Gajari: the Best of Indian Jokes

April 07, 2022

চাইকেল vs Uber

 চিদ: চেং, তুমিতো মেথছত বহুত ভাল। প্ৰশ্ন এটা শুনা আৰু উত্তৰ দিয়া।

চেং: আৰে, সোধক না, বিন্দাছ!

চিদ: ধৰি লোৱা যে নয়নজিত চাইকেল লৈ পুৱাই ওলাই গ’ল। ৫০ কিমি চাইকেল চলাবলৈ তাৰ লাগিল ৪ ঘণ্টা। এতিয়া সেই ৫০ কিমি উভতি আহিবলৈ তাৰ কিমান সময় লাগিব?
চেং: যাবলৈ লাগিল ৪ ঘণ্টা। উভতি আহিবলৈকো মোটামুটি ৪ ঘণ্টামানেই লাগিব, এই ধৰক ৪ ঘণ্টা ১৫ মিনিট।
চিদ: হা হা হা! ভুল, তুমি ভুল।
চেং: কেনেকৈ?

চিদ: নয়নজিতক অনিতাই মাতি পঠালত সি "Uber" বুক কৰি ১:২০ ঘণ্টাত ঘৰ পাই গ’লহি!
চেং: আৰু কিবা?
________________________


~ Siddhanta M Kashyap

April 06, 2022

10 years of Gajari Dot Com



This is a "Good Morning" sample post from Gajari Dot Com.


 

এপ্ৰিল ফুল

এটি মনোমোহা এপ্ৰিল ফুল জুক আপোনালোকলৈ আগবঢ়ালোঁ- কেচ্চ কৰিব।

টীচাৰ: চুমি, তুমি ডাঙৰ হৈ কি হ’বা?

চুমি: চাৰ, মই ডাঙৰ হৈ ডাক্তৰ হ’ম।

১৫ বছৰ পাছত- 

টীচাৰ: হেই, চুমি, তুমি দেখোন ডাক্তৰ নহৈ টীচাৰ হে হ’লা? কিয় মিছা মাতিছিলা ১৫ বছৰ আগতে?

চুমি: চাৰ, আপুনি মোক সোধাৰ দিনা কি তাৰিখ আছিল, কওকচোন?

টীচাৰ: ১ এপ্ৰিল, ২০০৮ চন আছিল। 

চুমি: হে হে হে, ১ এপ্ৰিল আছিল। মই আপোনাক "এপ্ৰিল ফুল" বনালোঁ- হে হে হে!

টীচাৰ: অ’স শ্বিট! 

_____________________________________

~ Changmai

May 24, 2021

নেমু গছৰ চেণ্ডেল ফল (অসমীয়া কৌতুক)

বন্ধত আইতাকৰ ঘৰলৈ ফুৰিবলৈ যোৱা পিমপম উধাতু খাই দৌৰি আহিল
:- অ' আম্মি অ' আম্মি, চোৱাহি চোৱাহি, দৌৰি আহাঁ।

মাকক হাতত ধৰি টানি লৈ গৈ কাষৰ ঘৰৰ পিছফালৰ নেমু এজোপালৈ আঙুলিয়াই
:- চোৱা চোৱা, নেমু গছজোপাত চেণ্ডেলো লাগিছে।

- মোজাম্মিল হক

মাগুৰ মেকুৰীয়ে খালে... নে?

 সৰুকালৰ কথা৷

এবাৰ দেউতাই মাছ ধৰিবলৈ গৈছিল! তেখেতে মাছ ধৰি বৰ ভাল পাইছিল; খোৱাতকৈ ধৰি বেছি আনন্দিত হৈছিল৷ 

সেইদিনা আছিল দেওবাৰ- স্কুল বন্ধ। দেউতাই  সহকাৰীজনক লগত লৈ মাছ ধৰিবলৈ গ’ল৷ সহকাৰী শিক্ষকজনো মাছ ধৰাত পাকৈত৷

