Gajari: the Best of Indian Jokes: Assam Best Jokes
Showing posts with label Assam Best Jokes. Show all posts
Showing posts with label Assam Best Jokes. Show all posts

January 21, 2023

What's in dinner- Chicken or Omelette?

ডিনাৰ কৰাৰ ২৫ মিনিট আগতে-



নৱস্মিতা: হেৰা, শুনা না

মাধুৰ্য: হোঁ... কি? কোৱা

নৱস্মিতা: তুমি অমলেট খাবা নে চিকেন?

মাধুৰ্য: চিকেনেই খাম দিয়া

নৱস্মিতা: অঁ, ঠিক আছে


আধাঘণ্টা পাছত ভাত খাবলৈ বহি মাধুৰ্যই দেখে, নৱস্মিতাৰ থালত অমলেট আছে, কিন্তু তাৰ থালত চিকেন নাই।


মাধুৰ্য:উৱা, মোৰ চিকেন ক’ত?

নৱস্মিতা:চিকেন নাই নহয়, তুমি কাইলে আনি ল’বা। আজি ঘৰত কণী এটাহে আছিল। সেইকাৰণে সুধিছিলোঁ- তুমি অমলেট খাবানে চিকেন? তুমি আক’ চিকেন বুলি ক’লা, সেইকাৰণে অমলেটটো মই খাইছোঁ। বুজিলানে নাই?


মাধুৰ্য: বুজিলোঁ বুজিলোঁ। অমলেটটো অলপ দিয়া, টেষ্ট কৰি চাওঁ।

নৱস্মিতা: নেলাগে দিয়া test কৰিব; অমলেটটো Testত পাছ কৰিছে।


_______________________________

Assamese jokes, Jokes 2023, funny jokes, New jokes assamese, online jokes, facebook jokes, 

December 23, 2022

জিনে দিলে তিনিটা বৰ

 বিলৰ কাষৰ মাটিডৰা চহাই থাকোঁতে অগ্ৰাগ্নীয়ে এটা পুৰণি চাকি পালে

(অ’ চাকি চাকি চাকি, ৰেহনা জায়ে, কোই খুৱাহিশ্ব বাকী)।

ভালকৈ দুই ঘঁহন দিলত চাকিৰ ভিতৰৰ পৰা আলাদ্দিনৰ জিনটো ওলাই আহিল (এটা জিন ওলালে জিন, এটাতকৈ বেছি জিন ওলাই প্লুৰেল হ’লে জিন্স)
জিন: য়ামা য়ামা, য়ামা য়ামা- ইয়ে খুবচুৰত চামা...। বহুত দিনৰ মূৰত বাহিৰ ওলাই ভাল লাগছি দে; লকডাউন হৈ চাকিৰ ভিতোৰোতে সুমেই আছলু ইমেনদিন।
অগ্ৰাগ্নী: মোৰ উইছ গ্ৰাণ্ট হ’ব নে?
জিন: য়া য়া। কিয় নহ’ব- তিনিটা উইছ খোজা, আপী...
অগ্ৰাগ্নী: অ’ ৱাও! প্ৰথমটো উইছ- আমাৰ ইউনিভাৰ্ছিটীৰ চব ল’ৰাই বাকী ছোৱালীক বাদ দি মোকেই ভাল পাওক।
জিন: গ্ৰাণ্টেড!
অগ্ৰাগ্নী: থেংকিউ। দ্বিতীয়টো উইছ- চব ছোৱালীয়ে মোক দেখি যেন জ্বলে মানে... মোৰ ৰূপ দেখিয়েই জ্বলি ছাই হৈ যায় মানে...
জিন: গ্ৰাণ্টেড!
অগ্ৰাগ্নী: অস, একমিনিট একমিনিট। চবেই মোকেই ভাল পালে, আৰু ছোৱালীবোৰ মোক লৈ জ্বলিলে মোৰেই দিগদাৰ হ’ব। কিমান ফোন নম্বৰ ছেভ কৰিম। কিমান ছোৱালীৰ পৰা পলাই পলাই ফুৰিম। এটা কাম কৰক না- প্ৰথম দুইটা উইছ কেঞ্চেল কৰি দিয়ক।
জিন: গ্ৰাণ্টেড!
অগ্ৰাগ্নী: অকে! এতিয়া তিনি নম্বৰ উইছটো হাঁ...
জিন: তিনি নম্বৰটো অলৰেডি খুজলিয়েই বাবা...
হাউ, চাওঁ ম’ক যাবা দি...
________________________________________________
অসমীয়া কৌতুক, Assamese blog, latest jokes, indian jokes, new jokes 2023

