Gajari: the Best of Indian Jokes: ল'কৈ আৰু ডাক্তৰ

October 14, 2022

ল'কৈ আৰু ডাক্তৰ

ল'কৈৰ প্রচণ্ড পেটৰ বিষ.. ডাক্তৰৰ ওচৰলৈ গ'ল.. ডাক্তৰো ডাক্তৰ আৰু.. কিবা বিলাতী টাইপ.. অসমীয়াতে কথা পাতে যদিও মাজে মাজে দুই এটা ইংৰাজী শব্দ নক'লে নিজকে ডাক্তৰ যেন নালাগেচোন.. ল'কৈক চালে কিবাকিবি যন্ত্র পাতি লগাই.. ঔষধ দিলে দুপালি.. 

মাজতে ইংৰাজী শব্দ ভৰোৱাৰ বিলাসিতাৰে ল'কৈক কলে, "এই দুপালি ল'.. এপালি মিল'ৰ (meal-food) আগত আৰু এপালি মিলৰ পাছত খাবি.." 
ল'কৈয়েও বুজি পোৱা যেন দেখুৱাই আহি ৰত্ন মহাজনৰ ধান বনা মিলটোৰ আগফালে গৈ এপালি আৰু মিলটোৰ পাছফালে গৈ এপালি ঔষধ খালে বাপ্পেকে!

Facebook Jokes


No comments:

Post a Comment

Liked it? Please share with your friends.