Gajari: the Best of Indian Jokes

January 08, 2015

গাজাৰী গোটৰ কেইজনমান সদস্যক লৈ অংকিত অসমীয়া কাৰ্টুন

Design by Joy Deep- Team Gajari (pic 1)

গাজাৰীৰ সদস্যা জ্যোতিয়ে আঁকি পঠিয়াইছে "গাজাৰী ডট কম" নামৰ সুন্দৰ পেন স্কেচ্ছটো

Sketch by Jyotii R Talukdar

বিজয় আৰু প্ৰাক্তন প্ৰেমিকা

বিজয়ৰ বিয়াৰ খবৰ পাই এক্স গাৰ্লফ্ৰেণ্ডৰ হুৱা দুৱা লাগিল|
কন্দা কটা কৰি তাই বিজয়ক তাই তালৈ লিখা চিঠিবোৰ উভতাই দিবলৈ ক’লে|
তিনিদিন পিছত বিজয়ে তাইক ৫৮০ খন চিঠি দিলেগৈ|

তাই সুধিলে, "ইমান কিয় দিছা? ম‍ই তো তোমাক ৩২ খন হে দিছিলোঁ?"

বিজয়ে ক’লে, "আৰে! ইমান সোপা চিঠি ৰাখি মোৰ পিঠিখন বহলালে হে হ’ব| তুমিয়েই বাকী খিনি ৰাখি থোৱা| বন্ধকত দিছোঁ বুলি ধৰি ল’বা| মাহে মাহে ৫০০ টকা ইন্টাৰেষ্ট দি থাকিবা...!"

~ Nayanjit


Subscribe to GAJARI for the best Assamese Jokes

মানুহ কেইপ্ৰকাৰৰ থাকে? Jokes, Assamese

বিয়াৰ পিছত বিজুইয়ে নিজৰ পত্নীক লেছন দিছে...

বিজুই: - জানা! এই দুনীয়াত তিনি প্ৰকাৰৰ মানুহ থাকে|
বন্দি-তা: - হয় নেকি? কি কি নো প্ৰাণেশ্বৰ?
বিজুই: - পজিটিভ, নিগেটিভ আৰু ৰিলেটিভ...
বন্দি-তা: - আচ্ছা!
বিজুই: - এই গাজাৰীৰ মানুহবোৰ মোৰ ৰিলেটিভ হয়| চবত কে ডেঞ্জাৰাছ| সিঁহতৰ কোনোবা আহিলে দাইলত বেছিকৈ আৰু ভাজিত কমকৈ নিমখ দিবা; ভাত জ্বলাই দিবা.. মাংস নিদিবাই...
বন্দি-তা: - তুমি নো ওপৰৰ কোনতো কেটেগৰীৰ?
বিজুই: - ম‍ই? ম‍ই হৈছোঁ ৰেডিঅ’ এক্টিভ .......
____________________________________

* সৰুতে দেউতাকে এবাৰ বিজুইক খঙতে ৰেডিঅ’টো মূৰতে মাৰি পঠাইছিল| সেই তেতিয়াৰে পৰা বাপু RADIOACTIVE



Follow our blog for Top Assamese Jokes of all times! Indian Jokes, American Jokes, Russian Jokes. 

ভাগ খুড়া ভাগ....

খুড়া এজনে আজিকালিৰ গায়কবোৰক দেখিব নোৱাৰে| নোৱাৰে শুনিব আজিকালিৰ মেকানিকেলী কমপোজড আধুনিক গীত- ছিন্থেচাইজাৰ, ড্ৰামছ, কীবোৰ্ডৰ মাত| ভাল পায় কেৱল জয়ন্ত আৰু ভূপেন হাজৰিকা|

পুতেকজন আজিৰ গীত মাত ভাল পোৱা ল’ৰা| ইংৰাজী গান, জুবিন, হানী সিঙ আদিৰ মৰি যোৱা (Die hard) পাংখা (fan)|

প্ৰায়েই খুড়া আৰু পুতেকে গীতৰ মানদণ্ড লৈ তৰ্ক কৰে| উপলুঙা কৰে ইজনে সিজনৰ গানক লৈ|