চাহৰ কথা- ২

 আপোনালোকে জানেই মই মানুহটো কিমান মৰমিয়াল।

এদিন পুৱা ৭ মান বজাৰ কথা হাঁ, বিচনাত শুই আছোঁ।
এওঁ আহি মোক জগালেহি, "হেৰি উঠক। মই চাহ বনাব লৈছোঁ।"

ঘপকৈ উঠিল নহয় মোৰ খংটো....
"তুমি চাহ বনাব লৈছা, এতিয়া মই কি বাৰ্ণাৰটো দেচলাই মাৰি জ্বলাই দিব লাগে নে চছপেনটো ধুই দিব লাগে?"
দেখিলেনে কেনেকুৱা দম?
[বি:দ্ৰ: চছপেন কালি ৰাতিয়েই ধুই থৈছিলোঁ]

_________________________________________________________________
অসমীয়া কৌতুক, Assamese jokes, Funny jokes 2023, New Jokes

চাহৰ কথা- ১

 আপোনালোকে জানেই মই মানুহটো কিমান মৰমিয়াল।

এদিন কি হ’ল, পুৱা ৭ মান বজাৰ কথা হাঁ, টিপটপ বিচনাত শুই আছোঁ।
এওঁ আহি মোক জগালেহি নহয়, "হেৰি উঠক। মই চাহ বনাব লৈছোঁ।"
উঠিল নহয় মোৰ খংটো....

"তুমি চাহ বনাব লৈছা? কিয়? কিয় মানে? মই থাকোতে তুমি কিয় বনাব লাগে?"
দেখিলেনে কেনেকুৱা দম?
.
.
.
তেতিয়াহে মনত পৰিল, আমাৰ ঘৰত আলহী আছিলহি... আলহীৰ আগত এওঁ থোৰে না মোক বনাবলৈ দিব... খুক খুক খুক...

Funny jokes, new jokes, Indian jokes, assamese jokes, blog jokes, 2023 jokes, funny jokes 2023

October 21, 2022

Guwahati Traffic police and Nabin

 এইবোৰ কৌতুক BBC News ত নাহে। Latest News or Breaking News তো নাহে।

এইবোৰ পঢ়িবলৈ পাব কেৱল আমাৰ ব্ল’গত।

বাৰু, কৌতুকটো কি?


নবীন যে? সি এদিন ট্ৰেফিক আইন উলংঘা কৰি দ্ৰুত গতিত ১০০ কিমি-ত গাড়ী চলাই গৈ আছিল। কিন্তু বাটতে ট্ৰেফিক পুলিচে তাক ধৰিলে। এয়া যে গুৱাহাটীৰ ট্ৰেফিক পুলিচ। ৫০০ টকাৰ তলত কথাই নাপাতে। সি নিদিলে। সেয়ে কেছটো গৈ আদালত পালে। এতিয়া আদালতৰ কক্ষত কি হ’ল জানেনে?

 

বিচাৰক: নবীন মহোদয়, আপুনি assamese song 2022 শুনি শুনি স্পীডত গাড়ী চলাই আছিল নেকি? আপুনি ইমান বেগাই ক’লৈ গৈ আছিল?


(বিচাৰকে মহোদয় বুলি মতাত নবীনৰ বুকুখন ৫ ইঞ্চিমান ফুলি গ’ল। লগতে ‘আপুনি’ বুলিও মাতিছে। সি অলপ আবেগিক হৈ পৰিল... ইমান সন্মান! মোক এনে সন্মান কোনেও কেতিয়াও দিয়া নাই। সৰু মানুহ বুলি সকলোৱে পেংলাইহে কৰে।)


উৎফুল্লিত নবীনে স্পষ্ট উত্তৰ দিলে (অলপ ইংৰাজীও লগাই দিলে। উকীলজনে কৈ থকা শুনি আছে যে): আচলতে মাই লৰ্ড, মই সিদিনা পত্নীক তেওঁৰ দেউতাকৰ ঘৰৰ পৰা আনিবলৈহে গৈ আছিলো।


এই কথা শুনি বিচাৰকে দ্বিতীয়বাৰ সুধিলে: হয় নেকি? সঁচা কথা কওক। শহুৰৰ ঘৰলৈ পত্নীক আনিবলৈ গৈ আছিল নে?