ইমানেই পাকৈত যে সেইদিনা দুয়ো মাগুৰ মাছ এটাৰ বাহিৰে একো মাছেই নাপালে৷ 

আমাৰ মায়ে মাগুৰ মাছ নাখাইছিল৷ 

ছাৰক ক’লে- "আপুনিয়ে মাছটো কিবা এটা কৰক শইকীয়া৷ আপোনালোক অহা দেৰি হোৱা বাবে আমি ভাত খালোৱেই, আপোনালোক দুইজনে মাছটো কিবা এটা কৰি খাওক৷"


শইকীয়া ছাৰে ঢেঁকীঘৰত জুই ধৰি মাছটো কাটি ঘন ঘনকৈ কছি নিমখ হালধি লগাই বাঁহৰ  খৰিকা এডালত সেকি মাছটো মচমচীয়া কৰি অলপ চেঁচা হ’বলৈ থৈ  দিছিল৷

মাছটো দেখাত তেল দি ভজাৰ দৰে হৈছিল যদিও তেল দিয়া নাছিল৷ মাছটোত সানিবলৈ  মিঠাতেল অলপ ভিতৰৰ পৰা আনোগৈ বুলি যাওঁতেই মাছটো নাইকিয়া হ’ল৷


মোৰ এতিয়াও মনত আছে- ছাৰে মাছটো খাবলৈ নাপাই খঙতে মেকুৰীজনীৰ গাত উতলা পানী ঢালিম ৰ’হ- বুলি গালি পৰা কথাষাৰ৷ 

পিছে মেকুৰীয়ে মাছটো নিয়া নাছিল ভাইটিয়ে ময়ে বিছনা তলত সোমাই মাছটো মুৰুক মুৰুককৈ চো খাই এনে তৃপ্তি পাইছিলো এতিয়াও মনত পৰিলে জিভাৰ পানী পৰে৷ 


-পুষ্পাঞ্জলি বৰা

অ’ দাদা

 মোৰ ভাল লগা ছোৱালী এজনীৰ মেছেজ আহিল। মই উলাহেৰে টপাটপ মেছেজটো অপেন কৰিলোঁ। 

তাত লিখা আছিল, "দাদা, আপোনাৰ গাৰ্লফ্ৰেণ্ড কিয় নাই?" 

ৰিপ্লাই দিলোঁ, "এই কাৰণেই নাই। চবেই দাদা বুলি মাতে যে!" 


- মোজাম্মিল হক


June 03, 2020

"দোপাট্টা" আখ্যান

চুমি ৰ দোপাট্টাৰ প'ষ্টটো পঢ়ি হঠাৎ মনলে আহিল-

১) ছোৱালীবোৰে দোপাট্টা খন দুই বাউসীৰ ওপৰেৰে তললৈ দুভাগ কৰি ওলমাই লৈছিল গতিকে তাৰ নাম "দোপাট্টা" ঠিকেই আছিল

২) সময়ৰ লগে লগে দোপাট্টা অকল এটা বাউসীৰ ওপৰত ওলমি থকা হ'ল গতিকে নাম হ'ব লাগিছিল "একপাট্টা"

৩) আকৌ দিন বাগৰিল সময় সলনি হ'ল। একপাট্টা এতিয়া অকল ডিঙিত যেনেতেনে লাগিহে থকা হ'ল। মানে সি তাৰ যি কাম তাৰ পৰা ফালৰি কাটি অকল ডিঙিটোহে ক'ভাৰ কৰিব ল'লে। গতিকে, নাম হ'ব লাগিছিল "গলপাট্টা"

৪) অ খা বাপ্পেকে!!!! এতিয়া একেবাৰেই সময়ৰ দাবীত, জেং জেলেও বুলি সৈখন কোনেও নোলোৱাই হ'ল!! গতিকে এতিয়া সৈখনক "নাপাট্টা" বুলিব পাৰি নে বাউ?

By- Moromi Devi Borah

in Assamese Jokes