Gajari: the Best of Indian Jokes: Assamese Jokes 2016
Showing posts with label Assamese Jokes 2016. Show all posts
Showing posts with label Assamese Jokes 2016. Show all posts

January 15, 2016

আশাকৰো তোমালোক ফিটিং হৈ আছা (Assamese Jokes Series)

মৰমৰ অকণিহঁত

তোমালোকে ভৱিষ্যতবাণী মানে কি নিশ্চয় জানা। তোমালোকে জানি ভাল পাবা যে বিশ্বৰ সকলোতকৈ বিখ্যাত ভৱিষ্যতবাণী কৰোঁতাজনো এজন গাজাৰী। তেওৰ নাম হ'ল ভাষ্কোদামাছ বা (দত্ত চাৰৰ মতে) 'ভাষ্কোদামুঁ' । কিছুমান ইতিহাসকাৰে এখেতক ভাষ্কো দা গামা বুলিও কয়, কিন্তু এই তথ্য শুদ্ধ নহয়। কাৰণ যিজন ব্যক্তিয়ে ৰাষ্টাৰ কাষত চুচু কৰাৰ পাছত সেই জমা হোৱা পানীখনিত পৰি গ'লে ডুবি যাম বুলি ভয়তে থৰহৰি কম্পমান হৈ থাকে, তেও বাৰু সাত সাগৰ জাহাজেৰে পাৰ হৈ ভাৰতলে আহিব পাৰিবনে? গতিকে তোমালোকে সেইবিলাক 'ফকটিয়া' কথাত মন নিদিবা।
আজিৰ পৰা প্ৰায় দুহাজাৰ বছৰ আগতেই ভাষ্কোদামুঁয়ে আজিকালি হৈ থকা বহু ঘটনাৰ হুবহু ভৱিষ্যতবাণী কৰি গৈছে- যেনে অমুক গাজাৰীয়ে ডেটিঙ মাৰিবলে যাওতে খৰছা বচাবলে ব্ৰেড আৰু বিচলেৰী বটল লৈ যাব, চেতিয়া দা ভাৰতলে অহাৰ দিনা চুলিত কি ৰং লগাই আহিব ইত্যাদি। জনশ্ৰুতি আছে, যে ভাষ্কোদামুঁয়ে গধূলি সাত মান বজাৰ লগে লগে এবিধ দিব্যবস্তু পান কৰি নিজকে এক ভাৱাতীত বা ট্ৰেন্সেনডেণ্টেল অৱস্থালৈ লৈ গৈছিল আৰু তাহানিৰ ৰংপুৰ চহৰৰ গড়খাৱৈ একোটাত পেটটো ওপৰলে কৰি শুই লৈ অনৰ্গল ভৱিষ্যতবাণী কৰি গৈছিল। তাৰ প্ৰায় সকলোবোৰ ভৱিষ্যতবাণীয়েই আজি সঁচা হৈছে।
ভাষ্কুদামুৰ ভৱিষ্যতবাণী মতে ২০২০ চন মে' মাহৰ ১৫ তাৰিখে গাজাৰীত প্ৰলয় নামিব, আৰু গাজাৰীৰ জুকবোৰ ৩০ ফুট পানীৰ তলত ডুব যাব। সেই সময়ত গাজাৰীক ৰক্ষা কৰিবলৈ ভাষ্কোডামুয়ে নিজে অৱতাৰ লব আৰু সেই প্ৰলয়ৰ পানীবোৰ সেই দিব্যবস্তুবিধৰ লগত মিহলাই খাই পেলাব।

মইনাহঁত,
তোমালোকে এই বিখ্যাত গাজাৰীজনৰ কথা শুনি ভাল পালা নিশ্চয়, আজিলৈ এৰো। কাইলৈ মই তোমালোকক গাজাৰীৰ এগৰাকী বীৰাংগনাৰ কথা ক'ম।
মৰমেৰে
তোমালোকৰ
হৃত্বিক ৰৌছন খুড়া।

আশাকৰোঁ তোমালোক ফিটিং হৈ আছা 


(~Abhijit Kalita)