নবীন: হয়, সঁচা। এক্কেবাৰে সঁচা।

বিচাৰক: তেতিয়া হ’লে ঠিক আছে। কেছ ডিছমিছড কৰা হ’ল। কোনেও নিজৰ শহুৰৰ ঘৰলৈ স্পীডত গাড়ী চলাই পত্নীক আনিবলৈ নাযায়।

_____________________________________________

This is an Assamese joke, not Assamese literature. 

Also not assamese porn or assamese xxx. Therefore, keep smiling.


October 14, 2022

কবিতাটো ক'লৈ গ'ল?

 স্বামী : হেৰা, কালি মই লিখা কবিতাটো ক'লৈ গ'ল ?

পত্নী : মই কেনেকৈ জানো!

স্বামী : মাইনাই ফালি পেলালে নেকি ?
পত্নী : সি পঢ়িব নজনা ল'ৰাটোৱে কিয় আপোনাৰ কবিতা ফালিব?
_______________________________________

গণেশৰ খং

 গনেশ =: (পাৰ্বতীক ঊদ্দেশ্যি ) মা .... মা .... দেউতা কত আছে ? 

পাৰ্বতী : নাজানো ... বাথৰুম .. গৈছে চাগৈ ...!
গনেশ : (খঙত) সদা সদা কিমান কৈ থাকিব লাগে ? ভাঙ খাই খাই পাহৰি থাকে ! 
কিমান বাৰ কলো .... কাঁটা চামুচ এখন লাগে লাগে বুলি.. !  আনি নিদিলে.. আৰু 
মই সদায় সদায় এইডালেৰে নুডলছ খাব লাগে..... (ত্ৰিশূল ডাল টান মাৰি ....) !

__________________________
Assamese jokes, Facebook jokes

গাধ বনাম হাবিলদাৰ

 বাৰ এখন সৰু চহৰৰ ভিতৰুৱা গাওঁ এখনৰ পথাৰৰ মাজত হঠাত্‍ দেখা হৈ গ’ল এটা গাধ আৰু মোৰ বাল্যকালৰ বন্ধু দত্তৰ ৷ বন্ধু দত্ত তেতিয়া তাৰেই কোনোবা এখন থানাৰ হাবিলদাৰ আছিল ৷ 

New Assamese Jokes


দত্তক একেবাৰে সন্মুখত পাই গাধই সুধিলে “ তই কোন বে ?”

হাবিলদাৰ দত্তই ইফালে-সিফালে চাই ওচৰে পাজৰে কাকো নেদেখি অতি গৰ্বৰে বুকু ফিন্দাই উত্তৰ দিলে “মই এইখন জিলাৰ S.P. !! পিছে তই কোন ?” 

গাধটোও মোৰ বন্ধু দত্তৰ দৰেই মূৰটো দাঙি ইফালে-সিফালে চাই লাহেকৈ ক’লে “মই ঘোৰা !!!”

by Kallol Kumar Baruah
______________________________
Facebook Jokes, Google Jokes, Assamese Jokes

October 13, 2022

Karwa Chauth jokes, करवा चौथ

"যেতিয়া মোৰ পত্নীয়ে গান গাবলৈ আৰম্ভ কৰে মই সদায় বাহিৰলৈ ওলাই যাওঁ আৰু বাগিচাত কিবাকিবি কৰি থাকো যাতে আমাৰ চুবুৰীয়াসকলে দেখে যে কোনো কোনো মাৰ-পিট বা কান্দোন থকা নাই।"


ইতি,

সুখী পতি


_________________________________

Karwa Chauth Jokes, Assamese, New Jokes, Google Karwa Chauth, Funny. करवा चौथ

New Assamese Jokes

Assamese jokes Facebook
Funny Assamese Joke, Facebook Jokes, Google Jokes

এখন দেৱালে আনখনক কি ক'লে?

"চুকলৈ আহ, তোক তাত চাই ল'ম।" 

লোল...

