Gajari: the Best of Indian Jokes: Jokes Assamese
Showing posts with label Jokes Assamese. Show all posts
Showing posts with label Jokes Assamese. Show all posts

February 18, 2023

কেনেকুৱা ৰুটি খাবা?

 নৱস্মিতা:শুনা না, ৰুটি বনাব লৈছোঁ। 


মাধুৰ্য: বনোৱা না। 


নৱস্মিতা:তুমি খাবা নে নোখোৱা?


মাধুৰ্য: খাম আক’...


নৱস্মিতা:কেনেকুৱা ৰুটি খাবা কৈ দিয়া এতিয়াই- চাৰ্কুল, নে ৰেক্টেংগুল নে ট্ৰায়েংগুল?


মাধুৰ্য:হমমম.... পলিগ’ন বনাব নোৱাৰিবা নেকি?


নৱস্মিতা: এ নোৱাৰিম আজি, কম্পাছ আৰু প্ৰট্ৰেক্টৰডাল বিচাৰিয়েই পোৱা নাই। 


মাধুৰ্য: ঠিক আছে।  খালী ষ্ট্ৰেইট লাইন ৰুটি নবনাবা... দীঘলে দীঘলে খাবলে দিগদাৰ না.... 🤐😁😄


[অসমীয়া কৌতুক, Assamese jokes, new jokes, funny jokes 2023, fresh jokes, internet jokes, Facebook jokes]

October 14, 2022

মদ খালে গুছি যাব নেকি?

গগৈ:- কুহুৰ কুহুৰ, ইমান কে কাহ হৈ আছে চাৰিদিনমানৰ পৰা- অশান্তি পাইছোঁ দেই একদম...

দত্ত:- ল’ মোৰ বটলটোৰ পৰাই দুই চিপ মাৰি দে লাহেকে!

গগৈ:- ধেত, কি কৱ? মদ খালে মোৰ কাহটো গুছি যাব নেকি কিবা?

দত্ত:- হুইট, কেলে নেযাব? মদ খোৱাৰ পিছত মোৰ চাকৰিটো গ’ল, গাড়ীখন গ’ল, ঘৈণীজনীও গুছি গ’ল... তোৰ কাহটো নো কেলে নেযাব ?
গগৈ:- বাত মে লেকিন দম হ্যায় দেই- ঠিকেই
__________________________________________

Consumption of alcohol is injurious to health.
This is for pure laughter, not assamese porn or not assamese xxx videos. Please comment sensibly. 

April 28, 2014

সাংবাদিক মৰালিনৰ অকথ্য ১/ অসমীয়া কৌতুক


********************
মৰা-লিনে মাজতে সাংবাদিকতা কৰিছিল।টিভি চেনেল এটাৰ লোকেল কৰেচপনদেন্স । সেয়ে সেই অঞ্চলত তাক প্ৰায় মানুহেই চিনি পায়। এবাৰ নিউজ ৰ আশাত পুলিচ ষ্টেচনৰ আগত চাধা মাৰি থাকোতে অটো ভেন এখনত কঠাল এক গাড়ী লৈ বেপাৰী এজন আহি আছিল। মৰা-লিনৰ কঠাল খাবলৈ মন গ‘ল।

অটোৱালাক ৰখাই বেপাৰীক কঠালৰ দাম সুধিলে । বেপাৰীজন আছিল আকৌ প্ৰতিভু দত্ত । বেপাৰীয়ে কলে ৬০ টকা ।
মৰা-লিন :- ৩০ টকাত দি এটা ।
বেপাৰী :- নাই দাদা নোৱাৰো , লয় যদি ৫০ টকাত দিব পাৰো
মৰা-লিন :- ৩০ টকাত দি এটা ।
বেপাৰী :- নাই নোৱাৰো ৫০ টকা লাগিব ।
মৰা-লিন :- ৩০ টকাত দিবি না নেদা ?
বেপাৰী :- নৰো মই , ৫০ টাকাৰ তলত নৰো দিবা । মই যাং ।
মৰা-লিন :- তই যি কঠাল বেছিব আহিছ তোৰ কাগজ পাতি আছে নে নাই ?
বেপাৰীঃ- কি কাগজ ?
মৰা-লিনঃ- গছৰ পৰা কঠাল পৰাৰ বাবে ফৰেষ্টৰ NOC , কঠাল বিক্ৰী কৰাৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ , TIN নং , VAT ক্লীয়াৰেন্স চাৰ্টিফিকেত , কঠাল বেপাৰী সন্থাৰ সদস্য নং ইত্যাদি ইত্যাদি ।
বেপাৰী :- দাদা , এইবোৰ নাই নহয় ।
মৰা-লিন :- চাল্লা কঠালৰ চোৰাং বেহা কৰিব আহিছ ? ৰহ , ভালদৰে ঠিয় দে , ফটো এখন তুলো , কালি পেপাৰত তোৰ ছবিৰ সৈতে বাতৰি আহিব ।
বেপাৰী :- এহ দাদা , কি কৰে এইবোৰ ? আপুনিও অসমীয়া ময়ো অসমীয়া । কিবা এটা মিলামিলি কৰক । ধৰক এই ১০০০ টকা , প্লীজ ফটো নুঠাব না ।
মৰা-লিন :- অকে (পকেটত ১০০০ টকাটো ভৰাই ) ........কঠাল এটা দিবি না ৩০ টকাত ।
বেপাৰী :- নাই দাদা লোকচান হব , ৫০ টকা লাগিবয়েই মোক ।
And the story continues..................................................

~Apurba Kalita