||আশাকৰোঁ তোমালোক ফিটিঙ হৈ আছা||
মৰমৰ অকণ অকণিহঁত,
[হৃতিক ৰৌশন খুৰাই ভেলাঘৰ ৰখাৰ কামত আৰ্জেন্টলি টিম্বকটুলৈ যাবলগীয়া হোৱাত মোক মাঘ বিহুত তোমালোকক চিঠি লিখাৰ কামত মকৰল কৰি থৈ গ’ল... হিক!]
মইনাহঁত,
তোমালোকে ইতিহাসৰ পাত লুটিয়াওঁতে কেইবাগৰাকী বীৰাংগনাৰ কাহিনী পঢ়িছা চাগে, আৰু তাৰ পৰা অনুপ্ৰেৰণাও লাভ কৰিছা| আজি তোমালোকক তেনে এগৰাকী ইতিহাসৰ পাতত নথকা পাৱাৰপেকড নাৰীৰ কথা ক’ম| শ্বৰ্টকৈ ক’ম... দীঘলকৈ লিখিবলৈ মোৰ ধৈৰ্য নাই.... হিক!
এই কথা তেতিয়াৰে যেতিয়া মোৰ "চোলজাৰ চোলজাৰ, মিথি বাতেঁ বোল কৰ..." চিনেমাখন ৰিলিজ হোৱা নাছিল| অসমৰ মৰিছাছ নামৰ গাওঁ এখনত এগৰাকী পাহুৱাল ঘৈণী আৰু এজন মেমেৰা গিৰিয়েক বাস কৰিছিল| (এতিয়া নুসুধিবা "বাস" কেনেকৈ কৰে| কাৰণ মই আজিলৈকে বাস কৰি পোৱা নাই, সদায় গাড়ীতেই ঘূৰোঁ তো... বাস কৰিবলৈ হ’লে উজানবজাৰৰ বাস ষ্টপেজৰ ৰৈ কাছাৰীলৈকে ১৭ নং বাস ধৰিব পৰা যায়)|
মাঘ বিহুৰ সময়ৰ কথা| এদিন মেমেৰা গিৰিয়েকে বিহু অলপ খাই আহি সন্ধ্য়া চোতালত বিহু ডেন্সাই আছিল| পাহুৱাল ঘৈণীয়েকে ওলাই সুধিলে, "ঐ মৰিব নজনা| বিহু বুলিয়েই গেলাসোপা খাই আহিব লাগে বুলি ক’ৰবাত লিখা আছে নেকি?"
মেমেৰাই উত্তৰ দিলে: "খাই আহিব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি হাঁ?"
"চুঙা চাই সোপা দিলোঁ" বুলি ভাবি আনন্দতে মেমেৰাই খুব নাচিবলৈ ধৰিলে| লাজে অপমানে জৰ্জৰিত হৈ সেই পাহুৱাল মানুহজনীয়ে মাঘবিহুলৈ বুলি আনি থোৱা আটাইকেইটা কাঠ-আলু, মিঠা-আলু খাই ডায়বেটিছ হৈ ঢুকাই থাকিল|
কালক্ৰমত সেইজনী পাহুৱালনীয়েই অসমৰ আন এখন ঠাইত জন্ম হৈ মেমেৰাক মাৰিবলৈ জিম জইন কৰি কেইবাটাও ডামবেলক সদগতি প্ৰদান কৰে|
মই তোমালোকক নকওঁ তাইৰ নাম কি আছিল; তোমালোকে মোক তেওঁৰ নামটো পোষ্টকাৰ্ডত লিখি পঠাবা দেই... হিক!
আজিলৈ এৰোঁ| জল-যোগৰ সময় হৈছে, যোগ কৰি আহোঁগৈ|
ইতি
তোমালোকৰ মৰমৰ
ববী দেউল বৰদেউতা

No comments:
Post a Comment
Liked it? Please share with your friends.