___________________________________________
 

September 23, 2022

অসমীয়া কৌতুক: নাকৰ বিষ

ঘটনাটো শুনিলে হাঁহি হাঁহি পগলা হৈ যাব, সেয়ে খুঁটা এটাত ধৰি লওক- 

ডাঃ বিনুজনীঃ হেৰা। শুনিছানে? মোৰ নাকটো বৰ বিষাইছে।
ডাঃ বিনুজঃ অস হ'। ভিতৰত বিষাইছে নে বাহিৰত?
ডাঃ বিনুজনীঃ এক মিনিট, মই কৈ আছোঁ।
তেওঁ ঘৰৰ বাহিৰলৈ ওলাই চোতালত এক মিনিট থিয় হৈ চালে।
উভতি আহি বিনুজক ক'লেঃ ঘৰৰ ভিতৰত থাকোঁতেও বিষাইছে, বাহিৰলৈ যাওঁতেও বিষাইছে। আচৰিত বুইছা নে?

- অসমীয়া কৌতুক ২০২২, গাজাৰী ডট কম

চাহৰ কাপ

 গাঁওবুঢ়াই চাহ খাই কাপটো থ'ব লওঁতেই হাতৰ পৰা কাপটো পকাত পৰি গ'ল। কাপটো তুলি তেওঁ ভালদৰে চাই তেওঁৰ মানুহজনীলৈ চাই ক'লে..

"হে হে হে, ভগা নাই, বাছিল বাছিল"
সিফালৰ পৰা উত্তৰ আহিল.. "বাছিল নহয়, বাছিলোঁ বুলি কোৱা!"


- ৰাজা (অসমীয়া কৌতুক)

August 21, 2022

ছবিয়ে কথা কয়- অসমীয়া কৌতুক

 


বাইকৰ ষ্টেণ্ডডাল ক’ত? 

- ৰাজা

_______________________________________________

অসমীয়া কৌতুক, অসমীয়া ব্ল’গ, Picture Jokes, Assamese


January 15, 2016

আশাকৰো তোমালোক ফিটিং হৈ আছা (Assamese Jokes Series)

মৰমৰ অকণিহঁত

তোমালোকে ভৱিষ্যতবাণী মানে কি নিশ্চয় জানা। তোমালোকে জানি ভাল পাবা যে বিশ্বৰ সকলোতকৈ বিখ্যাত ভৱিষ্যতবাণী কৰোঁতাজনো এজন গাজাৰী। তেওৰ নাম হ'ল ভাষ্কোদামাছ বা (দত্ত চাৰৰ মতে) 'ভাষ্কোদামুঁ' । কিছুমান ইতিহাসকাৰে এখেতক ভাষ্কো দা গামা বুলিও কয়, কিন্তু এই তথ্য শুদ্ধ নহয়। কাৰণ যিজন ব্যক্তিয়ে ৰাষ্টাৰ কাষত চুচু কৰাৰ পাছত সেই জমা হোৱা পানীখনিত পৰি গ'লে ডুবি যাম বুলি ভয়তে থৰহৰি কম্পমান হৈ থাকে, তেও বাৰু সাত সাগৰ জাহাজেৰে পাৰ হৈ ভাৰতলে আহিব পাৰিবনে? গতিকে তোমালোকে সেইবিলাক 'ফকটিয়া' কথাত মন নিদিবা।
আজিৰ পৰা প্ৰায় দুহাজাৰ বছৰ আগতেই ভাষ্কোদামুঁয়ে আজিকালি হৈ থকা বহু ঘটনাৰ হুবহু ভৱিষ্যতবাণী কৰি গৈছে- যেনে অমুক গাজাৰীয়ে ডেটিঙ মাৰিবলে যাওতে খৰছা বচাবলে ব্ৰেড আৰু বিচলেৰী বটল লৈ যাব, চেতিয়া দা ভাৰতলে অহাৰ দিনা চুলিত কি ৰং লগাই আহিব ইত্যাদি। জনশ্ৰুতি আছে, যে ভাষ্কোদামুঁয়ে গধূলি সাত মান বজাৰ লগে লগে এবিধ দিব্যবস্তু পান কৰি নিজকে এক ভাৱাতীত বা ট্ৰেন্সেনডেণ্টেল অৱস্থালৈ লৈ গৈছিল আৰু তাহানিৰ ৰংপুৰ চহৰৰ গড়খাৱৈ একোটাত পেটটো ওপৰলে কৰি শুই লৈ অনৰ্গল ভৱিষ্যতবাণী কৰি গৈছিল। তাৰ প্ৰায় সকলোবোৰ ভৱিষ্যতবাণীয়েই আজি সঁচা হৈছে।
ভাষ্কুদামুৰ ভৱিষ্যতবাণী মতে ২০২০ চন মে' মাহৰ ১৫ তাৰিখে গাজাৰীত প্ৰলয় নামিব, আৰু গাজাৰীৰ জুকবোৰ ৩০ ফুট পানীৰ তলত ডুব যাব। সেই সময়ত গাজাৰীক ৰক্ষা কৰিবলৈ ভাষ্কোডামুয়ে নিজে অৱতাৰ লব আৰু সেই প্ৰলয়ৰ পানীবোৰ সেই দিব্যবস্তুবিধৰ লগত মিহলাই খাই পেলাব।

