Gajari: the Best of Indian Jokes

August 17, 2013

ফটোগ্ৰফী

সন্ধিয়াৰ সময়| এজন মদাহী ৰাস্তাৰে গৈ আছিল । হঠাৎ পিছলি বোকাত পৰিল।
.
.
.
.
.
.
.
.
সেই সময়তে চাঁটকৈ বিজুলী চমকিল, মদাহী জনে কলে- "হে ভগৱান প্রথমে বোকাত পেলাই দিলা আৰু এতিয়া ফটোও তুলিলা।"

By Nikunja Sarma

দেবুদাই গালি পাৰিব...

দত্ত‍ই ৰাস্তাত পৰি থকা বস্তাকেইটা আঁতৰাবলৈ চেষ্টা কৰি আছে| ওচৰতে এখন ঠেলাগাড়ী|
আহক নহয় সেইফালে চেংমাই আৰু কলিতা এখন ৩০০ চিচি বাইকত...

চেংমাই: দত্ত, ব’ল বাইকত বহ, এপাক ফুৰি আহোঁ সন্দিকৈৰ পৰা| 
কলিতা: য়ো, ব’ল... ব’ল
দত্ত: নাযাওঁ, দেবুদাই গালি পাৰিব...

কলিতা: হেই ব’ল, আহি বস্তাকেইটা ঠেলাত তুলিবি
চেংমাই: আমিও হেল্প কৰি দিম তেতিয়া...
দত্ত: নাযাওঁ, দেবুদাই গালি পাৰিব...

কলিতা: গম নাপায় তো দেবু দাই, যে ত‍ই আমাৰ্ লগত আছ!
চেংমাই: অঁ তোন... ব’ল ব’ল ভাই... ৫ মিনিটত আহি যাবি
দত্ত: নাযাওঁ, দেবুদাই গালি পাৰিব...

কলিতা+ চেংমাই: দেবুদা আছে নো ক’ত?

দত্ত: বস্তাকেইটাৰ তলত............................................ (হি হি হি)

By Changmai

Why No Homework?

চুচমিতা আৰু তুলিকা একেলগতে স্কুললৈ গৈছিল তো| তেতিয়া ১৯৯৪ মানৰ কথা (কোন ক্লাছত পঢ়ে কৈ নিদিওঁ, নহ’লে হিচাপ ওলাই যাব তো  ) | দুইজনী ছোৱালী বিৰাটেই বদমাছ- মাৰ্বল খেলে, টাংগুটি খেলে, চানা কিনি খায়, ৰাতি নপঢ়ি লুকুৱাই থোৱা বগৰী চোবাই চোবাই মৌচাক পঢ়ে| 

গৰম বন্ধত দীপা বাইদ’ৱে এচাইনমেন্ট এখন কৰিবলৈ দিছিল| ক্লাছত চবেই কৰি আনিলে দুজনী ছোৱালীৰ বাহিৰে| কোন সেই দুজনী ক’ব লাগিব নি বাউ?

দীপা বাইদ’: - হুৱাই নৌ হোমৱৰ্ক?
তুলিকা: - আই ডিড| বাট... আৱাৰ ড’গ ই’ট ইট! 
দীপা: - অ’ বেড ড’গ...
তুলিকা: - ইয়েছ মেডাম

দীপা: - হুৱাই নৌ হোমৱৰ্ক চুচমিতা?
চুচমিতা: - আই ডিদ| বাট ... আই এট ইট
দীপা: - হুৱাট? হুৱাই ইউ ই’ট ইট?
চুচমিতা: - বিকৌজ উই ডু নট হেভ ড’গ না মেডাম! (হি হি)

By Changmai

দীপা আৰু ফায়াৰ ব্ৰিগেড

- হেল্লো হেল্লো
- হেল্লো, হেল্লো
দীপা: অঁ হেল্লো... শুনা পাইছে নে?
x: অ পাইছোঁ
দীপা: জুই লাগিছে
x: ক’ত লাগিছে?
দীপা: ইয়াতে...
x: ঠিকনাটো কওক
দীপা: লাজপত নগৰ ডাবোল ষ্টৰীৰ পিছফালে থকা জে ব্লকত
x: আমি এতিয়াই আহি আছোঁ
দীপা: আৰে ৰ’ব না....
x: কি নো হ’ল? জলদি কওক...
দীপা: মানে ম‍ই এখন সৰুকে বাগিছা কৰিছোঁ...
x: তো?
দীপা: তাত গোলাপ, তগৰ, চিজন ফ্লাৱাৰ এইবোৰ ৰুইছোঁ... ফুলিছেও...
x: হাৰে... জুই লাগিছে আৰু আপুনি এইবোৰ কি বকি আছে?
দীপা: ........ মানে জুই আমাৰ ঘৰত লগা নাই নহয়... ওচৰত হে লাগিছে... কিন্তু আপোনালোক এইফালে যাওঁতে প্লিজ গাৰ্ডেনত অলপ পানী দি থৈ যাব হাঁ!!!!!!!!!!!!!!!!!!
By Changmai



August 16, 2013

দত্ত আৰু সোণৰ ফোন

খৰিকটীয়াৰ কাহিনীটো মনত আছে নে?
নদীৰ পাৰত কুঠাৰেৰে ঘৈয়াই থাকোঁতে যে কুঠাৰখন চিলিপ হৈ কিনে পৰি গৈছিল পানীৰ মাজত? তাৰ পিছত জলদেৱী প্ৰকট হৈ প্ৰথমতে সোণৰ, ৰূপৰ কুঠাৰ দিওঁতেও যে খৰিকটীয়াই মানা কৰি দি নিজৰ কুঠাৰখন হে খুজিছিল? আৰু তাকে দেখি কিনে খুচ হৈ কিনে জলদেৱীয়ে গোটেই তিনিটা কুঠাৰেই তেওঁক দি দিছিল?

