Gajari: the Best of Indian Jokes: আশাকৰো তোমালোক ফিটিং হৈ আছা (Assamese Jokes Series)

January 15, 2016

আশাকৰো তোমালোক ফিটিং হৈ আছা (Assamese Jokes Series)

মৰমৰ অকণিহঁত

তোমালোকে ভৱিষ্যতবাণী মানে কি নিশ্চয় জানা। তোমালোকে জানি ভাল পাবা যে বিশ্বৰ সকলোতকৈ বিখ্যাত ভৱিষ্যতবাণী কৰোঁতাজনো এজন গাজাৰী। তেওৰ নাম হ'ল ভাষ্কোদামাছ বা (দত্ত চাৰৰ মতে) 'ভাষ্কোদামুঁ' । কিছুমান ইতিহাসকাৰে এখেতক ভাষ্কো দা গামা বুলিও কয়, কিন্তু এই তথ্য শুদ্ধ নহয়। কাৰণ যিজন ব্যক্তিয়ে ৰাষ্টাৰ কাষত চুচু কৰাৰ পাছত সেই জমা হোৱা পানীখনিত পৰি গ'লে ডুবি যাম বুলি ভয়তে থৰহৰি কম্পমান হৈ থাকে, তেও বাৰু সাত সাগৰ জাহাজেৰে পাৰ হৈ ভাৰতলে আহিব পাৰিবনে? গতিকে তোমালোকে সেইবিলাক 'ফকটিয়া' কথাত মন নিদিবা।
আজিৰ পৰা প্ৰায় দুহাজাৰ বছৰ আগতেই ভাষ্কোদামুঁয়ে আজিকালি হৈ থকা বহু ঘটনাৰ হুবহু ভৱিষ্যতবাণী কৰি গৈছে- যেনে অমুক গাজাৰীয়ে ডেটিঙ মাৰিবলে যাওতে খৰছা বচাবলে ব্ৰেড আৰু বিচলেৰী বটল লৈ যাব, চেতিয়া দা ভাৰতলে অহাৰ দিনা চুলিত কি ৰং লগাই আহিব ইত্যাদি। জনশ্ৰুতি আছে, যে ভাষ্কোদামুঁয়ে গধূলি সাত মান বজাৰ লগে লগে এবিধ দিব্যবস্তু পান কৰি নিজকে এক ভাৱাতীত বা ট্ৰেন্সেনডেণ্টেল অৱস্থালৈ লৈ গৈছিল আৰু তাহানিৰ ৰংপুৰ চহৰৰ গড়খাৱৈ একোটাত পেটটো ওপৰলে কৰি শুই লৈ অনৰ্গল ভৱিষ্যতবাণী কৰি গৈছিল। তাৰ প্ৰায় সকলোবোৰ ভৱিষ্যতবাণীয়েই আজি সঁচা হৈছে।
ভাষ্কুদামুৰ ভৱিষ্যতবাণী মতে ২০২০ চন মে' মাহৰ ১৫ তাৰিখে গাজাৰীত প্ৰলয় নামিব, আৰু গাজাৰীৰ জুকবোৰ ৩০ ফুট পানীৰ তলত ডুব যাব। সেই সময়ত গাজাৰীক ৰক্ষা কৰিবলৈ ভাষ্কোডামুয়ে নিজে অৱতাৰ লব আৰু সেই প্ৰলয়ৰ পানীবোৰ সেই দিব্যবস্তুবিধৰ লগত মিহলাই খাই পেলাব।

মইনাহঁত,
তোমালোকে এই বিখ্যাত গাজাৰীজনৰ কথা শুনি ভাল পালা নিশ্চয়, আজিলৈ এৰো। কাইলৈ মই তোমালোকক গাজাৰীৰ এগৰাকী বীৰাংগনাৰ কথা ক'ম।
মৰমেৰে
তোমালোকৰ
হৃত্বিক ৰৌছন খুড়া।

আশাকৰোঁ তোমালোক ফিটিং হৈ আছা 


(~Abhijit Kalita)

No comments:

Post a Comment

Liked it? Please share with your friends.