মইনাহঁত,
তোমালোকে এই বিখ্যাত গাজাৰীজনৰ কথা শুনি ভাল পালা নিশ্চয়, আজিলৈ এৰো। কাইলৈ মই তোমালোকক গাজাৰীৰ এগৰাকী বীৰাংগনাৰ কথা ক'ম।
মৰমেৰে
তোমালোকৰ
হৃত্বিক ৰৌছন খুড়া।

আশাকৰোঁ তোমালোক ফিটিং হৈ আছা 


(~Abhijit Kalita)

আশাকৰোঁ তোমালোক ফিটিং হৈ আছা (Assamese Joke Series)

॥ আশাকৰোঁ তোমালোক ফিটিং হৈ আছা॥

মৰমৰ অকণ অকণিহঁত

তোমালোকে নোৱা (Noah) ৰ সাধুটি শুনিছানে? সেইযে পৃথিৱীত প্ৰলয় আহিল, আৰু ভগৱানে নোৱাক এখন নাও সাজিবলে হুকুম দিলে। সেই নাৱত নোৱাই সকলো প্ৰাণী আৰু গছৰ গুটি লৈ ৪০ দিন উটি ভাঁহি ফুৰিলে, তাৰ পাছত পানী শুকুৱাত সেইবোৰেৰে সৃষ্টিখন ৰক্ষা কৰিলে।
নিশ্চয় শুনিছা। কিন্তু তোমালোকে জানিবলে পালে সুখী হবা যে, এজন গাজাৰীৰ বাবেই পৃথিৱীখন তেনে এটা ধ্বংসৰ মুখৰ পৰা বাছিল, মাত্ৰ কেইদিন মান আগতে।

পৃথিৱীত পাপ বেছি হৈ, তেনেই ধপাত হোৱাৰ গতি দেখি ভগৱানে আকৌ এবাৰ এনেদৰে পৃথিৱীখন ধ্বংস কৰিবলে মন মেলিলে, মানে প্ৰলয় আনিব খুজিলে, যত পাপীবোৰ পানীত ডুবি মৰিব আৰু এজন ভাল মানুহে সকলো বস্তুৰে সঁচ ৰাখি থব। পিছে নোৱা তো কেতিয়াবাই মৰি ভূত হ’ল, হাড়ত বন গজিল, গতিকে তেও বহুত ভাৱি গুনি আমাৰ মাজৰে গাজাৰী চিৰিমান চিখৰক সেই কামটো দিবলে সিদ্ধান্ত কৰিলে।