দত্তৰো মনত আছে কাহিনীটো...

হ’ল কথাটো এনেকুৱা...
এদিন গোলাঘাটৰ পৰা বাদাম কিনিবলৈ দত্ত গুহেটীলৈ আহিছিল| বাদাম কিনি লোভতে অলপ বেছিকৈ গলিয়াই দিলে চাগে| লাগিল নহয়| মানে ২ নম্বৰটো... |

বিচাৰি বিচাৰি এখন সুলভ শৌচালয় পালেগৈ|
দৌৰ মাৰি ভিতৰত বহি আমেজ লৈ থাকোঁতেই আহিল নহয় কাৰোবাৰ ফোন... ফোনটো ৰিচিভ কৰিবলৈ লওঁতেই চিলিপ হৈ কিনে ফোন চিধা একেবাৰে মেইন জেগাতে পৰিল|

মাত্ৰ ৪ দিনৰ আগতে ১২, ০০০ টকা দি কিনা ফোন... বৰ হেঁপাহত কিনিছিল দত্ত‍ই ফোনটো, অসমীয়া লিখিবও পাৰি ফোনটোৰ, গেম খেলিবও পাৰি, দুখন দিম ভৰাবও পাই, ৱা’টছ এপো আছে, ধেৰ কনটেক্ট নাম্বাৰো আছে...
তাকে ভাবি ভাবি দুখতে দত্তৰ সেইভাগেই চকুপানী ওলাবলৈ ধৰিলে| চকুপানী কি, কান্দোনেই ওলাই আহিল....

দত্তৰ দুখ সহিব নোৱাৰি টয়লেট-দেৱী প্ৰকট হ’ল নহয়... আহি তেওঁ দত্তক ফোন এটা আগবঢ়াই দিলে...
- "হোঁ ল’, নাকান্দিবি অ’ আপা"
ফোনটোলৈ চাই দত্ত‍ই ক’লে-  "মোক সোণৰ ফোন নালাগে দেৱী, মোক মোৰ আচল ফোনটোকেই উভোতাই দিয়ক না পিলিজ"

দেৱীয়ে ভেকাহি মাৰি ক’লে- "ধুৰ, এইটো তোৰেই ফোন হয়| সোণৰ নহয়| ভালকৈ ধুই ল’লে দেখিবি, সোণালী ৰংটো আঁতৰি গৈছে|"

দত্ত- "হি হি হি, থেংকিউ দেই"

By Changmai

August 01, 2013


Debu Da at a Saloon

দেওবাৰে চেলুনলৈ গৈ ইমপোৰ্টেড শ্বেভিং ক্ৰীম লগোৱাই দাঢ়ি খুৰোৱাটো দেবুদাৰ পুৰণি চখ|

যোৱা দেওবাৰে গোলাঘাটত আছিল, তাতেই এখন ভাল চেলুন চাই বহিল| চেলুনখন এ.চি., দাড়ি কাটিবলৈকে লয় ১২০ টকা; একেবাৰতে ৬-৭ জন কাষ্টমাৰে চুলি-দাঢ়ি কটোৱায়

নাপিতে ক্ৰীম লগাইছে হে মুখত, আহিল ফোন| নাপিতে আনি ফোনটো লাউড-স্পীকাৰত দি দেবুদাক দিলে-
দেবুদা: হেল্লো
সিফালৰ পৰা মহিলাৰ মাত: শুনিছা নে? আমি মানিকচন্দ জুয়েলাৰ্চলৈ আহিছোঁ
দেবুদা: হুমম
মহিলা: তোমাৰ ক্ৰেডিট কাৰ্ডখন লৈ আহিছোঁ
দেবুদা: অ.কে.
মহিলা: মোৰ আৰু চুমকিৰ নেকলেছ এডাল ইম্মান পচন্দ হৈছে নহয়, দুডাল কিনি পেলাওঁ বুলি ভাবিছোঁ
দেবুদা: অ.কে.
মহিলা: হাউ কিউট! তোমাৰ ক্ৰেডিট কাৰ্ডখন ইউজ কৰাৰ কাৰণে বেয়া নাপাবা কিন্তু...
দেবুদা: হুম, অ.কে.

ফোনটো থোৱাৰ পিছত নাপিত: বাহ চাৰ, আপুনি চাগে বৌ হঁতক খুব ভাল পায় ন’? যি খোজে একেবাৰতে দি দিয়ে যে?
দেবুদা: সেইবোৰ বাৰু ঠিকেই আছে, কিন্তু আগতে কোৱাচোন, মোবাইলটো আচলতে কাৰ?


By Changmai