মোক পুতেকে প্ৰায়েই দুখেৰে কয়- কেনেকৈ পিতাকে ঘৰত আধুনিক সংগীত বন্ধ কৰি থৈছে| তাক উপায় এটা দিলোঁ|

পিছদিনা পুতেকে দেউতাকৰ কাৰণে আৰু নিজৰ কাৰণে জোতা কিনিলে, স্পৰ্টিং কিনিলে... দুটা আইপ’ড কিনিলে|
তাৰ পিছদিনা পুৱা দুয়ো জ’গিঙলৈ ওলাই গ’ল|

পুতেকৰ আইপ’ডত বাজিছে লিংকিন পাৰ্ক- "আই বিকাম চ’ নাম্ব| " সোঁসোঁৱাই আগবাঢ়িছে সি...

দেউতাক পিছ পৰিছে| সৰসৰকৈ চকুলো হে ওলাইছে| তেওঁৰ আইপ’ডত বাজিছে- "মোৰ মিনতি, তৰা হয় যদি...!"

দৌৰা, কিমান পাৰা দৌৰা!

~ Changmai

For Best of ASSAMESE JOKES, don't forget to follow our Blog- The Top Blog for Assamese Humor!

December 19, 2014

মেগীৰ জন্ম কি দৰে হ’ল [Assamese Jokes]

সম্পাদকৰ টোকা: আপোনালোকৰ প্ৰত্যেকেই হয়তো মেগী খাই পাইছে| কিন্তু মেগী নুডলছৰ জন্ম কি দৰে হ’ল আপুনি জানে জানো? জানিবলৈ পঢ়ক চূড়ান্ত গাফু শশাংকৰ এই খুহুতীয়া কাহিনী:

মেগীৰ জন্মৰ আঁৰৰ কথা
হিউৱেন চাঙে ভাৰত আক্ৰমণ কৰিব অহাৰ সময়ৰ কথা| পাটকাই পৰ্বতৰ দাঁতিকাষৰীয়া ঠাই এখনত কিং লিঅনাইডিছ নামৰ এজন পৰাক্ৰমী ৰজাই ৰাজত্ব কৰিছিল| ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত হিউৱেন চাঙে তেওঁৰ সৈন্য-সামন্ত লৈ হাদিৰাচকীত উপস্থিত হয়|
জ্যোতিষাচাৰ্য্য কিৰো ইয়ংৰ হতুৱাই ভাল দিন এটা চাই দুয়ো পক্ষই তয়া-ময়া ৰণ কৰে| কিৰো ইয়ঙে উচিত মূল্যত দিয়া খাটি ৰত্ন পিন্ধাৰ ফলত যুদ্ধত হিউৱেন চাঙৰ জয় হয়| আনহাতে হিউৱেনৰ সেনাপতি আলেকজেণ্ডাৰে কিং লিয়নাইডাছক বন্দী কৰি ৰাজসভালৈ লৈ আহে|
হিউৱেন চাঙ: সেনাপতি, এইয়া কি কৰিলা? তুমি ৰানী লক্ষ্মীবাঈক বন্দী কিয় কৰিলা? নাৰীক সন্মান কৰিবলৈ নিশিকিলা|
আলেকজেণ্ডাৰ: মহাৰাজ, এইজন কিং লিয়নাইডাছ| স্পাৰ্টাৰ ৰজা| 
হিউৱেন চাঙ: ইমান দীঘল কাৰ্লি চুলি থকা এইজন ৰজা নে তেওঁৰ দুহিতা?
আলেকজেণ্ডাৰ: মহাৰাজ, এইয়া ক্লিনিক প্লাছ শ্বেম্পুৰ হে কামাল| 
হিউৱেন চাঙ: এজন পুৰুষে যদি ইমান সুন্দৰ চিল্কি চুলি ৰাখিব পাৰে আমাৰ ৰান্ধনি থমাছ কুকে কিয় সুস্বাদু আহাৰ তৈয়াৰ কৰিব নোৱাৰে?
থমাছ কুক: মহাৰাজ মাৰকেই বা কাটকেই| মই দুই মিনিটত ‘কাৰ্লি ফুড আইটেম’ এটা তৈয়াৰ কৰিছোঁ| নামটো মেগি ৰাখিছোঁ| খাই চাওকচোন| 
হিউৱেন চাঙ: ৱাহ! মগেম্ব খুছ হুৱা| আজিৰে পৰা সমগ্ৰ ভাৰততে মেগীৰ প্ৰচলন হ’ব লাগে...