সেইমতেই এদিন ভগৱানে চিখৰক সোঁশৰীৰে লগ কৰি আদেশ কৰিলে, - "বোপাই, তই নাও এখন সাজ যেনেতেনে, আৰু প্ৰাণীবোৰো গোটা, - ছমাহ সময় দিলো তোক।"
পিছে চিখৰে সেই সময়ত গাজাৰীৰ জুক পঢ়ি হাঁহি আছিল বাবে কথাটো তাৰ বৰ ভালকে কাণত নোসোমাল, আৰু কেইদিন মানৰ পাছত পাহৰি থাকিল।
তিনিমাহ পাৰ হ’ল, ভগৱানে ফোন কৰি খবৰ ল’লে- কাম কিমান আগবাঢ়িছে। তেতিয়াহে চিখৰৰ মনত পৰিল, আৰু ক'লে
- "এইকেইদিন মানে বিৰাটেই বিজি বুইছে, কামৰ পৰা মুৰ ডাঙিবই পৰা নাই। চিন্তা নকৰিব- মই গাত ল’লো যেতিয়া কাম হৈ যাব।"
চাৰিমাহ- ‘অ’ চাৰ, কাঠ পাবলে নাই নহয় ইয়াত আজিকালি। আৰু যিকিখন বি ক্লাছ তক্তা পাইছো, কেবি ৭০০ টকাকে লাগে। তথাপিও চিন্তা নকৰিব, মই চেনেল এটা লগাইছো, মানুহ এটাই দুই নম্বৰী কাঠ দিম বুলি কৈছে, ৫০০ টকা মানকেই পাই যাম।‘
চাৰে চাৰি মাহ:- ‘বৰ ডাঙৰ কথা হ’ল নহয় চাৰ, গোটেই কাঠ খিনি ফৰেষ্টে ধৰিলে, এতিয়া কি কৰো মই ভাবিৱেই পোৱা নাই। ‘
পাঁচ মাহ:- ‘চিখৰৰ ফোন দুসপ্তাহ ধৰি চুইচ অফ।‘
পাঁচ মাহ ২০ দিন:- ‘নকব আৰু চাৰ, আগৰ ফোনটো মোৰ হেৰালে নহয়, আপোনাৰ নম্বৰটোও পাহৰিলো, আপুনি ফোন কৰি বৰ ভাল কৰিলে। হেৰি নহয়, কামটোটো ডাঙৰ, বহুত খৰছা পৰিব- অলপ এডভান্স কিবা দিব পৰা যাব নেকি? আপুনি চিন্তা নকৰিব, নাও হৈ যাব টাইমত।‘
পাঁচ মাহ ২২ দিন:- ‘ভাল খবৰ চাৰ, একদম সস্তাত কাঠ পাইছো, ভাল কাঠ। লোডিং হৈ আছে ট্ৰাকত। মোৰ মিস্ত্ৰী ৰেডী, কাঠ আহি পালেই ধাম ধুম কাম লাগি যাম। ইফালে আপোনাৰ কথা মতে মনিপুৰীয়া গৰু এহালো কিনিলো, এতিয়া বাকী জীৱজন্তু কেইটা গোটালেই হৈ গ’ল।‘
পাঁচ মাহ ২৮ দিন:- ‘চাৰ বৰ ডাঙৰ ঘটনা হ’ল নহয়। ট্ৰাকখন এক্সিডেণ্ট হ’ল, এতিয়া কাঠখিনি পুলিচে ধৰি থৈছে। মই গৈ আছো, কেনেবাকে মেনেজ কৰি উলিয়াই আনিম।আপুনি চিন্তা নকৰিব‘
ছমাহ পুৰা হোৱাৰ দিনা আগৰ প্ৰগ্ৰেম মতেই, আকাশ ডাৱৰীয়া হৈ আহিল, কলহৰ কাণে বৰষিবলে লাগিল। ভগৱানে কিবা অলপ সন্দেহ কৰি এইবাৰ নিজেই আহিল।
চিখৰ ফস্তি মাৰি শুই আছে।

- ‘কি হ’ল? নাও ক’ত- আৰু জীৱ জন্তু? গছ-গছনি? হোৱাট ইজ দিছ?’
- ‘চাৰ, কি কম আৰু আপোনাক, কালিৰ পৰাই মানুহজনীৰ গাটো বেয়া, গোটেই ঘৰৰ কাম কাজ কৰিব লগা হৈছে, একদম সময়েই পোৱা নাই।‘

ভগৱানে কিবা অলপ চিন্তা কৰিলে, আৰু অলপ পাছতে আকাশ মুকলি হৈ আহিল, বৰষুণো এৰিলে।
চিখৰে সুধিলে- কি হ’ল চাৰ, প্ৰলয় কেনচেল নেকি?
- অ’ কেনচেল, প্ৰলয়েৰে পৃথিৱীৰ পাপৰ বোজা কমোৱা আইডিয়াটোৱেই কেনচেল। তঁহতবোৰ জীয়াই থাকিও মৰা, তহতক মাৰি কি লাভ?
এইদৰেই চিখৰৰ বুদ্ধিমত্তাৰ বাবে পৃথিৱী ধ্বংসৰ পৰা বাছি গ’ল।

