Gajari: the Best of Indian Jokes

September 23, 2022

পুৰণি চিনাকি (কৌতুক)

 


Assamese Jokes- Gajari Dot Com Group


- ৰাজা

Guwahati Uber- Assamese joke

 Uber moto এখন book কৰিছিলোঁ।

৮ মিনিটমান mapত একে জেগাতে ৰৈ থকা দেখি ময়ে ফোন কৰিলো বোলো, কি ঠাইত আছে আপুনি?
: মই পাণবজাৰত আছোঁ । আপুনি ক'ত আছে?
: মই উজানবজাৰৰ GMC office যে, তাৰ চাইডত আছোঁ । অলপ সোনকালে আহক ।
: অ' । মই কি তালৈ আপোনাক pick up কৰিবলৈ যাব লাগিব নেকি?
ক'বলৈ মন গৈছিল: নালাগে, আপুনি বাইকৰ ওপৰত বহি থাকক। মই খোজকাঢ়ি গৈ গৈ আপোনাক লগ কৰি আছোঁ ৰ'ব।
মুখখন চেপি ৰাখিলোঁ। একো নক'লো আৰু।

- Mamani

New Assamese Joke- হাম্মা, হাম্মা

নয়নজিতঃ মোৰ প্ৰিয় গানটো হৈছে- হাম্মা, হাম্মা, হাম্মা হাম্মা হাম্মা।

অনিতাঃ অকে।
নয়নজিতঃ তো আমাৰ গৰুটোৰ প্ৰিয় গানটো কি?
অনিতাঃ মই কেনেকে জানিম?
নয়নজিতঃ হাম্বা, হাম্বা, হাম্বা হাম্বা হাম্বা।

চাহৰ কাপ

 গাঁওবুঢ়াই চাহ খাই কাপটো থ'ব লওঁতেই হাতৰ পৰা কাপটো পকাত পৰি গ'ল। কাপটো তুলি তেওঁ ভালদৰে চাই তেওঁৰ মানুহজনীলৈ চাই ক'লে..

"হে হে হে, ভগা নাই, বাছিল বাছিল"
সিফালৰ পৰা উত্তৰ আহিল.. "বাছিল নহয়, বাছিলোঁ বুলি কোৱা!"


- ৰাজা (অসমীয়া কৌতুক)

August 21, 2022

ছবিৰ চলেৰে কৌতুক

 


"সহ্যৰো এটা সীমা থাকে"

- ৰাজা

_____________________________________________________

Assamese Jokes, New Jokes in Assamese, Funny Assamese Blogs

ছবিয়ে কথা কয়- অসমীয়া কৌতুক

 


বাইকৰ ষ্টেণ্ডডাল ক’ত? 

- ৰাজা

_______________________________________________

অসমীয়া কৌতুক, অসমীয়া ব্ল’গ, Picture Jokes, Assamese


কোন কিমান দয়ালু?

 বহুত দিনৰ আগৰ কথা। চিদ বুলি বিৰাট ধনী মানুহ এজন আছিল।


তেওঁ এদিন মানুহবোৰৰ মনবোৰ কেনেকুৱা, জানিবলৈ পৰীক্ষা এটা কৰি চাব খুজিলে, ব'লে তো ছচিয়েল এক্সপেৰিমেণ্ট।

তেওঁ লেতেৰা, ফটাছিটা পোচাক পিন্ধি ওলাই গ'ল। গৈ গৈ তেওঁ Dimpi Deka ৰ ঘৰ পালেগৈ।

কলিং বেল টিপিলত ডিম্পী ওলাই আহিলত চিদে ক'লে, "মই বৰ দুখীয়া। ভোকত আছোঁ মাজনী। মোক ভালকৈ বৰালীমাছ, কুকুৰাৰ জোলেৰে এসাঁ‌জ খুৱাবানে?"

ডিম্পীয়ে বোলে, "ইচ ইচ কাকা। আপুনি কালি নাহিল কিয়? কালি মোৰ জন্মদিন আছিল নহয়, ব'ম ভাল ভাল খানা ওলাইছিল। আজি একো নাই।" এইবুলি ধাম-কৈ দুৱাৰ বন্ধ কৰি দিলে।

চিদ গৈ গৈ পালেগৈ Dhruba Bhuyan ৰ ঘৰ। 

বোলে, "মোক এসাঁজ ভাত খুৱাবানে?"

ধ্ৰুৱই উত্তৰ দিলে, "মই বুঢ়া মানুহ। তাতে আজি মানুহজনীও নাই ঘৰত। বাই।"

চিদ এইবাৰ গৈ পালে Nabasmita Deka Bora ৰ ঘৰ। গৈ ভাত খুজিলেই।

নৱস্মিতাই বোলে, "মই জাষ্ট নেইলপলিশ্ব লগাইছো। এতিয়া একো ৰান্ধিব নোৱাৰিম। বেয়া নাপাব। দুমাহমান পাছত আহিব ককা।"

চিদে বুজি উঠিল। এই পৃথিৱীত দয়ালু মানুহ কমি আহিছে। চেং নামৰ দয়ালু মানুহ এজনৰ নাম বৰকৈ শুনি আছোঁ, তাতে গৈ চাওঁ।

চিদ গৈ চেঙৰ ঘৰ পালাক।

কলিং বেল টিপলাক।

নাবাজেই, লাইটৰ বিল দিব নোৱাৰাত বেলটোৱেই কাম নকৰে। 

চেং ওলাই আহিল।

চিদে বোলে, "বোপা, শুনাচোন।",

চেঙে বোলে, "পাছত শুনিম। আপুনি মোৰ ভাত খোৱাৰ সময়ত আহি ওলালহি। আহক, আগতে এমুঠি অন্ন ধৰকহি।"

চিদ আবেগিক হৈ পৰিল। ইমান দয়ালু মানুহো আছেনে?

নিজৰ থালৰ পৰাই চেং বোলাজনে চিদক আধাফাল আলু বয়ল, অলপ নিমখ, আধা জলকীয়া আৰু এমুঠিমান ভাত দিলে। 

তাকে পৰমান্নৰ দৰে চিদে গ্ৰহণ কৰিলে।


তেওঁ ভাবিলে, দুখীয়া হ'লে কি হ'ব, এই মানুহটোৰ দিল বড়া আছে।

 

তাৰ পাছত চিদে মোবাইলটো উলিয়াই ইউটিউৱত ধুম চিনেমাৰ "দিল বড়া, দিল বড়া, আপুন কী তু, আপুন তেৰা" গানটো লগাই দিলে আৰু দুয়ো বন্ধু মিলি খুব ডেন্স কৰিলে।

___________________________________________

#Assamese #Jokes #Koutuk #Funny