Gajari: the Best of Indian Jokes: funny joke
Showing posts with label funny joke. Show all posts
Showing posts with label funny joke. Show all posts

October 25, 2022

মোলৈ কিয় বিয়া নোহোৱা?

 "কিন্তু, কিয় মোলৈ বিয়া নোহোৱা? মোৰ মাজত কি বেয়া দেখিলা নো?"

"আপুনি মোতকৈ ২ বছৰ ডাঙৰ যে, দেখিলেই ভক্তি-ভাৱ আহে। দাদা দাদা লাগে।"
.
.

এবছৰ পাছত তাইক মাৰ্কেটত লগ পালোঁ‌।

"হাই, কি খবৰ? তোমাৰ বিয়ালৈ আহিব নোৱাৰিলো বেয়া নাপাবা। এয়া তোমাৰ দেউতা নহয় জানো?"
"হাই মোজাম্মিলদা। ভালেই। ধেত, দেউতা নহয়, এওঁ‌ৱেইতো মোৰ হাজবেণ্ড!"
সেইদিনা আবেলি ফূৰ্তিতে দুইপ্লেট ঘুগুণী বেছিকৈ খাই দিলো।

---- মোজাম্মিল
____________________________________
Jokes in Assamese, Funny Jokes, Latest jokes, not assamese porn, not assamese xxx

October 19, 2022

বজাৰত দাদা

সিদিনা গধূলি পাচলি আনোগৈ বুলি দাদা বজাৰৰ ফালে ওলাই গৈছিল। এটা এটাকৈ পাচলিৰ দামবোৰ সোধিলে! তেনেতে জিকা দুটামান দেখি দাদাৰ খুব মন গ'ল মাছৰ স'তে জিকা দিয়া এসাঁজ খাবলৈ
লাহেকৈ দাদাই বেপাৰীক সুধিলে: বোলো ককাই জিকাৰ দাম কিমান ?
বেপাৰীয়ে ক'লে: আধা কেজিত ৩০ টকা দাদা।

মুখ ফুলাই দাদাই 'লে: আৰে, বৰ দাম হেইমান দামী পাচলি খাব নোৱাৰি কিন্তু। Google কৰি চাব লাগিব, দাম ইমান কিয় বাঢ়িছে?
সেয়ে জিকা খোৱাৰ কথা সামৰি দাদাই বেপাৰীক সোধিলে: এই দাংবদিবোৰৰ দাম কিমান ?
বেপাৰীয়ে ক'লে: এপোৱাত ১৫ টকা, দাদা ।
আনন্দিত হৈ দাদাই ক'লে: দিয়া, দিয়া সোনকালে এপোৱা দিয়াজিকাবোৰ বৰ দাম! আজি দাংবদিকে খাওঁ।

________________________________________
jokes 2022, latest jokes, funny jokes, not assamese porn, no assamese xxx

বেংকৰ ল’ন লৈ বিয়া

বেংকৰ পৰা ঋণ লৈ মাধৱে বলেৰ’ গাড়ী এখন কিনিলে। 
কিন্তু কি হব। ঋণ পৰিশোধ কৰিব নোৱাৰাত এদিন বেংকৰ পৰা মানুহ আহি বলেৰখন টানি লৈ গল। মাধৱৰ বিৰাট আক্ষেপ— জীৱনত ডাঙৰ ভুল এটা কৰিলোঁ। 
বন্ধুৱে ভাবিলে ঋণ লৈ গাড়ী কিনা বাবে মাধৱে এতিয়া দুখ কৰিছে। বন্ধুৱে মাধৱক সান্ত্বনা দি ক’লে: যি হ ল দোস্ত, আৰু দুখ কৰিব নালাগে। এতিয়া গাড়ীখন কিদৰে উভতাই আনিব পাৰিসেইটি ব্যৱস্থা কৰিব লাগে।
মাধৱ: মই সেইটো চিন্তা কৰা নাই। মোৰ ভুল এইটো যে; বিয়াখনো ম‍ই বেংকৰ পৰা ঋণ লৈ হে কৰিব লাগিছিল।
_____________________
Funny jokes, tell me a joke, facebook, google search