মৰমেৰে তোমালোকৰ
হৃত্ত্বিক ৰৌছন খুড়া

~ Abhijit Kalita

December 19, 2014

জলদস্যু ভাষ্কো আৰু মিচৰ নন্দিনী

Internetot ই-মেইলৰ যোগেদি কেতিয়াবা বহুধৰণৰ স্কেম, স্পাম মেইল পোৱা যায়| কিছুমান মেইলৰ উত্তৰ দি বহু ব্যক্তি সৰ্বস্ৰান্ত হোৱাৰ উদাহৰণো বিৰল নহয়| তেনে এক স্কেম ইমেইলৰ খুহুতীয়া ভাৰ্ছন আগবঢ়াইছে আমাৰ অভিজিত কলিতাই-

++++++++++++++++++++

মৰমৰ ভাষ্কো দাদা,

আপুনি মোক চিনি নেপাব, আচলতে মইয়ো আপোনাক আগতে চিনি পোৱা নাছিলো, কিন্তু আজি হঠাৎ ফেচবুকত আপোনাৰ প্ৰফাইল ফটোখন দেখি মোৰ এনে লাগিল, যেন, যেন, আপুনিয়েই সেই সহৃদয় , মৰমীয়াল, বিশ্বাসী, হাঁহিমুখীয়া মানুহজন; যাৰ অপেক্ষা মই জন্ম জন্মান্তৰৰপৰাই কৰি আহিছিলো। মোৰ সৰল অন্তৰৰ এই নিবেদনক আপুনি হয়তো বাতুলামি বুলিয়েই ভাবিব, তথাপি মই আপোনাক এই কথাখিনি কোৱাৰ পৰা নিজকে বিৰত কৰিব নোৱাৰিলোঁ, ভুল হ’লে ক্ষমা কৰিব।

মই আছলতে মিছৰৰ ৰাজবংশৰ এটা সৰু ঠেঙুলিৰ বংশোদ্ভৱ, আমাৰ পূৰ্বপুৰুষেই মিছৰত পিৰামিড নিৰ্মান কৰিছিল, আপুনি নিশ্চয় জানে, আৰু সেই পিৰামিডবোৰৰ কোঠালীয়ে কোঠালীয়ে আজিও শুণা যায়, সেইসকল কাৰিকৰৰ অতৃপ্ত আত্মাৰ হা-হুমুনিয়াহ, যাৰ প্ৰাণ অনায়াসে কাঢ়ি লৈছিল মোৰ পুৰ্বপুৰুষে, কাম শেষ হোৱাৰ পাছত, স্বাৰ্থ পুৰণ হোৱাৰ পাছত। আৰু সেই আত্মাৰ অভিশাপ বহন কৰিব লগা হৈছে আমি।

মোৰ দেউতাৰ কাইৰোৰ ওছৰে পাজৰে ৫৯ টা সোণৰ খনি আছিল, আৰু মই এই অপৰম্পাৰ সম্পতিৰ একমাত্ৰ উত্তৰাধিকাৰী। কিন্তু ১৯৯৫ চনত উগ্ৰপন্থীয়ে মোৰ দেউতাক অপহৰণ কৰি নিয়ে আৰু আজি পৰ্যন্ত দেউতাৰ কোনো খবৰ নাই। মই সেই সময়ত সৰু আছিলো, গতিকে আমাৰ শুভাকাংক্ষী সকলে মোক ইউৰোপলৈ পলুৱাই পঠিয়াই।

আজি মোৰ ১৮ বছৰ সম্পূৰ্ণ হ’ল, আৰু মই মোৰ দেউতাৰ সম্পত্তিৰ ন্যায়সংগত অধিকাৰ লাভ কৰিলোঁ আৰু মিছৰলৈ ঘুৰি আহিলোঁ। কিন্তু আহি দেখিলোঁ, সেই অতৃপ্ত আত্মাৰ অভিশাপে এতিয়াও মোৰ পাছ এৰা নাই, উগ্ৰপন্থী, ৰাজনৈতিক মাফিয়াৰ পৰা মোক বাৰম্বাৰ ভীতি প্ৰদৰ্শন কৰা হৈছে, মোৰ পূৰ্বপুৰুষৰ সম্পত্তি মোৰ পৰা কাঢ়ি নিয়াৰ চেষ্টা চলিছে অহৰহ, আৰু সেয়ে মই আত্মগোপন কৰিব লগা হৈছে।

