Gajari: the Best of Indian Jokes: tell me a joke
Showing posts with label tell me a joke. Show all posts
Showing posts with label tell me a joke. Show all posts

October 19, 2022

বেংকৰ ল’ন লৈ বিয়া

বেংকৰ পৰা ঋণ লৈ মাধৱে বলেৰ’ গাড়ী এখন কিনিলে। 
কিন্তু কি হব। ঋণ পৰিশোধ কৰিব নোৱাৰাত এদিন বেংকৰ পৰা মানুহ আহি বলেৰখন টানি লৈ গল। মাধৱৰ বিৰাট আক্ষেপ— জীৱনত ডাঙৰ ভুল এটা কৰিলোঁ। 
বন্ধুৱে ভাবিলে ঋণ লৈ গাড়ী কিনা বাবে মাধৱে এতিয়া দুখ কৰিছে। বন্ধুৱে মাধৱক সান্ত্বনা দি ক’লে: যি হ ল দোস্ত, আৰু দুখ কৰিব নালাগে। এতিয়া গাড়ীখন কিদৰে উভতাই আনিব পাৰিসেইটি ব্যৱস্থা কৰিব লাগে।
মাধৱ: মই সেইটো চিন্তা কৰা নাই। মোৰ ভুল এইটো যে; বিয়াখনো ম‍ই বেংকৰ পৰা ঋণ লৈ হে কৰিব লাগিছিল।
_____________________
Funny jokes, tell me a joke, facebook, google search

 





August 22, 2016

অলপ বেছি হ’ল নেকি?

Funny Jokes
Funny Jokes



ৰিন্টুদাৰ বঢ়াই বঢ়াই কোৱা স্বভাৱৰ কথা নো কোনে নাজানে?

দোকানত থিয় হৈ 200 এম.এল. ক’ল্ড ড্ৰিংক খাই আহি ঘৰত ক’বহি- "এই মাত্ৰ 2 লি. থামছ আপ খাই দিলোঁ বুজিছা?"

যোৰহাটৰ গাজাৰী মীট’ৰ পৰা আহি ইন্টাৰেষ্টিং কথা কিছুমান মাধুৰ্য‍ই আমাক ক’লে। 

যদি কোনোবাই কয়- "ম‍ই ক্লাছ টেনত প্ৰথম ভালুক খাইছিলোঁ"; ৰিন্টুদাই কয়- "সেইটো নো কি ডাঙৰ কথা? ম‍ই ক্লাছ চিক্সতে খাইছিলোঁ"

যদি জিতদাই কয়-  "ম‍ই বৰশীত ডেৰ কিলো গৰৈ মাছ এটা ধৰি পাইছোঁ" ; তেতিয়া ৰিন্টুৱে কয়: "তাত আচৰিত হ’বলগীয়া কি আছে? ম‍ই বৰশীৰে 3-4 কেজিৰ মাছ ধৰিয়েই থাকোঁ। "

এপাকত মাধুৱে ক’লে: "মোৰ চাৰে পাঁচ বছৰ হওঁতেই ম‍ই দেউতাৰ চাইকেলখন হাফ পেডেল মাৰি চলাবলৈ লৈছিলোঁ। "

ৰিন্টু: "সেইটো নো কি ডাঙৰ কথা হে? মোৰ চাৰে পাঁচ বছৰ হওঁতেই মোৰ চাৰে ছয় বছৰ হৈছিল| আৰু বাইক চলাওঁতে মোৰ বয়স 7 হৈছিল।  তাকো ৰাজদূত চলাইছিলোঁ 6 নম্বৰ গীয়েৰত...."
___________________________________________
Latest jokes,
Funny Jokes,
Facebook Assamese jokes