Gajari: the Best of Indian Jokes: মেগা ছিৰিয়েলৰ মেগা কাহিনী [Assamese Jokes]

August 30, 2013

মেগা ছিৰিয়েলৰ মেগা কাহিনী [Assamese Jokes]

এখন মেগা ছিৰিয়েল
(আজিকালি মই মাজে মাজে টি.ভি. চাবলৈ সময় পাইছো ৷ মেগা ছিৰিয়েল এখন চোৱাৰ পাছত মনলৈ অহা কথা কিছু আৰু ইন্টাৰনেটত পোৱা আন এক লেখাৰ সহায় লৈ )
(মেগা ছিৰিয়েল মূল গল্প
মালি আৰু মালিৰ পৰিবাৰ মালা ৷ এদিন মালাৰ মন গ’ল বাহঁগাজৰ সৈতে গাহৰি খাবলৈ ৷ মালি পালে গৈ গনেশগুৰি বজাৰ ৷ গোটাই আনিলে গাহৰি আৰু গাজ ৷)

পর্ব ১ : মালি আৰু মালাৰ দেখা দেখি ৷ পানবজাৰত ৷
পর্ব ২ : মালি আৰু মালা প্রেমত পৰিল।
পর্ব ৩ : মালাৰ প্ৰাক্তন প্ৰেমিকে কথাটো জানিব পাৰিলে ।
পর্ব ৪ : প্ৰাক্তন প্ৰেমিকে মনে মনে প্লেন তৈয়াৰ কৰিলে।
পর্ব ৫ : মালি আৰু মালাৰ মাজত ভুল বুজা-বুজি হ’ল।

পর্ব ৫১ : মালি আৰু মালাৰ বিয়া ৷
পর্ব ৫২ : মালিহঁতৰ প্ৰতিবেশীৰ ঘৰত এদিন বাহঁগাজৰ সৈতে গাহৰি আঞ্জা ৰান্ধিলে ৷
পর্ব ৫৩ : সেই কথা জানিব পাৰিলে মালাই ৷
পর্ব ৫৪ : মালাই মালিক বাহঁগাজৰ আৰু গাহৰি কিনি আনিবলৈ অনুৰোধ কৰিলে।
পর্ব ৫৫ : মালিয়ে জনালে যে তেওঁ গাহৰি কিনিব নোৱাৰিব ৷ কাৰণ গাহৰিৰ দাম অনেক ৷

পর্ব ১৫১ : গাহৰি কিনিব নোৱাৰৰ বাবে মালি আৰু মালাৰ বিবাহ বিচ্ছেদ হ’ল ৷
পর্ব ১৫২ : দুয়োৰে মাজাত এতিয়া অহি-নকুলৰ সম্পর্ক।
পর্ব ১৫৩ : মালি আৰু মালা এতিয়া বেলেগে বেলেগ থাকে ৷

পর্ব ২০১ : মালা আন এজন যুৱকৰ প্ৰেমত পৰিল ৷
পর্ব ২০২ : মালি আন এগৰাকী যুৱতীৰ প্ৰেমত পৰিল ৷
পর্ব ২০৩ : মালি মালাৰ প্ৰেম পৃথক পৃথককৈ চলি থাকিল ৷

পর্ব ৫০১ : মালা দ্বিতীয়বাৰৰ বাবে বিয়াত বহিল ৷
পর্ব ৫০২ : মালি দ্বিতীয়বাৰৰ বাবে বিয়াত বহিল ৷
পর্ব ৫০৩ : দুই নিজৰ নিজৰ সংসাৰত ব্যস্ত হ’ল ৷

পর্ব ১০০১ : মালি বজাৰ কৰিবলৈ গনেশগুৰি বজাৰ পালে গৈ।
পর্ব ১০০২ : মালা বজাৰ কৰিবলৈ গনেশগুৰি বজাৰ পালে গৈ।
পর্ব ১০০৩ : মালি মালাৰ দেখা দেখি হ’ল ৷
পর্ব ১০০৪ : বাহঁগাজ আৰু গাহৰিৰ জটিলতাৰ ফ্লছেবেক ।

পর্ব ১২০১ : মালিয়ে মালাক সুধিলে, ‘‘মই তোমাক বাহঁগাজ আৰু গাহৰি কিনি দিওঁ নেকি’’?
পর্ব ১২০২ : মালাৰ চকুত চকুপানী ৷
পর্ব ১২০৩ : মালাই সুধিলে ‘‘সঁচাকৈ কিনি দিবা ?’’

পর্ব ১৩০১ : মালিৰ চকুত চকুপানী ৷
পর্ব ১৩০২ : মালিয়ে থোকাথুকি মাতেৰে জনালে, ‘‘অ কিনি দিম ৷’’
পর্ব ১৩০৩ : মালি মালা দুয়োৰে চকুত চকুপানী ৷

পর্ব ১৫০১ : বাহঁগাজ আৰু গাহৰি কিনিবলৈ দুয়ো আগবাঢ়িল ৷
পর্ব ১৫০২ : হঠাৎ এখন গাড়িয়ে চেপি দিলে মালিক ৷
পর্ব ১৫০৩ : আআআআআআ কৰি চিৎকাৰ কৰি উঠিল মালা ৷
পর্ব ১৫০৪ : হস্পিতললৈ লৈ যোৱা হ’ল মালিক ৷

পর্ব ৮৬৬১ : (এই পৰ্বত কি হ’ল মই ভালকৈ বুজি নাপালো ৷ আজিকালি মই চকুৰে ভালকৈ নেদেখো, কানেৰেও কম শুনো )...........................

by Pratibhu Dutta

No comments:

Post a Comment

Liked it? Please share with your friends.