সেয়ে মই মোৰ চলিচিটৰ তথা শুভাকাংক্ষী সকলৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছো যে মই মোৰ প্ৰায় ৫০০ মিলিয়ন আমেৰিকান ডলাৰ মান সম্পত্তি দেশৰ পৰা বাহিৰলৈ পঠাই দিম। আৰু সেয়ে, হয়তো ভগৱানৰ ইচ্ছা অনুসাৰে মই আপোনাক লগ পালো।আপুনি মোক সহায় কৰক!! মই সকলো ধন সম্পত্তি আপোনাৰ দৰে এজন বিশ্বাসযোগ্য আৰু মানবীয়তাসম্পন্ন মানুহৰ হাতত তুলি দিব বিছাৰিছো!!! অনুগ্ৰহ কৰি আপুনি মোক আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ, ক্ৰেডিট কাৰ্ড নম্বৰ, এটিএমৰ নম্বৰ আৰু পিন, মেইল কৰি দিব। ১৫ দিনৰ ভিতৰত মোৰ সকলো সম্পত্তি আপোনাৰ একাউণ্টত জমা কৰি দিয়া হব।

যদি কেতিয়াবা মই ইয়াৰ পৰা বাচি ওলাই যাব পাৰো, তেন্তে সেই পইচাৰ পৰা আপোনাৰ যি ইচ্ছা মোক দিব, মোৰ কোনো দাবী নাই তাত। যদি আপোনাক এই জীৱনত লগ কৰিব নোৱাৰোঁ, তেন্তে আপুনি এই অভাগিণীক মাথোঁ কেতিয়াবা মনত পেলাব ! বিদায়. ..শূভৰাত্ৰি

ইতি
মাচাবা কাঁহিবা পাদিবা ফুৰুৎফা
কাইৰো

* ভাষ্কো- ভাস্কৰজ্যোতিক মৰমত গোটে দি লোৱা নাম

June 29, 2013

মালিংগা আৰু অপু

মালি চে পাংগা
-------------
মালি গ’ল মুম্বাই ৷ লগত দত্তকাই আৰু অপু ৷
টেক্সি এখন ভাড়া কৰি দিনটো মুম্বাই ফুৰিলে ৷
টেক্সিৱালাই কুতুব মিনাৰ, লাল কিল্লা, তাজ মহল, শংকৰদেৱ কলাক্ষেত্ৰ, হাৱা মহল সকলো দেখুৱালে ৷
মালিহঁতেও গম পাইছে টেক্সিৱালাই ঠগিছে ৷ ক’ত বাৰু মুম্বাইত সেইবোৰ আছে ??
পেটে পেটে তামাম খং উঠি আছে ৷

যি নহওক শেষত আহি হোটেলত নমালে ৷
ভাড়া ৯৯৯ টকা হ’ল ৷
দত্তকাইৰ মতে ৯৯৯ টকা দি বাটাৰ পৰা জোতা কিনা হ’লেই ভাল আছিল ৷

অপুৱে ১০০০ টকাৰ নোট এখন দিলে ৷
টেক্সিৱালাই ক’লে, ‘‘ছুট্টা নেহি হ্যায় ভাউ ৷’’
লগে লগে অপুৱে ক’লে, ‘‘এইটো ক্যা বাত হুৱা বাউ ? লাগিবই ১ টকা ৷’’
টেক্সিৱালাই ক’লে, ‘‘কাহা চে দু , নেহি হ্যায় ৷’’
অপু, ‘‘মই নাজানো ৷ লাগিবই ১ টকা ৷’’
টেক্সিৱালাই ক’লে, ‘‘ঠিক হ্যায় ৷ কৰীনা পচন্ড হ্যায় ? ইয়ে দেখো ১ ৰুপীয়া মে ভিডিও ৷’’
মোবাইলত ১ টকাৰ ভিডিও দেখুৱালে ৷

মালিৰ খং উঠি গ’ল ৷ মনতে ভাবিলে,‘‘দিনটো ঠগিলি ৷ এতিয়া এইবোৰ ?? ৰ !!!’’
মালি, ‘‘ভায়া চাহাব ইয়ে ল’ হামাৰ 16 GBকা মেমৰী কাৰ্ড ৷ ২০০০ ভিডিও দেখ লো ঔৰ ২০০০ ৰুপীয়া নিকালো ৷’’

কৃষ্ণ !!

By Pratibhu Dutta
<