Gajari: the Best of Indian Jokes: পাৰ্টী এট দেবুদাৰ হাউছ

August 30, 2013

পাৰ্টী এট দেবুদাৰ হাউছ

দেবুদাৰ ঘৰত অলপ মিহিকে পাৰ্টী চলি আছে- ভূ দা, চেংমাই, কলিতা, দত্ত, নষ্ট, জ্যোতি চব বহি আছে/ দুঘন্টামান হ'ল/ নিশা 11 বাজে আৰু/ জমি আছে/ তেনেতে দেবুদাৰ ছোৱালীজনীয়ে আহি কাণে কাণে দেবুদাক কিবা ফুচফুচাই ক'লেহি...

একোকে বুজিব নোৱাৰি দেবুদাই ক'লে: মাজনী, যি ক'ব আছে, স্পষ্টকৈ জোৰেৰে ক'ব লাগে/ এনেকৈ ফুচফুচাই ক'লে কি বুজি পাম?

ছোৱালীজনীয়ে এইবাৰ জোৰে জোৰে ক'বলৈ ধৰিলে: পাপা, পাপা, মায়ে তোমাৰ আটাইকেইটা বন্ধুকে ঘৰলোই খেদাই দিবলৈ কৈছে/ কৈছে যে কাম নাইকিয়াৰ নিচিনাকৈ আনৰ ঘৰত মাজনিশালৈকে বহি থাকে/ খুন্দনাত খুন্দিব লাগে ইহতক/

দেবুদা: হি হি

by Changmai

**Assam আৰু Assamese মানুহৰ বিষয়ে জানিবলৈ এই ব্ল'গটি অনুসৰণ কৰক: ৰূপহী অসম

No comments:

Post a Comment

Liked it? Please share with your friends.