Gajari: the Best of Indian Jokes: নাম কৰা ডাক্টৰ

January 27, 2015

নাম কৰা ডাক্টৰ


--------------
আমাৰ বান্ধৱী এজনীৰ (এতিয়া বন্ধুপত্নী) কথা ৷
আজিৰ পৰা প্ৰায় ২০ বছৰমান আগৰ কথা ৷ ভৰিৰ বিষ এটাই বৰকৈ আমণি কৰি আছিল ৷
কোনোবাই ডাক্টৰ এজনৰ নাম কলে ৷ বান্ধৱীয়ে ইফালে সিফালে খাখবৰ কৰিলে ৷ সকলোৱে ডাক্টৰজনৰ কথা বৰ ভালকৈ কলে ৷ বান্ধৱীয়ে থিৰাং কৰিলে ‘নাম কৰা ডাক্টৰজনৰ ওচৰতে চিকিৎসা কৰোৱাব’ ৷
সমস্যাই দেখা দিলে ৷
এপইন্টমেন্ট কেনেকৈ পোৱা যাব, ক’ত পোৱা যাব ?
উত্তৰ পোৱা গ’ল ৷
‘নাম কৰা’ ডাক্টৰজনে ঘৰতে ৰোগী পৰীক্ষা কৰে ৷
বান্ধৱী পালেগৈ ‘নাম কৰা’ ডাক্টৰৰ ঘৰ ৷
খাখবৰ কৰি গম পালে ‘নাম কৰা’ ডাক্টৰজনে এদিনত মাত্ৰ ২০ জন ৰোগীহে পৰীক্ষা কৰে ৷
পুৱা ৪ নে ৫ বজাত ঘৰৰ গেট খুলি দিয়াৰ লগে লগে ৰোগী সোমাব পাৰিব ৷ যি কেইজন ৰোগীয়ে পাৰি থোৱা ২০খন আসন গ্ৰহণ কৰিব পাৰিব তেওঁলোককে ‘নাম কৰা’ ডাক্টৰজনে সেইদিনা পৰীক্ষা কৰিব ৷
বান্ধৱী পুৱা ৪ বজাতে গৈ হাজিৰ হ’ল গৈ ‘নাম কৰা’ ডাক্টৰৰ ঘৰ ৷ গেট খোল খালে ৷ লেকেচিয়াই লেকেচিয়াই দৌৰ মাৰি গৈ পায় পায় মানে খেল শেষ ! ২০খন আসন শেষ ৷ তেনেকৈ দুদিনমান চেষ্টা কৰি ‘নাম কৰা’ ডাক্টৰৰ ঘৰৰ ২০খন আসন গ্ৰহণ কৰিবলৈ সক্ষম নহ’ল ৷ ওলোটাই ভৰিৰ বিষ বাঢ়িল ৷ উপায় নাপায় ভায়েকক কুতুৰিবলৈ ধৰিলে, ‘‘অই ৰিন্টু, তয়ে মোৰ হৈ দৌৰি দিবি অ ৷ বায়েৰৰ কাৰণে ইমানো কৰি নিদিবি নে ?’’
ভায়েকে এসপ্তাহ দৌৰি বায়েকক কলে, ‘‘বাইদেউ মই কাম এটাত ঘৰলৈ যাওঁ ৷ আহি আকৌ দৌৰিম ৷’’
ঘৰলৈ যি গ’ল আৰু ঘুৰি নাহিল ৷
বান্ধবীয়ে পিছে আশা এৰি নিদিলে ৷
‘নাম কৰা’ ডাক্টৰক ভৰি দেখুৱাইহে এৰিব ৷
ভৰি বিষে মাজে মাজে উক দিলে ‘বান্ধৱীৰ নাম কৰা’ ডাক্টৰলৈ মনত পৰে ৷
বেলেগ কোনো ডাক্টৰৰ নামেই নুশুনে ৷ নিজেই সেক পোট দি বিষ কমাই দিয়ে ৷ বান্ধৱীৰ এক কথা - দেখুৱালে ‘নাম কৰা’ ডাক্টৰজনকে দেখুৱাম, নহ’লে কাকো নেদেখুৱাওঁ ৷’’
তেনেকৈ ১০ বছৰমান পাৰ হ’ল ৷
বান্ধৱী এহাল ল’ৰা-ছোৱালীৰ মাক হ’ল গৈ ৷
এদিন ভাল খবৰ পালে ‘নাম কৰা’ ডাক্টৰজনে চিকিৎসা মহাবিদ্যালয়তো ৰোগী পৰীক্ষা কৰে ৷
কোনে পায় আৰু !
ল’ৰা-ছোৱালীহাল টোপোলা বান্ধি পালে গৈ চিকিৎসা মহাবিদ্যালয় ৷
পঞ্জিয়ন কৰি অকণমান অপেক্ষা কৰি পালে গৈ ‘নাম কৰা’ ডাক্টৰজনৰ ওচৰ ৷
ভৰিৰ বিষে দেখুৱালে ৷
‘নাম কৰা’ ডাক্টৰজনে ভাল দৰে পৰীক্ষা কৰিলে ৷
বান্ধৱীয়ে সুবিধা পায় অলপ ঘৰুৱা কথা পাতিলে ৷ ধন্যবাদ জনালে ৷
তাৰ পিছত জনালে, ‘‘চাৰ জানে নে মই আপোনাক দেখুৱাম বুলি ১০ বছৰ বাট চালো ৷ পুৱা ৪ বজাত কেইদিন আপোনাৰ গেটৰ পৰা চকিলৈ দৌৰ মাৰিলে ৷ নাপালো গৈ ৷ কেইখনমান চকি বঢ়াই নিদিয়ে কিয় ?’’
বান্ধবীৰ কথা শুনি ‘নাম কৰা’ ডাক্টৰজন আচৰিত ৷
‘‘মিছেছ বৰা আপুনি এইবোৰ কি কৈছে মই একো বুজাই নাই ! আপুনি মোৰ কাৰণে ১০ বছৰ কেনেকৈ অপেক্ষা কৰিলে ?’’
‘নাম কৰা’ ডাক্টৰজনৰ কথা শুনি বান্ধৱী আচৰিত ৷
‘‘মানে ?’’
‘নাম কৰা’ ডাক্টৰজনে কলে, ‘‘মই ১০ বছৰ আগয়ে হায়াৰ চেকেণ্ডেৰী পঢ়ি আছিলো দেখোন !’’
বান্ধৱী বিষোৱা ভৰিৰে জাপ মাৰি উঠিল, ‘‘আপুনি অমুক চাৰ নহয় নেকি ?’’
‘নাম কৰা’ ডাক্টৰজনে কলে, ‘‘নাই নাই মই আমুক হে ! এইবাৰ পি.জি.ত নাম লগাইছো ৷ আপুনি আমাৰ ডিপাৰ্টমেন্টৰ হেডৰ কথা কৈছে ৷ এই মাত্ৰ যে উঠি গ’ল তেখেত ৷’’

(টোকা - বান্ধৱীৰ ভৰি বিষ ভাল হ’ল )

By Pratibhu Dutta


FOLLOW OUR BLOG FOR THE BEST ASSAMESE JOKES

No comments:

Post a Comment

Liked it? Please share with your friends.