কলিতা মাষ্টৰে শ্ৰেণীকোঠাত বৰ যত্নৰে পঢ়ুৱায় | নপঢ়ুৱাবই বা কিয় ? টেটৰ টপাৰ আছিল কলিতা | মুখ্যমন্ত্ৰীয়ে নিজ হাতেতে নিয়োগপত্ৰ দিছিল কলিতাক | হেন জানি সন্মানৰ কথাও জড়িত হৈ আছে তেওঁৰ | টপাৰ হেতুকে বাকী মাষ্টৰবোৰৰ লগত বিশেষ হলি গলি নকৰে কলিতাই | ষ্টেটাছৰ কথা আছে নহয় | বছৰেকীয়া পৰীক্ষা ওচৰ চাপি আহিল | কলিতাও ব্যস্ত ছাত্ৰবোৰক ৰিভিজনৰ ফাইনেল টাচ্ছ দিয়াত |এদিন শ্ৰেণীকোঠাত........
কলিতা : ছাৱা, ছ’লীহ’ত, তহঁতৰ কিবা সুধিব লগা আছে যদি আজিয়েই সুধি ল’, পিছলৈ আৰু সময় নাই কিন্তু |
তীখৰ : ছাৰ.......
কলিতা( পুলকিত হৈ): কি আছে ক’ আক’, ভয় নকৰিবি, মই আছো নহয় ....
তীখৰ (তামাম লেবেলত): ছাৰ, প্ৰশ্নকাকতখন কোনটো প্ৰেছত ছপাবলৈ দিছে ?
by Sushmita D