~ মেধি

বীৰবলৰ দৰে প্ৰখৰ বুধিসম্পন্ন তপোধৰৰ সাধু

শিলাপ্ৰস্তৰ যুগত উত্তৰ প্ৰদেশৰ অযোধ্যা নামে গাঁৱত কিং শান্তনু নামৰ এজন বৰ পৰাক্ৰমী ৰজাই ৰাজত্ব কৰিছিল| তেওঁ বৰ প্ৰজা হিতেষী আৰু ধাৰ্মিক ৰজা আছিল|
তেওঁৰ ৰাজসভাত ৯ জন মহান পণ্ডিত আছিল আৰু তেওঁলোকক একেলগে নৱৰত্ন বুলি জনা গৈছিল| তেওঁলোক ক্ৰমে- শক্তিমান, আৰ্যভট্ট, কলম্বাছ, কুশল বড়া, তপোধৰ, মাফলাৰ মেন, টিক টিক ৰোচন, অমিতাভ বচন আৰু ট’গ’|

ৰাজসভাত চানি লিয়নৰ "হো বেবি ডোল মে চোনে ডি" শীৰ্ষক গান শুনি শুনি ব’ৰ হোৱাত কিং শান্তনুৱে এখন কুইজ কম্পিটিশ্যন cum বুদ্ধি পৰীক্ষা পতাৰ ইচ্ছা প্ৰকাশ কৰিলে|
তেও নৱৰত্নলৈ প্ৰশ্ন কৰিলে- “মোৰ ৰাণী অনাৰকলিৰ মুৰ্গীটোৱে ডিচেম্বৰ মাহত যদি ত্ৰিশটা কণী পাৰে, তেনেহ’লে জানুৱাৰী মাহত কিমানটা কণী পাৰিব? যিয়েই শুদ্ধ উত্তৰ দিব তেওঁক দুশ সোণৰ মোহৰেৰে পুৰস্কৃত কৰা হ’ব|”

কলম্বাছ: মহাৰাজ মই জানুৱাৰীত আমেৰিকা ভ্ৰমণ কৰিবলৈ যাম| সেয়েহে নাজানো|
অমিতাভ: হেই! হৰ চৱাল কা দু অপচন হোতা হে| উচকো হম লাঈফ লাইন কেহতে হেয| হায়...!
শক্তিমান: মহাৰাজ গংগাধৰেহে জানিব| মই শক্তিমানহে|
মাফলাৰ মেন: মহাৰাজ, কুহুঁৰ কুহুঁৰ কুহুঁৰ (কাঁহি থাকে)
কুশল বড়া: এইটোৰ লগত হিন্দুত্ববাদী তত্বৰ মিল আছে| যদি জেহাদিবোৰ খেদো, অসমত শান্তি স্থাপন হ’ব আৰু আমি পদুম ফুলৰ ছবিত ভোট দিম|
টিক টিক: কহিনুৰ চোৰ হু| থোড়া ইজ্জত তু কৰ|
আৰ্যভট্ট: শূণ্যৰ লগত যিয়েই পূৰণ নকৰক শূণ্যই ওলাব| সেয়েহে কেলকুলেটৰ এটা লাগিব|
ট’গ’: বাদ দিয়া হে| কণী হাঁহেও পাৰে
তপোধৰ: মহাৰাজ এটাও কণী নাপাৰে|

কিং শান্তনু: কিয়?
তপোধৰ: মহাৰাজ ৩১ ডিচেম্বৰত মুৰ্গীটো খাই দিলে ক’ত কণী পাৰিব?

~ এচ. মেধি