আশাকৰোঁ তোমালোক ফিটিঙ হৈ আছা (Assamese Jokes Series)

||আশাকৰোঁ তোমালোক ফিটিঙ হৈ আছা||

মৰমৰ অকণ অকণিহঁত,

[হৃতিক ৰৌশন খুৰাই ভেলাঘৰ ৰখাৰ কামত আৰ্জেন্টলি টিম্বকটুলৈ যাবলগীয়া হোৱাত মোক মাঘ বিহুত তোমালোকক চিঠি লিখাৰ কামত মকৰল কৰি থৈ গ’ল... হিক!]

ম‍ইনাহঁত,
তোমালোকে ইতিহাসৰ পাত লুটিয়াওঁতে কেইবাগৰাকী বীৰাংগনাৰ কাহিনী পঢ়িছা চাগে, আৰু তাৰ পৰা অনুপ্ৰেৰণাও লাভ কৰিছা| আজি তোমালোকক তেনে এগৰাকী ইতিহাসৰ পাতত নথকা পাৱাৰপেকড নাৰীৰ কথা ক’ম| শ্বৰ্টকৈ ক’ম... দীঘলকৈ লিখিবলৈ মোৰ ধৈৰ্য নাই.... হিক!

এই কথা তেতিয়াৰে যেতিয়া মোৰ "চোলজাৰ চোলজাৰ, মিথি বাতেঁ বোল কৰ..." চিনেমাখন ৰিলিজ হোৱা নাছিল| অসমৰ মৰিছাছ নামৰ গাওঁ এখনত এগৰাকী পাহুৱাল ঘৈণী আৰু এজন মেমেৰা গিৰিয়েক বাস কৰিছিল| (এতিয়া নুসুধিবা "বাস" কেনেকৈ কৰে| কাৰণ ম‍ই আজিলৈকে বাস কৰি পোৱা নাই, সদায় গাড়ীতেই ঘূৰোঁ তো... বাস কৰিবলৈ হ’লে উজানবজাৰৰ বাস ষ্টপেজৰ ৰৈ কাছাৰীলৈকে ১৭ নং বাস ধৰিব পৰা যায়)|

মাঘ বিহুৰ সময়ৰ কথা| এদিন মেমেৰা গিৰিয়েকে বিহু অলপ খাই আহি সন্ধ্য়া চোতালত বিহু ডেন্সাই আছিল| পাহুৱাল ঘৈণীয়েকে ওলাই সুধিলে, "ঐ মৰিব নজনা| বিহু বুলিয়েই গেলাসোপা খাই আহিব লাগে বুলি ক’ৰবাত লিখা আছে নেকি?"
মেমেৰাই উত্তৰ দিলে: "খাই আহিব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি হাঁ?"
"চুঙা চাই সোপা দিলোঁ" বুলি ভাবি আনন্দতে মেমেৰাই খুব নাচিবলৈ ধৰিলে| লাজে অপমানে জৰ্জৰিত হৈ সেই পাহুৱাল মানুহজনীয়ে মাঘবিহুলৈ বুলি আনি থোৱা আটাইকেইটা কাঠ-আলু, মিঠা-আলু খাই ডায়বেটিছ হৈ ঢুকাই থাকিল|
কালক্ৰমত সেইজনী পাহুৱালনীয়েই অসমৰ আন এখন ঠাইত জন্ম হৈ মেমেৰাক মাৰিবলৈ জিম জ‍ইন কৰি কেইবাটাও ডামবেলক সদগতি প্ৰদান কৰে|

ম‍ই তোমালোকক নকওঁ তাইৰ নাম কি আছিল; তোমালোকে মোক তেওঁৰ নামটো পোষ্টকাৰ্ডত লিখি পঠাবা দেই... হিক!
আজিলৈ এৰোঁ| জল-যোগৰ সময় হৈছে, যোগ কৰি আহোঁগৈ|

ইতি
তোমালোকৰ মৰমৰ
ববী দেউল বৰদেউতা