________________________________________________________________________

Google Assamese Jokes, Facebook Jokes

Durga Puja Jokes

 হীৰক: ছেংদা, পূজা ক'ত চাব ন?

ছেং: মোবাইল আৰু টিভিত। দুখীয়া যে...

_____________________________________

Assamese Jokes from Facebook, Best Jokes in Google.